ক’ভিডমুক্তৰ প্রমাণ পত্র প্রদান কৰি মমতাই বহিঃৰাজ্যলৈ প্রেৰণ কৰিছে শ্রমিকক
নিয়মীয়া বাৰ্তা, ১২জুনঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ৰাজ্যখনত কর্মসংস্থানৰ সুযোগ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই বুলি বিজেপিয়ে অভিযোগ কৰিছে৷ ইয়াৰ বাবে ৰাজ্যখনৰ মুর্ছিদাবাদ জিলাত শ্রমিকসকলক ক’ৰোনা ভাইৰাছমুক্ত প্রমাণ–পত্র প্রদান কৰি বহিঃৰাজ্যৰ কর্মক্ষেত্রলৈ যোৱাৰ ব্যৱস্থা কৰি দিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ বিজেপিৰ অভিযোগ অনুসৰি মুর্ছিদাবাদৰ স্বাস্থ্যকেন্দ্রসমূহত্ হাজাৰ হাজাৰ শ্রমিকে শেহতীয়াকৈ ক’ৰোনামুক্ত প্রমাণ–পত্র লাভ কৰিবলৈ ভিৰ কৰিছে৷ এই প্রমাণ–পত্র লাভ কৰাৰ পাছতে তেওঁলোকে বহিঃৰাজ্যৰ কর্মক্ষেত্রত গৈ যোগদান কৰাৰ সুযোগ লাভ কৰিব৷ ইতিমধ্যে ৰাজ্যখনলৈ উভতি অহা এনে ৩ লাখ প্রব্রজিত শ্রমিকৰ ১০ হাজাৰক প্রমাণ–পত্র প্রদান কৰিছে মমতা চৰকাৰে৷ এই ১০ হাজাৰ শ্রমিকে পশ্চিমবংগৰ বাহিৰত নিজ নিজ কর্মক্ষেত্রত গৈ ইতিমধ্যে যোগদান কৰা বুলিও বিজেপিৰ ৰাজ্যিক নেতৃত্বই সংবাদ মাধ্যমক জনাইছে৷ লক্ষণীয়ভাৱে মুর্ছিদাবাদৰ কেইবাগৰাকীও স্বাস্থ্য বিষয়াই ক’ভিডমুক্ত শ্রমিক সকলক প্রমাণ–পত্র প্রদান কৰা বুলি সদৰী কৰিছে৷