নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰেং চাপৰিত অত্যাধুনিক ইক’ কেম্প উদ্বোধন মন্ত্ৰী ৰণোজ পেগুৰ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ বগীবিল দলঙৰ সমীপৰ কাৰেং চাপৰিত আজি এখন অত্যাধুনিক ইক’ কেম্প উদ্বোধন কৰা হয়। ইক’ কেম্প উদ্বোধন কৰি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, সাম্প্ৰতিক সময়ত হোটেল ব্যৱসায় এটা লাভজনক ব্যৱসায় হিচাপে চিহ্নিত হৈছে। শিক্ষিত নিৱনুৱা যুৱকসকলে চৰকাৰী চাকৰিৰ প্ৰতি মনোনিবেশ নকৰি ব্যৱসায়িক দিশত চিন্তা-চৰ্চা কৰা উচিত আৰু নিজৰ জীৱন-জীৱিকা উন্নত কৰিবলৈ দক্ষতা বিকাশত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি ভাষণ আগবঢ়ায়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চাঙেঙ্গীয়া, জোনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকে অনুষ্ঠানত। উদীয়মান যুৱ ব্যৱসায়ী তিলক দলে,অৰবিন্দ ৰেগন,ৰিদিপ ৰেগন, লিখন কুম্বাঙে যৌথভাৱে প্ৰতিষ্ঠা কৰা ইক’ কেম্পটোত সুস্বাদু খাদ্য উপলব্ধ হ’ব।

প্ৰেৰক কৰবী দলে

You might also like