নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লম্পটৰ গৃহত উত্তেজিত জনতাৰ লংকাকাণ্ড

মঙলদৈত পৰকীয়া প্রেম ৰক্ষার্থে পত্নীক হত্যাঃ শ শ লোকে ভাঙিলে পাষণ্ডৰ গৃহৰ আচবাব

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ এটি সন্তানৰ মাতৃৰে থকা অবৈধ সম্পর্কৰ বাবেই আজি দৰঙৰ তামুলীপাৰা বৰসত্র গাঁৱৰ এজনী নৱপৰিণীতাক পূর্বপৰিকল্পিতভাৱে হত্যা কৰিলে স্বামীয়ে৷ মাত্র দুমাহ পূর্বে প্রেমাভিনয় কৰি মঙলদৈ ডাঁহী নগাঁৱৰ পৰা স্নাতক প্রথম ষাণ্মাসিকত অধ্যয়নৰত যুৱতীক পলুৱাই আনি সংসাৰ পাতিব বিচৰা গৌতম বৈশ্য নামৰ পাষণ্ডটোৱে দিনৰ ভাগত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱাটো ওলাই পৰে৷ এই লৈ ৫ শতাধিক লোকে স্বামী গৌতম বৈশ্যৰ ঘৰ–দুৱাৰ ধবংস কৰাৰ লগতে ভাগি চূৰমাৰ কৰে গৌতমৰ মটৰচাইকেল, বিচনা, আচবাবসহ অধিকাংশ বিলাসী সামগ্রী৷ শেহতীয়াভাৱে উত্তেজিত ৰাইজে ঘৰ–দুৱাৰ জ্বলাই দিবলৈ চেষ্টা কৰি আৰক্ষীৰ বাধা পোৱাত পৰিয়ালৰ খেৰৰ পুঁজি এটা জ্বলাই দিয়ে৷ বিশাল আৰক্ষী বাহিনীসহ অগ্ণিনির্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও এইপর্যন্ত তীব্র প্রতিক্রিয়া অব্যাহত আছে৷ লক্ষণীয় যে বৰসত্র গাঁৱৰ অৱসৰী ফার্মাচিষ্ট ক্ষিতেশ্বৰ বৈশ্যৰ জ্যেষ্ঠ পুত্র তথা এক্সেভেটৰ চালক গৌতম বৈশ্যই মঙলদৈ থানাৰ অন্তর্গত ডাঁহী নগাঁৱৰ মহেন্দ্র ডেকা আৰু সৰলা ডেকাৰ কন্যা প্রায় ১৮ বছৰীয়া তৃষ্ণামণি ডেকাক মাত্র ২ মাহ পূর্বে প্রেমৰ চলনাৰে পলুৱাই আনে৷ ঘৰৰ পৰিয়ালে ১৮ বছৰ নৌহওঁতেই এনেদৰে পলুৱাই অনাক লৈ বিৰোধিতা কৰি গাঁওবুঢ়াৰ ওচৰ চাপে যদিও স্নাতক প্রথম ষাণ্মাসিকত অধ্যয়নৰত মেধাৱী ছাত্রীজনীয়ে নিজৰ বদনামৰ দোহাই দি ক্ষিতেশ্বৰৰ ঘৰতে থাকিবলৈ লয়৷

কিন্তু দেহৰ পৰা মাহ–হালধিৰ গোন্ধ নৌযাওঁতেই পাষণ্ড গৌতমৰ স্বৰূপ ওলাই পৰে৷ ওচৰৰে এজনী খুৰীয়েকৰ লগত বিগত ২–৩ বছৰ ধৰি অবৈধ সম্পর্ক ৰক্ষা কৰি অহাৰ বিষয়ে জানিব পাৰে৷ আনকি গৌতমৰে থকা সম্পর্কৰ বাবেই নিজ ঘৰ এৰি মহিলাগৰাকী কোম্পানীত চাকৰি কৰাৰ ছলেৰে গুৱাহাটীৰ আমিনগাঁৱত ঘৰ ভাৰা কৰি অবৈধ সম্পর্ক চলাই যায়৷ তৃষ্ণা হৈ পৰে অবৈধ সম্পর্কত এক প্রাচীৰ৷ যাৰবাবে পোনতে তৃষ্ণাৰ দুখীয়া পৰিয়ালক ধনদাবীৰে মাৰপিট কৰে আৰু পাছলৈ হত্যাৰ পৰিকল্পনা কৰে৷ তৃষ্ণাই সমগ্র বিষয়ে জানিব পাৰি ২১ দিনমান আগতে বৰসত্র গাঁৱৰ পৰা ৩ কিঃমিঃ দূৰৈৰ নগাঁৱৰ মাতৃগৃহত গৈ উপস্থিত হৈ সমগ্র বিষয় বিৱৰি কয়৷ মহেন্দ্র ডেকা আৰু সৰলাই তৃষ্ণা পুনৰ বৰসত্র গাঁৱলৈ নপঠিওৱাৰো সিদ্ধান্ত লয় আৰু পুনৰ কলেজত পঢ়া–শুনা কৰিবলৈ পৰামর্শ দিয়ে৷ কিন্তু গৌতমে শপত খাই বিষয়টো সাময়িক সকাহ দি লৈ আহে৷ সেই সময়তে মাতৃগৃহত সমস্ত বিষয় প্রকাশ কৰি হত্যাৰ আশংকাত এখন পত্র লিখি বৰসত্র গাঁৱৰ ক্ষিতেশ্বৰৰ ঘৰলৈ উভতি আহে৷ আৰু আজি তৃষ্ণাৰ আশংকামতেই হত্যা কৰি উত্তৰ দিশৰ শোৱনি কোঠাৰ এখন খিৰিকীত ওলমাই থয়৷ বিষয়টো ডেৰমান বজাত পোহৰলৈ আহে আৰু ডাঁহী নগাঁও, ধৌৱাপাৰা, তামুলীপাৰা, বৰসত্র, বৰঙাবাৰী আদি ৬–৭খন গাঁৱৰ পৰা পুৰুষ–মহিলা, আবাল–বৃদ্ধ পর্যন্ত ওলাই আহে৷ বিশাল ৰাইজ দেখি ক্ষিতেই, গৌতম দুয়ো পোনতে পলায়ন কৰে৷ পাছলৈ মাতৃ দীপালীও বস্তিত কিবা অনাৰ ছলেৰে পলায়ন কৰি কোনো স্থানত আশ্রয় লয়৷ ৰাইজে আঁঠুকাঢ়ি খিৰিকীলৈ মুখ কৰি থকা অৱস্থাত তৃষ্ণাক প্রত্যক্ষ কৰি উত্তেজিত হয় আৰু গৌতমৰ পালছাৰ বাইকৰ পৰা তেল উলিয়াই ঘৰ–দুৱাৰ জ্বলাই দিবলৈ চেষ্টা কৰে৷ সেই সময়তে আৰক্ষীৰ দুখন বাহনত ১৪গৰাকী পুলিচ উপস্থিত হয় আৰু পাছলৈ বিশাল অর্ধসামৰিক বাহিনীৰ দল এটাও উপস্থিত হয়৷ এনে পহৰাৰ মাজতো খেৰৰ পুঁজি এটা জ্বলাই দি মৃতদেহ ঘৰৰ চোতালতে দাহ কৰাৰ পণ লয়৷ কিন্তু আৰক্ষীৰ বুজনি আৰু স্থানীয় একাংশ ৰাইজে মৰণোত্তৰ পৰীক্ষা অবিহনে অপৰাধীয়ে শাস্তি নাপাব বুলি কৈহে শৱ মঙলদৈলৈ নিবলৈ সক্ষম হয়৷ পৰিস্থিতি এইপর্যন্ত স্বাভাৱিক হোৱা নাই আৰু নিশালৈও অঘটনৰ আশংকা ঘনীভূত হৈছে৷ গুৰুত্বপূর্ণ এয়ে যে চৰকাৰী গাঁওবুঢ়াসহ ৭জনৰ নাম তৃষ্ণাই হত্যাৰ ষডযন্ত্রত লিপ্ত থকাৰ অভিযোগ দি গৈছে গোপন পত্রত৷

You might also like