নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল খবৰ! ২০১৯ চনৰ পৰা চিৰাঙত নাই ডেংগু ৰোগীঃ বিজনীত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৬ মে’:  চিৰাং জিলা স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত আৰু জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিভাগৰ সহযোগত আজি সমগ্ৰ দেশৰ লগতে চিৰাং জিলাতো ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয়৷ বিজনী চহৰৰ বিজনী শংকৰদেৱ শিশু উদ্যানৰ সভা কক্ষত আয়োজিত সজাগতা অনুষ্ঠানত সভাপতিত্ব কৰে বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীয়ে ৷ সভাত ভাৰপ্ৰাপ্ত জিলা মেলেৰীয়া বিষয়া ৰবীন বড়োৱে ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ তাৎপৰ্য দাঙি ধৰাৰ লগতে চিৰাং জিলাত জিলা মেলেৰীয়া বিভাগৰ পৰা জিলাখনত কৰি অহা সজাগতা দিশত লোৱা ব্যৱস্থাসমূহৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ সভাত বিজনীৰ ভেটাগাঁও সামূহিক চিকিৎসালয়ৰ মহকুমা জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ ৰবিৰাম ওৱাৰী, জিলা চাৰ্ভেইলেন্স বিষয়া ডাঃ দ্বীজেন ৰামচিয়াৰী, বল্লামগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া চিত্তৰঞ্জন হালদাৰে ডেংগু হব পৰা বিষয়ত সজাগতা লোৱাৰ বাবে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব তাৰ ওপৰত বিশদভাৱে আলোচনা আগবঢ়ায় ৷ অনুষ্ঠানত জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ পৰামৰ্শদাতা (ডক্টৰেট) ডঃ  গায়ত্ৰী শৰ্মা বৰুৱা, আশা কৰ্মী, মেলেৰীয়া বিভাগৰ কৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ কৰ্মী সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷ ভাৰপ্ৰাপ্ত জিলা মেলেৰীয়া বিষয়া ৰবীন বড়োৱে চিৰাং জিলাত  বিগত ২০১৯ চনৰ পৰা চিৰাং জিলাত ডেংগু ৰোগৰ ৰোগী পোৱানাই বুলি উল্লেখ কৰে ৷ লগতে বিগত বৰ্ষত কুৰি গৰাকী মেলেৰীয়া ৰোগী চিনাক্ত হৈছিল যদিও এই বছৰ কোনো লোক চিনাক্ত হোৱানাই ৷ তেওঁ জনোৱা মতে, অহা পহিলা জুলাইৰ পৰা ৩১ জুলাইলৈ জিলাখনত ডেংগু সজাগতা মাহজোৰা কাৰ্যসূচী লোৱা হৈছে ৷ একেদৰে পহিলা জুনৰ পৰা ত্ৰিশ জুনলৈ মেলেৰিয়া ৰোগৰ সজাগতা অনাৰ লক্ষ্যৰে জিলাখনত সজাগতা প্ৰচাৰ চলোৱা হ’ব বুলি জানিবলৈ দিয়ে ৷ বিজনী চহৰাঞ্চলৰ বাবে ইতিমধ্যে আঠ গৰাকী আশা কৰ্মী ডেংগু নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে ৷

প্ৰেৰক বৰ্ণালী তালুকদাৰ 

You might also like