ঘৰতে ফেৰীৰ টিকট সংগ্ৰহ কৰিব পাৰিব ৰাইজে, মুকলি হ’ব ম’বাইল এপঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা
নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ নিমাতী ঘাট পৰিদৰ্শন কৰি মাজুলী আৰু যোৰহাটৰ মাজৰ ৰো-পেক্স সেৱা সন্দৰ্ভত বিতং পৰ্যালোচনা কৰে।
এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে জল পৰিবহণ ব্যৱস্থাৰ সুচলকৰণৰ বাবে ঘোষণা কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ হ’ল—
• অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত ইতিমধ্যে যোৰহাট আৰু মাজুলীৰ মাজত দুখন ৰো-পেক্স ভেছেলৰ সেৱা কাৰ্যকৰী হৈ উঠিছে।
• পুংখানুপুংখ পৰিদৰ্শনৰ পাছত বিভাগটোৱে দুখন স্থানীয় নাও চলাচলৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিছে। সামুদ্ৰিক ইঞ্জিন থকা দুখন স্থানীয় নাও আজিৰ পৰা চলাবলৈ অনুমতি দিয়া হ’ব। নাও দুখনৰ চালক তথা কৰ্মচাৰীয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া যাত্ৰী সুৰক্ষা নিয়ম অনুসৰণ কৰিব লাগিব ।
• অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন জাহাজৰ উপৰি শীঘ্ৰেই মাজুলীত দুখন ভেছেল, এম ভি ৰাজলক্ষ্মী আৰু এম ভি দিগাৰু উপস্থিত হ’ব ৷
• ইতিমধ্যে ভাৰত চৰকাৰক আৰু দুখন ৰো-পেক্স ভেছেল অসমলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ এখন ভেছেল যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰিব।
• একক ইঞ্জিন থকাৰ বাবে চলাচল স্থগিত ৰখা ৮খন স্থানীয় নাৱৰ ইঞ্জিন ৰাজ্য চৰকাৰৰ ব্যয়ত সামুদ্ৰিক ইঞ্জিনলৈ ৰূপান্তৰ কৰা হ’ব।
• যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰো-পেক্স ভেছেল আৰু নাৱৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে আৰু সেই অনুসৰি সেই ভেছেল আৰু নাওসমূহ দিনত তিনিবাৰ চলাচল কৰিব।
• যাত্ৰীসকলে ঘৰৰ পৰাই টিকট বুক কৰিব পৰাকৈ এটা এপ মুকলি কৰা হ’ব।
• তদুপৰি ডিব্ৰুগড় হৈ যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰিব পৰাকৈ দুখন নৈশ বাছৰ ব্যৱস্থা কৰা হ’ব।