আলগাপুৰৰ এআইইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে মন্ত্রী পীয়ূষ হাজৰিকাক ‘মেইন মানুহ’ বুলি কৈ শ্ব’কজৰ সন্মুখীন
- সাত দিনৰ ভিতৰত দিব লাগিব উত্তৰ
নিয়মীয়া বাৰ্তা, ৮ মে’: জলসম্পদ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাক ‘আপুনিতো আমাৰ মেইন মানুহ’ বুলি কৈ দলীয় শ্ব’কজৰ সন্মুখীন হ’ল এ আই ইউ ডি এফৰ আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰী৷ এ আই ইউ ডি এফ দলৰ তৰফৰ পৰা বিধায়কজনলৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰি সাত দিনৰ ভিতৰত উত্তৰ দাখিলৰ নির্দেশ দিয়া হৈছে৷ উল্লেখ্য যে কেইদিনমান পূর্বে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা বৰাক উপত্যকালৈ গৈছিল৷ সেই সময়ত মন্ত্রী হাজৰিকাই আলগাপুৰ সমষ্টিলৈও যায় আৰু বিধায়ক চৌধুৰীৰ উপস্থিতিতে চৰকাৰে এ আই ইউ ডি এফৰ সমষ্টিতো কাম কৰিছে বুলি কয়৷ বিধায়ক চৌধুৰীৰ লগত হোৱা বার্তালাপৰ সময়তে বিধায়কজনে ‘আপুনিতো আমাৰ মেইন মানুহ’ বুলি কয়৷ ইয়াকে কেন্দ্র কৰি দলৰ তৰফৰ পৰা বিধায়ক চৌধুৰীলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হৈছে৷
ইপিনে, এই সম্পর্কত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি বিধায়ক চৌধুৰীয়ে কয় যে তেওঁ কাৰণ দর্শোৱা জাননীৰ উত্তৰ দিব৷ মন্ত্রী এজনে এ আই ইউ ডি এফৰ সমষ্টিত কাম কৰিছোঁ বুলি কোৱাৰ পিছত তেওঁ মন্ত্রীজনক কেনেকৈ বেয়াকৈ ক’ব পাৰে বুলি প্রশ্ন কৰি কয় যে স্ফূর্তিতে তেওঁ মন্ত্রী হাজৰিকাক তেওঁৰ ‘মেইন মানুহ’ বুলি কৈছে৷ মন্ত্রী পীয়ূষ হাজৰিকা যে কেতিয়াও এ আই ইউ ডি এফৰ মানুহ হ’ব নোৱাৰে, সেয়া সকলোৱে জানে৷ তেওঁ যি কথা কৈছিল, সেয়া স্ফূর্তিতে কোৱা কথাহে৷ কিন্তু, সেই কথাটোকে লৈ কংগ্রেছে ৰাজনীতি আৰম্ভ কৰি দিয়ে৷ প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই তেওঁ সন্দর্ভত কৰা বিভিন্ন অভিযোগৰ উত্তৰ দি কয় যে কমলাক্ষ দে’ পুৰকায়স্থই দিনত কংগ্রেছ কৰে আৰু ৰাতি ৰাতি বিজেপি কৰে৷ এতিয়ালৈ কংগ্রেছৰ পৰা বহু মানুহ বিজেপিলৈ গৈছে৷ অহা নির্বাচনৰ পিছত আৰু কংগ্রেছৰ মানুহ বিজেপিলৈ যাব৷ কিন্তু এ আই ইউ ডি এফৰ পৰা কোনো বিজেপিলৈ যোৱা নাই৷ তেওঁ সদায় এ আই ইউ ডি এফ দলতে থাকিব বুলি মন্তব্য কৰে৷