নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈত বায়খো উৎসৱত “মিছ ৰাছংছিনি দৰায়” প্ৰতিযোগিতা 

নিয়মীয়া বাৰ্তা,  ৫ জুনঃ ৰাভা জনগোষ্ঠীৰ জাতীয় উৎসৱ “বায়খো”ক লৈ উখল-মাখল পৰিৱেশ সমগ্ৰ ৰাভা হাছং এলেকা । সাধাৰণতে জেঠ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হয় কৃষিভিত্তিক বায়খো উৎসৱ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দুধনৈ ৰাজহুৱা খেলপথাৰতো উদযাপিত হৈছে বায়খো পূজা তথা বায়খো উৎসৱ । দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বায়খো উৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত হাতীগাঁৱৰ শ্ৰীশ্ৰী মা বায়খো পূজা সমিতিৰ দ্বাৰা যথাবিহিত নীতি-নিয়মেৰে বায়খো পূজা আৰম্ভ কৰা হয় । ইয়াৰ পাছতে ৰাভা জাতীয় সাজপাৰ আৰু আ-অলংকাৰ পৰিধানেৰে সৌন্দৰ্য প্ৰতিযোগিতা “মিছ ৰাছংছিনি দৰায়” অনুষ্ঠিত হয় । প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ অৰ্জন কৰে দুধনৈ উদয়পুৰৰ মনালিছা ৰাভাই, প্ৰথম ৰানাৰ্ছ আপ খিতাপ অৰ্জন কৰে দামৰাৰ জংকি ৰাজবংশীয়ে আৰু দ্বিতীয় ৰানাৰ্ছ আপ খিতাপ অৰ্জন কৰে ধূপধৰাৰ হিমাশ্ৰী ৰাভাই ।প্ৰতিযোগিতাত মুঠ ৪৫গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । আজি আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি ছাথাৰ নৃত্য প্ৰতিযোগিতা ।

প্ৰেৰক বেনজিন বড়ো

You might also like