নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰিষা সমাগতঃ লখিমপুৰত ৬ কোটি টকীয়া সোমদিৰি নৈৰ মথাউৰি নিৰ্মাণত দুৰ্নীতি

  • ঠিকাদাৰী প্ৰতিষ্ঠানে মথাউৰি কাষৰ নদীৰ বক্ষত খান্দিছে বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত :
  • নিৰ্বিকাৰ জলসম্পদ বিভাগ
  • জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী নদীপৰীয়া ৰাইজৰ:
নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: বাৰিষালৈ মাজত মাত্ৰ  দুটামান মাহ। শেহতীয়াকৈ সোমদিৰি মথাউৰি নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰা গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে নৈপৰীয়া ৰাইজে। প্ৰতিটো বাৰিষাতে সংহাৰী ৰূপ ধাৰণ কৰা নদীখনৰ পৰা নৈপৰীয়া ৰাইজক সুৰক্ষা দিয়াৰ লক্ষ্যৰে নিৰ্মান কৰি থকা ৬ কোটি টকীয়া মথাউৰি নিৰ্মাণত ঠিকাদৰী প্ৰতিষ্ঠানে   দুর্নীতি, আসোঁৱাহ পূর্ণভাৱে  নিৰ্মান  কৰাৰ তথ্য পোহৰলৈ আহিছে। লখিমপুৰ জল সম্পদ সংমণ্ডলৰ অন্তৰ্গত সোমদিৰি নদীৰ মথাউৰি নিৰ্মাণ তথা ওখ আৰু সবলীকৰণৰ নামত এনে অনিয়ম সংগঠিত হৈ আহিছে। প্রাপ্ত তথ্য অনুসৰি বিগত ২০২২ বৰ্ষতে গুৱাহাটীৰ এচ এ এণ্টাৰ প্ৰাইজ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে সোমদিৰি নদীৰ বাওঁপাৰ আৰু সোঁপাৰে এচ অ’ পি ডি আঁচনিৰ অধীনত প্ৰায় ৬ কোটি টকাৰ কামৰ নিবিদা লাভ কৰে। সেই মৰ্মে প্ৰতিষ্ঠানটোৱে প্রথম অৱস্থাত ১৮০ দিনৰ ভিতৰত ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো ওখ আৰু সবলীকৰণৰ কাম সম্পূৰ্ণ কৰিব লাগিছিল যদিও অদ্যাপি মথাউৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে। ২০২২ বৰ্ষৰ মাৰ্চ মাহতে কাম আৰম্ভ কৰা প্ৰতিষ্ঠানটোৱে এতিয়া নীতি বর্হিভূত ভাৱে সোমদিৰি নদীৰ বক্ষৰ পৰা বালি মাটি সংগ্ৰহ কৰি মথাউৰি নিৰ্মাণ কৰাৰ লগতে অতি বিপদজনক ভাৱে নতুনকৈ নিৰ্মান কৰি থকা  মথাউৰিৰ গাতে নদীৰ বক্ষত পুখুৰী সদৃশ গাত খান্দি সেই মাটিৰে মথাউৰি নিৰ্মাণ কৰি আছে যদিও জলসম্পদ বিভাগে এই ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা পালন কৰি আহিছে। লক্ষণীয় কথা যে সোমদিৰিৰ বাওঁপাৰৰ মথাউৰি ওখ আৰু সবলীকৰণ” আঁচনিৰ অধীনত কাম কৰিছে যদিও মথাউৰিৰ কাষত এতিয়া শুকান বন লগোৱা দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে। বিভাগীয় বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি আৰমান আলিৰ নেতৃত্বাধীন প্রতিষ্ঠানটোৱে এতিয়া উক্ত মথাউৰি নিৰ্মাণৰ নামত প্রায় ৬০ শতাংশ ধন লাভ কৰিছে। একেদৰে ৫১৫০ মিটাৰৰ পৰা ৬০০০ মিটাৰলৈ তথা ভীমপৰা মথাউৰিলৈ ৮৫০ মিটাৰ অংশ নিৰ্মাণ কৰি আহিছে যদিও বাৰিষাৰ পূৰ্বে যে উক্ত আঁচনিত থকা কালভাৰ্টটো নিৰ্মাণ কৰি শেষ কৰিব  নে তাকো লৈ নৈপৰীয়া ৰাইজে সন্দেহ ব্যক্ত কৰিছে। প্ৰতিষ্ঠানটোৱে সোমদিৰি মথাউৰিৰ জিৰা পইণ্টৰ পৰা ৫১৫০ মিটাৰলৈ আৰু ৫১৫০ মিটাৰৰ পৰা ৬০০০ মিটাৰলৈ মথাউৰি নিৰ্মাণ কৰিছে যদিও বাৰিষাৰ পূৰ্বে যে কাম সম্পূৰ্ণ কৰি তুলিব তাক লৈ ৰাইজৰ সন্দেহ ওপজিছে। যদি বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণ কাৰ্য সম্পূর্ণ নহয় তেনেহ’লে বিগত বৰ্ষসমূহৰ দৰে  নৈপৰীয়া বহু গাঁৱৰ সহস্ৰাধিক   লোক  এইবাৰো সংহাৰী বানৰ কৱলত  পৰা সম্ভাৱনা স্পষ্ট হৈ পৰিছে। ইফালে মথাউৰিটোৰ দুয়োপাৰে বন লগোৱাৰ নামত লাখ লাখ টকা ব্যয় কৰা হৈছে যদিও উক্ত মথাউৰিত মৃত তথা শুকান বন লগোৱা কাৰ্যই ৰাইজৰ মাজত ব্যাপত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত মথাউৰি নিৰ্মাণ দায়িত্ব থকা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্ত  নৈপৰীয়া ৰাইজে দাবী জনাইছে।
You might also like