নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত জিলিকিল অসমৰ কৃশাংগী

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ:   আমেৰিকাৰ নিউ জার্চিত যোৱানিশা অনুষ্ঠিত কুইন অৱ দ্য ৱর্ল্ড শীর্ষক সৌন্দর্য প্রতিযোগিতাত অসম কন্যা কৃশাংগী গৌৰী ভূঞাই খিতাপ লাভ কৰে৷ ১৩ৰ পৰা ১৮ মার্চলৈ অনুষ্ঠিত এইলানি সৌন্দর্য প্রতিযোগিতাত সমগ্র বিশ্বৰ মুঠ ৩০গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰিছিল৷ ইয়াৰ পূর্বে এই প্রতিযোগিতাৰ বাবে বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা শ্রেষ্ঠ প্রতিযোগী বাছনি কৰি লোৱা হৈছিল৷ প্রতিযোগীসকলে মূল পর্যায়লৈ অহাৰ পূর্বে প্রায় ৬ মাহ প্রশিক্ষণ গ্রহণ কৰিবলগীয়া হৈছিল৷ কৃশাংগীয়ে নিজ সৌন্দর্য, দক্ষতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে বিচাৰক আৰু দর্শকৰ পৰা এই সকলো আদৰ আৰু মনোযোগ আদায় কৰিবলৈ সক্ষম হৈছিল৷

স্মর্তব্য যে আন্তর্জাতিক পর্যায়ত এনেধৰণৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা অসম সন্তান কৃশাংগী বিজ্ঞান আৰু বাণিজ্য বিশ্লেষক বিভাগত স্নাতকোত্তৰ ডিগ্রধাৰী হোৱাৰ উপৰি সম্প্রতি গ্লোবেল ফাওনদৃজ নামৰ সংস্থা এটাৰ ক’পৰেট ষ্ট্রেটেজী শাখাত কর্মৰত৷ কৃশাংগীৰ সৈতে যোৱা ভাৰতীয় দলটোৰ নেতৃত্ব প্রদান কৰিছিল আন এগৰাকী অসমীয়া উর্মিমালা বৰুৱাহ৷ খিতাপ লৈ অত্যন্ত সুখী কৃশাংগীয়ে নিজৰ এহ ফলাফলৰ বাবে নিজ অভিভাৱক মাতৃ, পিতৃ, প্রশিক্ষক আৰু প্রতিটো ক্ষেত্রত উৎসাহ প্রদান কৰি অহা শুভকাংক্ষীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷

You might also like