নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰেলালৈ গৈ ৯ মাহে সন্ধানহীন মৈৰাবাৰীৰ যুৱক

নিয়মীয়া বাৰ্তা ২ জানুৱাৰী : মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লোচনাৱৰী গাঁৱৰ পৰা এজন ২৪ বছৰীয়া যুৱক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জিয়াবোৰ ৰহমান নামৰ যুৱক জন ৯ মাহ পূৰ্বে কেৰেলালৈ কৰ্মসংস্থাপনৰ উদ্দেশ্যে ওলাই গৈছিল। যাত্ৰা কৰা সময়ত ট্ৰেইনেত থকাৰ সময়ত দুদিন মাতৃৰ লগত ঠিকেই যোগাযোগ কৰিছিল কিন্তু দুদিন পিছতে যুৱক জনৰ মোবাইল ফোন অফ হয় আৰু আজি পৰ্যন্ত যুৱক জনৰ লগত মাতৃয়ে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই। অতিকৈ দৰিদ্ৰ অসহায় মাতৃৰ চোৱা চিতা কৰা যুৱক জিয়াবোৰ ৰহমান হৈছে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। প্ৰথম অৱস্থাত যুৱক জন ঘৰলৈ উভতি আহিব বুলি আশাৰে বাট চাই থকাৰ পিছত আজি বৃদ্ধ মাতৃগৰাকীয়ে কাষ চাপে মৈৰাবাৰী আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰো। যদি কোনো সদাহয় ব্যক্তিয়ে যুৱক জনৰ সন্ধান লাভ কৰে তেন্তে মৈৰাবাৰী আৰক্ষী থানা বা 8822788458 নম্বৰত যোগাযোগ কৰিবলৈ অসহায় মাতৃয়ে অনুৰোধ জনাইছে।

প্ৰেৰক তাৰিকুল ইছলাম 

You might also like