নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশিক্ষণৰ পিছত সংঘৰ কাৰ্যকৰ্তাসকলে আত্মবিশ্লেষণ কৰিব লাগেঃ হোজাইত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ শিক্ষাৰ সামৰণি

নিয়মীয়া বার্তা, ১৫ মেঃ হোজাই গীতাশ্ৰম প্ৰাংগণত কালি বিয়লিৰ বিগত ২৫ এপ্ৰিলৰ পৰা উত্তৰ অসম প্ৰান্তৰ প্ৰথম বৰ্ষৰ সংঘ শিক্ষা বৰ্গৰ বিশ দিনীয়া প্ৰশিক্ষণ শিবিবৰ সামৰণি পৰে। আজি সমাৰূপ অনুষ্ঠানৰ আৰম্ভণিতে স্বাগত প্ৰণাম, ধ্বজা উত্তোলন আৰু প্ৰাৰ্থনা কৰাৰ পিচত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা আত্মৰক্ষাৰ বাবে শাৰীৰিক প্ৰদৰ্শন প্ৰদৰ্শনী কৰে ।এই সামৰণি কাৰ্যক্ৰমত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম উচ্চ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা আৰু লগতে মুখ্য বক্তা ৰূপে উপস্থিত থাকে সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত সংঘ চালক উমেশ চন্দ্ৰ চক্ৰৱৰ্তী।আজিৰ এই সমাৰূপ অনুষ্ঠানত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ লগতে বিজেপিৰ জিলা সভাপতি চন্দন দেৱৰ উপৰি বিজেপি দলৰ নেতা কৰ্মীৰ ও ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা সংঘৰ কাৰ্যকতা সকল উপস্থিত থাকে । সামৰণী সভাত সংঘৰ অসম প্ৰান্তৰ ক্ষেত্ৰ সঞ্চালক ডঃ উমেশ চন্দ্ৰ চক্ৰৱৰ্তী উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে,ভাৰতৰ হিন্দু সকল বৰ্তমান অসুৰক্ষিত, এফালে খৃষ্টান আনফালে ইছলামৰ আগ্ৰাসন এই সময়ত ভাৰতৰ হিন্দু সকল এক হোৱাৰ প্ৰয়োজন। ভাৰতবৰ্ষৰ ইঞ্চিহাসে কয় যে অকলে কোনো বিদেশী শক্তিয়ে ভাৰতক পৰাস্ত কৰিব নোৱাৰিলে হেতেন যদিহে তোষামোদকাৰি বিশ্বাসঘটক হিন্দুৱে সহযোগ নকৰিলে হেতেন । তেওঁ প্ৰশিক্ষাৰ্থী সকলক দেশ আৰু জাতিৰ হিতে সময় দিবলৈ আহ্বান জনায় । এই শিক্ষা বৰ্গত মুঠ 220 গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় নাগালেণ্ডৰ পৰাও শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । সামৰণী অনুষ্ঠানত মুখ্য অতিথি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই কয় যে সংঘৰ প্ৰাথমিক কাজ হৈছে সময়ানুৱৰ্তীতা কাৰণ আজি যি সময় নিৰ্ধাৰণ কৰা হৈছিল ঠিক সেই সময়তেই মোক বক্তব্য প্ৰদান কৰাৰ বাবে মাতি দিয়াই হৈছে সংঘৰ বৈশিষ্ট্য ।নিজকে এজন সাধাৰণ বক্তা হিচাপে পৰিচয় দিবলৈ ভাল পাওঁ কাৰণ সংঘৰ এজন কাৰ্যকৰ্তায় নিজকে এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে পৰিচয় দিবলৈ ভাল পাওঁ। প্ৰশিক্ষণৰ পিচত সংঘৰ কাৰ্যকৰ্তা সকলে আত্মবিশ্লেষণ কৰিব লাগে বুলি মন্তব্য কৰে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like