নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজলিল নগাঁৱৰ ৰিতুস্মিন-ধ্ৰুৱজ্যোতি

বিশেষ বাৰ্তা, ১৭ জানুৱাৰী : আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত নগাঁও জিলাৰ বঢ়মপুৰৰ দুগৰাকী ছাত্ৰই সোণৰ পদক অৰ্জন কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । “জাপান কাৰাটে ডু চুডুকন-ভাৰত”ৰ দ্বাৰা যোৱা ৭ আৰু ৮ জানুৱাৰীত নতুন দিল্লীৰ টালকাতৰা ইনড’ৰ ষ্টেডিয়ামত আয়োজিত “ছাউথ এছিয়া কাৰাটে চেম্পিয়নশ্বিপ-২০২৪ত” নগাঁও জিলাৰ বঢ়মপুৰৰ বৰটোপ অঞ্চলৰ ৰিতুস্মিন গৌতম আৰু মাজপোটনি অঞ্চলৰ ধ্ৰুৱজ্যোতি শইকীয়াই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰে টুটুমণি শৰ্মা আৰু বনশ্ৰী দেৱীৰ জ্যেষ্ঠ পুত্ৰ ৰিতুস্মিন গৌতমে ১৪ বছৰৰ উৰ্ধৰ শাখাত আৰু ইফালে বিপুল শইকীয়া আৰু চিমি বৰা শইকীয়াৰ একমাত্ৰ কণমানি পুত্ৰ ধ্ৰুৱজ্যোতি শইকীয়াই ৬ বছৰৰ অনুৰ্ধ শাখাত এই বিজয়ী পদক লাভ কৰিছে। দুয়োগৰাকী ছাত্ৰই বঢ়মপুৰস্থিত জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ অষ্টম আৰু প্ৰথম শ্ৰেণীত অধ্যয়নৰত। দুয়োগৰাকী ছাত্ৰৰ এই সফলতাৰ খবৰ পাই আজি বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে তেওঁলোকক বিদ্যালয়ৰ ফালৰ পৰা উষ্ম আদৰণি জনোৱা হয়। জানিব পৰা মতে, দুয়োগৰাকী ছাত্ৰই আৰ্থিক অনাটনৰ মাজতো এনেদৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনাৰ বাবে স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰাৰ লগতে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক আৰ্থিকভাৱে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। উল্লেখ্য যে দুয়োগৰাকী ছাত্ৰই অ’ছলোৰ নৰৱে’ত অহা ২৫ জুনৰ পৰা ৩১ জুনলৈ অনুষ্ঠিত হ’বলগীয়া “টাইকিয়ান চেল্ফ ডিফেন্স ট্রেনিং কেম্প”ত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে বুলিও জানিব পৰা গৈছে।

প্ৰেৰক কনক হাজৰিকা

You might also like