নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষৰ শেষৰটো দেওবাৰে দীপৰ বিল–হাতীশিলা–তপোবনত শ শ বনভোজ দলৰ ভিৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ বছৰটোৰ শেষৰটো দেওবাৰে মহানগৰীৰ বনভোজস্থলীসমূহত্ দেখা গ’ল উখল–মাখল পৰিৱেশ৷ বনভোজস্থলীসমূহত্ সহস্রাধিক সৰু–বৰ গাড়ীৰে হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয়৷ দীপৰ বিল, হাতীশিলা, চন্দ্রপুৰৰ তপোবন, মধুবন, আবেলিঘাট, পানীখাইতী, ঠাকুৰকুছি, পাণবাৰী, শিঙিমাৰী, ডিগাৰুকে ধৰি বিভিন্ন স্থানত নৈৰ পাৰত হাজাৰ হাজাৰ লোকে বনভোজ খাই পুৰণিক বিদায় দি নতুন বছৰক আদৰাৰ প্রস্তুতি চলায়৷

হাতীশিলাত তিনিশতাধিক বনভোজৰ দলে ভিৰ কৰাৰ বিপৰীতে চন্দ্রপুৰৰ তপোবনত ৬ শতাধিক বনভোজৰ দলে ভিৰ কৰে৷ ব্রহ্মপুত্রৰ পাৰৰ নৈসর্গিক সৌন্দর্য উপভোগ কৰি বর্ষটোৰ অন্তিমটো দেওবাৰে আনন্দ–উল্লাসৰ মাজেৰে পৰিয়াল–বন্ধুবর্গৰ্ সৈতে বনভোজ খায়৷ পুৱাৰে পৰা চন্দ্রপুৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ বোন্দাৰ পৰা চন্দ্রপুৰলৈকে শ শ গাড়ীৰ লানি নিছিগা সোঁত বয়৷ নাৰেংগী–চন্দ্রপুৰ সংযোগী পথটোত বনভোজ খাবলৈ অহা শ শ গাড়ীৰ ভিৰত ব্যাপক যান–জঁটৰ সৃষ্টি হয়৷

অৱশ্যে স্থানীয় আৰক্ষীয়ে যান–জঁট নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ এক কথাত বছৰটোৰ শেষৰটো দেওবাৰে গুৱাহাটী মহানগৰীৰ বনভোজস্থলীসমূহত্ বিৰ দি বাট নোপোৱা এক পৰিৱেশৰ সৃষ্টি হয়৷

You might also like