নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাহমৰাত ট্ৰেক্টৰচালকৰ ৰূপত মন্ত্ৰী যোগেন মহন

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ চহা খেতিয়কৰ সীমাহীন ব্যস্ততাৰ দিন শাওণ মাহ সমাগত। এনে প্ৰেক্ষাপটত মাহমৰা বিধানসভা সমষ্টিৰ এহেজাৰ পৰিয়ালৰ প্ৰতি ঘৰৰে ৩ বিঘাকৈ মাটিত হাল বোৱা কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে। মন্ত্ৰীগৰাকীক আজি দেখিবলৈ পোৱা গ’ল ট্ৰেক্টৰচালকৰ ৰূপত। তেওঁ পুৱাৰে পৰা আজি ট্ৰেক্টৰেৰে পথাৰত মাটি চহায়। সমাগত খেতিৰ বতৰত খেতিয়কসকলক কিছু সকাহ দিয়াৰ লগতে পথাৰৰ মাটি যাতে এনেই পৰি নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী মহনে আজি ট্ৰেক্টৰ চলাই মাটি চহোৱা পৰ্বৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখযোগ্য যে দেউৰী অটনমাছ কাউঞ্চিলৰ অধীনৰ মুঠ ২২টা সমষ্টিৰ ৭নং ৰজাবাৰী সমষ্টিৰ মৰাণ, মাহমৰা আৰু থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কোৰোকানি দেউৰী গাঁৱত মুঠ ১০০০ পৰিয়ালক ৩ বিঘাকৈ খেতি মাটিত বিনামূলীয়াকৈ ট্ৰেক্টৰযোগে হাল বাই দিয়া হব বুলি জানিব পৰা গৈছে। অট’নমাছ কাউঞ্চিলৰ মুখ্য কাৰ্য্যবাহী সদস্য ভৈৰৱ দেউৰীৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে দুখীয়া শ্ৰেণীৰ বহু পৰিয়াল উপকৃত হ’ব বুলি জানিব পৰা গৈছে।

প্ৰেৰক দুষ্যন্ত নাথ

You might also like