ৰঙিয়াত বানৰ কবলত বহু ঠাই, জলমগ্ন পথ, ব্যাহত যাতায়াত, বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক ভৱেশ কলিতাৰ
নিয়মীয়া বাৰ্তা, ১৬ মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো বানে বিস্তৰ ক্ষতিসাধন কৰিছে । বৰলীয়া নৈৰ বাঢ়নী পানীয়ে দলেগাঁও , চেনিমাৰা , বিহাপাৰা , ৰঙিয়াৰ পৰা চেনীমাৰা-বিহাপাৰা হৈ কাউৰবাহালৈ যোৱা পথটোৰ ওপৰৰে পানী বাগৰি যোৱাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে । পথটোৰ কেবা ঠাইৰৰে পানী বাগৰি যোৱাত বহু পৰিয়াল বানত আক্ৰান্ত হয় । আনকি অঞ্চলটোৰ শতাধিক ঘৰ পানীত বুৰ যোৱাত পৰিয়ালৰ লোকসকল ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগাত পৰিছে । হাজাৰ হাজাৰ বিঘা কৃষিভূমি নষ্ট হোৱাৰ লগতে লগতে শ শ পুখুৰীৰ মাছ পানীত ওলাই যোৱাত মীন পালক সকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । ইফালে আজি স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয় । লগতে বন্যাৰ্তই যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহকুমা প্ৰশাসনক সহায়-সহযোগিতা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।
প্ৰেৰক ফাৰুক হুছেইন