নিয়মীয়া বাৰ্তা ১২ জুনঃ মিছামাৰীত বৃহস্পতিবাৰে এটি ১০ মহীয়া কন্যা শিশু কাহ আৰু চর্দি জ্বৰত আক্রান্ত হোৱাত পিতৃ–মাতৃৰ সৈতে ক’ৰোনা আক্রান্ত লোকক কঢ়িওৱা এম্বুলেঞ্চত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভর্তি কৰা বিষয়টোৱে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ নবিল পথাৰ কিষাণ চুবুৰিৰ বাসিন্দা জয়মাছি হান্স তামিলনাডুত শ্রমিক হিচাপে কর্মৰত আছিল৷ জয়মাছি হান্স তাৰ পৰা উভতি আহি তেজপুৰ বিশ্ববিদ্যালয়ত কোৱাৰেণ্টাইন হৈ আছিল৷ তেওঁৰ ক’ৰোনা নিগেটিভ ওলোৱাত বিভাগীয় কর্তৃপক্ষই গাডীৰে আনি ঠেলামৰাত নমাই থৈ যায়৷ মিছামাৰীৰ পৰা প্রায় ২০ কিঃমিঃ নিলগত মঙলবাৰে নিশাৰ ভাগত নমাই থৈ যোৱাৰ পিছত জয়মাছি হান্স খোজ কাঢ়ি আহি নিশা প্রায় আঢ়ৈ বজাত নবিল পথাৰ কিষাণ চুবুৰিৰ ঘৰলৈ আহে আৰু আহাৰ গ্রহণ কৰাৰ পিছত পত্নী আৰু সন্তানৰ সৈতে শুই পৰে৷ পিছদিনা অর্থাৎ কালি দিনৰ ভাগত সকলো ঠিকেই আছিল, কিন্তু নিশাৰ ভাগত তেওঁলোকৰ ১০ মহীয়া কন্যা শিশুটি কাহ আৰু চর্দি জ্বৰত আক্রান্ত হৈ পৰে৷ আজি দিনৰ ভাগত স্থানীয় গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্যকর্মী গাঁওখনলৈ কর্তব্য কৰিব যাওঁতে পৰিয়াল আৰু গাঁৱৰ ৰাইজে স্বাস্থ্যকর্মীগৰাকীক অৱগত কৰাত স্বাস্থ্যকর্মী গৰাকী আশাকর্মী, অংগনাৱাড়ী কর্মী আদিক লগত লৈ জয়মাছিৰ ঘৰত উপস্থিত হয়৷ তেওঁলোকে গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ চৈকত বিশ্বাসক অৱগত কৰে আৰু ইয়াৰ পিছতে শিশুটিৰ সৈতে পিতৃ–মাতৃক এম্বুলেঞ্চেৰে তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভর্তি কৰায়৷ ইফালে এই খবৰৰ পিছতে গাঁওখনৰ উপৰি সমগ্র অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে শিশুটিৰ উপৰি পৰিয়ালবর্গ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ আশংকাত৷