নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰত আবদ্ধ সকলো ফাইলৰ হ’ব নিষ্পত্তি

প্রশাসনিক সংস্কাৰৰ আন এক যুগান্তকাৰী পদক্ষেপ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ ফাইলৰ ৰঙা ফিতাৰ মেৰপেঁচৰ পৰা অচিৰেই মুক্ত হ’ব সর্বসাধাৰণ ৰাইজ৷ বছৰ বছৰ ধৰি বিভিন্ন অজুহাতত নিষ্পত্তি নোহোৱা ফাইলৰ কাম সম্পূর্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে প্রশাসনিক সংস্কাৰৰ আন এক যুগান্তকাৰী পদক্ষেপ৷ ৰাজহ বিভাগৰ ভূমি সম্পর্কীয় কাম–কাজৰ জটিলতা দূৰ কৰাৰ বাবে শেহতীয়াকৈ আৰম্ভ কৰা ‘মিছন বসুন্ধৰা’ৰ পাছত এইবাৰ প্রশাসনিক হৃদপিণ্ড জনতা ভৱনৰ ফাইলৰ বোজা হ্রাস কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব ‘প্রজেক্ট সদ্ভাৱনা’৷ মুখ্যতঃ নিষ্পত্তি নোহোৱাকৈ পৰি থকা প্রতিটো ফাইলৰ কাম সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে এই ‘প্রজেক্ট সদ্ভাৱনা’ত৷

শুকুৰবাৰে খানাপাৰাস্থিত প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ‘প্রজেক্ট সদ্ভাৱনা’ৰ শুভাৰম্ভৰ কথা ঘোষণা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয়– ৰাজ্যৰ বাবে ই এক ব্যতিক্রমী প্রয়াস৷ ইয়াৰ জৰিয়তে অহা ছমাহৰ ভিতৰত জনতা ভৱনত নিষ্পত্তি নোহোৱাকৈ পৰি থকা সকলো ফাইলৰ কাম সম্পূর্ণ কৰা হ’ব৷ এই আঁচনিৰ জৰিয়তে ২০২১ চনৰ ১০ মে’ৰ পূর্বৰ সকলো ফাইলৰ নিষ্পত্তি কৰা হ’ব৷ এই কাম সম্পূর্ণ কৰাৰ বাবে লক্ষ্য বান্ধি লোৱা হৈছে ২০২২ চনৰ ১০ মে’৷ কার্যতঃ ১০ নৱেম্বৰৰ পৰাই এই আঁচনি কার্যকৰী কৰাৰ বাবে নামি পৰিব ৰাজ্য প্রশাসনৰ সকলো বিষয়া–কর্মচাৰী৷ এই লক্ষ্যৰে মুকলি কৰা হ’ব ‘আৰ টি পি এছ’ আৰু ‘পি এফ চি’ নামৰ দুটাকৈ প’র্টেল৷ উক্ত প’র্টেলৰ জৰিয়তে যিসকল লোকৰ ফাইল নিষ্পত্তি নোহোৱাকৈ পৰি ৰৈছে, তেওঁলোকে ফাইল নম্বৰ দি বিষয়টো অৱগত কৰিব পাৰিব৷ সেয়াই নহয়, জনতা ভৱনৰ বাহিৰত এজন লোক নিয়োজিত হ’ব, যিজন লোকৰ হাতত নিষ্পত্তি নোহোৱা ফাইলৰ নম্বৰ তুলি দিব পৰা যাব৷

তেওঁ পুনৰ কয়– এতিয়াৰে পৰা ফাইলৰ কাম লৈ সচিবালয়লৈ অহাৰ প্রয়োজন নাই৷ পূর্বে একোটা ফাইল নিষ্পত্তিকৰণৰ নামত সাধাৰণ লোকৰ যথেষ্ট হাৰাশাস্তি হৈছিল৷ দুখীয়া লোকে প্রশাসনৰ ওপৰত এনে হাৰাশাস্তিৰ বাবে বিশ্বাস হেৰুৱাই পেলাইছে৷ বিশ্বাস ওভতাই অনাৰ বাবে আমি এই ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছোঁ৷

উল্লেখ্য যে বছৰ বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ বহু ফাইল জনতা ভৱনত পৰি ৰৈছে৷ বিশেষকৈ শিক্ষা, লোকনির্মাণ, পেন্সন, জলসিঞ্চন, সমাজ কল্যাণ আদি বিভাগত প্রতিবছৰে নিষ্পত্তি নোহোৱাকৈ পৰি ৰোৱা ফাইলে এতিয়া পাহাৰসদৃশ দ’মৰ সৃষ্টি কৰিছে৷ ফাইলৰ এনে পাহাৰসদৃশ দ’মৰ প্রসংগত আজি মুখ্যমন্ত্রী ড০ শর্মাই এক উদাহৰণ দাঙি ধৰি জানিবলৈ দিয়ে যে ২০০৩ চনতে মইনা পাৰিজাতক ৰাজ্য চৰকাৰে এটুকুৰা ভূমি আবণ্টন দিছিল৷ গুৱাহাটীত আবণ্টন দিয়া এই ভূমিৰ বাবে জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা প্রয়োজনীয় নথি জনতা ভৱনলৈ প্রেৰণ কৰা হ’ল যদিও উক্ত ফাইল চলিত বর্ষতহে নিষ্পত্তি কৰা হ’ল৷ কার্যতঃ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে কিদৰে ফাইল নিষ্পত্তিকৰণৰ ক্ষেত্রত সৃষ্টি হৈছে জটিলতা৷ তেওঁ কয়– প্রতিটো ফাইল নিষ্পত্তি কৰাৰ বাবে দুজনকৈ ন’ডেল বিষয়াক দায়িত্ব অর্পণ কৰা হ’ব৷ সেয়াই নহয়, প্রতিজন মন্ত্রী, আই এ এছ বিষয়া, এ চি এছ বিষয়া, উচ্চবর্গৰ সহায়ক, নিম্নবর্গৰ সহায়ক সকলোৱে অতিৰিক্তভাৱে কাম কৰিব লাগিব৷ অহা ছমাহৰ ভিতৰত এই ফাইলৰ কামসমূহ নিষ্পত্তি কৰাৰ পাছত সমগ্র সচিবালয় ই–ফিচলৈ ৰূপান্তৰিত কৰা হ’ব৷ এই ফাইলৰ কাম নিষ্পত্তি কৰাৰ বাবে অহা ১০ দিনত সচিবালয়ৰ প্রতিজন কর্মচাৰী, বিষয়াৰ সৈতে পৃথকে পৃথকে আলোচনা কৰা হ’ব৷ কার্যতঃ ১০ নৱেম্বৰৰ পৰাই এই কামত অগ্রসৰ হ’ব বিষয়া–কর্মচাৰীসক৷

মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো জানিবলৈ দিয়ে যে জনতা ভৱনত সর্বাধিক ফাইল আছে শিক্ষা বিভাগৰ৷ প্রাদেশিকীকৰণৰ বিভিন্ন সমস্যা সন্দর্ভত বিভাগটোৰ যথেষ্ট ফাইল নিষ্পত্তি নোহোৱাকৈ পৰি আছে৷ একেদৰে লোকনির্মাণ বিভাগ আৰু পেন্সন সংক্রান্তীয় বহু ফাইলো নিষ্পত্তি নোহোৱাকৈ পৰি ৰৈছে জনতা ভৱনত৷ তথ্য অনুসৰি ফাইলৰ কাম লৈ জনতা ভৱনলৈ ২৭ শতাংশ লোক আহে শিক্ষা বিভাগলৈ, ১৯ শতাংশ লোক আহে লোকনির্মাণ বিভাগলৈ, ৮ শতাংশ লোক আহে পেন্সনৰ কাম লৈ, ৫ শতাংশ জলসিঞ্চন বিভাগলৈ আৰু ৪ শতাংশ সমাজ কল্যাণ বিভাগৰ ফাইলৰ কাম লৈ আহে৷

লক্ষণীয়ভাৱে ফাইলৰ কাম লৈ জনতা ভৱনলৈ অহা ২৯ শতাংশ লোকেই হ’ল চৰকাৰী চাকৰিয়াল, ২৪ শতাংশ ঠিকাদাৰ, ১২ শতাংশ শিক্ষক আৰু ৭ শতাংশ সাধাৰণ লোক৷ মুখ্যমন্ত্রীগৰাকীয়ে কয়– জনতা ভৱনত দ’ম বান্ধি থকা হাজাৰ হাজাৰ ফাইলৰ মাজত সাধাৰণ লোকৰ সুখ–দুখৰ বেদনা পুঞ্জীভূত হৈ আছে৷ বছৰে বছৰে এই সংখ্যা বৃদ্ধি হৈ আছে৷ কোনো লোকে মন্ত্রী অথবা বিষয়াক লগ ধৰি নিজৰ কাম নিষ্পত্তি কৰিছে যদিও বহু লোকে এই ফাইলৰ কাম নিষ্পত্তি কৰিবলৈ সক্ষম হোৱা নাই৷ আনকি নতুনকৈ সচিবালয়ত নিযুক্তি পোৱা বিষয়া–কর্মচাৰীয়ে ফাইল নিষ্পত্তিকৰণৰ কামত হাত দিলেও বহু জটিল প্রক্রিয়াৰ মাজত সোমাই পৰে আৰু পিছলৈ তেওঁ এই কাম কৰিবলৈ ভয় কৰা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সদ্ভাৱনা আঁচনিৰ জৰিয়তে জনতা ভৱনৰ ফাইলৰ কামেই নহয়, ৰাজহ চক্র বিষয়া আৰু উপায়ুক্তৰ কার্যালয়ৰ ফাইল নিষ্পত্তি কৰাৰ বাবে হেল্প ডেস্ক আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে৷ জিলা উপায়ুক্ত অথবা ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ পৰা দিছপুৰলৈ অহা ফাইল নিষ্পত্তিকৰণৰ বাবে এই হেল্প ডেস্কৰ জৰিয়তেও সাধাৰণ ৰাইজে আবেদন কৰিব পাৰিব৷

You might also like