নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত বনৰীয়া হাতীৰ উপদ্ৰৱ : কথমপি প্ৰাণৰক্ষা কেইবাটাও পৰিয়ালৰ

বিশেষ বাৰ্তা, ৩ নৱেম্বৰঃ মৰিয়নিত অধিক তীব্ৰতৰ হৈছে হাতী আৰু মানুহৰ সংঘাত। ইয়াৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে। যোৱানিশা মৰিয়নিৰ পুখুৰীয়া অঞ্চলত হাতীৰ বৃহৎ জাকটো সোমাই এফালৰ পৰা সকলো মহটিয়াই নিয়ে। মাজ নিশা গাঁওখনত প্ৰৱেশ কৰি হাতীৰ জাকটোৱে ধ্বংসলীলা চলাই দহটাকৈ ঘৰৰ ক্ষতি কৰে। ইয়াৰে দুটামান ঘৰ সম্পূৰ্ণৰূপে ধ্বংস কৰে। গাওঁখনৰ চুচেন গগৈৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলায়। আনকি ঘৰ ভাঙি ঘৰৰ ভিতৰতো প্ৰৱেশ কৰে হাতী। ঘৰটো ধ্বংস কৰাৰ লগতে সা-সামগ্ৰীসকলোৰে ক্ষতিসাধন কৰে। ঘৰটোত থকা তিনিজনীয়া পৰিয়ালৰ লোকসকল কোনোমতে প্ৰাণলৈ পলাবলৈ সক্ষম হয়। কেইমুহুৰ্তমানৰ বাবে হাতীৰ আক্ৰমণৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে পৰিয়ালটো। হাতী জাকে চুচেন গগৈৰ বাৰীত সোমাই সকলো নষ্ট কৰে। বাৰীৰ কেইবাজোপাও নাৰিকল গছ, কল গছ, তামোল গছ আদি ভাঙি থৈ যায় হাতী পালে। ঘৰৰ আগফালে থকা ভঁ‌ৰাল ঘৰটোও ভাঙে হাতীয়ে। আনহাতে, দেবেশ্বৰ গগৈৰ ঘৰৰ ক্ষতিসাধন কৰাৰ লগতে ভৰাঁ‌ল ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলায়। ইয়াৰোপৰি গাঁওখনৰ লীলাকান্ত গগৈ, ৰমেশ চেতিয়া, ৰঞ্জন গগৈ চেমছন গগৈ, আইছেনা ফুকন আদিৰ ঘৰৰো বিস্তৰ ক্ষতিসাধন কৰে। ইফালে, গাঁওখনৰ অন্তৰ্গত এৰাবাৰীৰ জিতেন চাওৰাৰ ঘৰটো সম্পূৰ্ণ ধ্বংস কৰে। সৌভাগ্যক্ৰমে সেই সময়ত ঘৰৰ লোকসকল ঘৰত নাছিল। হাতীৰ জাকটোৱে কৃষ্ণা তেলেঙ্গা আৰু দেবানন্দ চাওৰাৰ ঘৰৰো ব্যাপক ক্ষতি কৰে। দেবানন্দ চাওৰাৰ ঘৰৰ বেৰা ভাঙি পেলোৱাত শুই থকা পৰিয়ালৰ লোকসকল কোনোমতেহে পলাই সাৰিবলৈ সক্ষম হয়। মাজনিশাৰ পৰা পুৱতি নিশালৈকে গাওঁখনত উপদ্ৰৱ চলাই হাতীৰ জাকটো আজি নিচেই পুৱা হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ যায়গৈ। ইফালে স্থানীয় ৰাইজে দিয়া অভিযোগ মতে, হাতীৰ জাকটো এইফালে অহা নাছিল। কিন্তু ‘হাতীৰ ডিউটীত’ থকা বন বিভাগৰ লোকে আগভেঁ‌টি ধৰি হাতীজাকক উভতাই পঠাই যাৰ ফলশ্ৰুতিত হাতীৰ জাকটোৰ এই ধ্বংসলীলা চলায়। তাৰোপৰি নিশা হাতীৰ ডিউটীত থকা বনকৰ্মীৰ দলৰ বাহনক ৰখাই স্থানীয় ৰাইজে হাতীয়ে ঘৰ ভাঙি থকাৰ বিষয়ে অৱগত কৰাৰ পিছতো বনকৰ্মীৰ দলটোৱে গুৰুত্ব নিদি আঁ‌তৰি যোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আজি পুৱা মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতাৰ নেতৃত্বত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয়। ঘটনাৰ বুজ ল’বলৈ যোৱা বন বিষয়াৰ দলটো ক্ষুব্ধ ৰাইজৰ ৰোষত পৰিবলগীয়াও হয়। বনৰীয়া হাতীয়ে ধ্বংস কৰাৰ পিছত ক্ষোভিত হৈ থকা লোকে বন বিষয়াৰ দলটোক বিভিন্ন প্ৰশ্নৰে ককৰ্থনা কৰে। অৱশ্যে পিছত বন বিষয়াৰ দলটোৱে ক্ষোভিত ৰাইজক বুজনি দিয়াৰ লগতে শীঘ্ৰেই পাবলগীয়া ক্ষতিপূৰণ আদায়ৰ আশ্বাসো প্ৰদান কৰাত উত্তেজিত ৰাইজ ক্ষান্ত হয়। উল্লেখযোগ্য যে, মৰিয়নিত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে। প্ৰায় প্ৰতিদিনেই হাতীৰ জাকটোৱে বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে ধন জনৰো হানি কৰি আহিছে। অসম চৰকাৰৰ বিয়াগোম বন বিভাগটোৱে এই ক্ষেত্ৰত অদ্যাপি কোনো কাৰ্য্যব্যৱস্থাই গ্ৰহণ কৰিব পৰা নাই। যোৱা ১০ অক্টোবৰত খৰিকটীয়া অঞ্চলত তীব্ৰ বেগী ৰে’লৰ খুন্দাত তিনিটাকৈ হাতীৰ মৃত্যু হোৱাৰ পিছত হাতীৰ জাকটো অধিক আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে। হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ এই হাতীৰ জাকটোৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ লগতে সা-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ বন বিভাগৰ প্ৰতি ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজে আহ্বান জনাইছে। কংগ্ৰেছ নেতা লোহিত কোঁ‌ৱৰেও আজি ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like