বিশেষ বাৰ্তা, ১ আগষ্টঃ মহানগৰীত অব্যাহত মোবাইল চোৰৰ আতংক। এই সন্দৰ্ভত দৈনিক ৰুজু হৈছে গোচৰ। অলপতে DIG (L&O) বিবেক ৰাজ সিঙৰ মোবাইল চুৰিকাণ্ডৰ পিছতো যেন শিক্ষা নললে মহানগৰ আৰক্ষীয়ে। এইবাৰ মোবাইল চোৰৰ টাৰ্গেটত মহিলা-যুৱতী। হাতীগাঁৱৰ নট ব’মাৰ পৰা যুৱতীৰ কোঠাৰ খিৰিকী খুলি মোবাইল চুৰি কৰিলে চোৰে। আন এক অনুৰূপ ঘটনা পোহৰলৈ আহে। সেই অনুসৰি গণেশগুৰিৰ বাছ ষ্টপেজৰ পৰা যুৱতীৰ বেগৰ চেইন খুলি মোবাইল কৰিলে চুৰি। অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন এচি বাছত সংঘটিত হয় এই চুৰিকাণ্ড। ভুক্তভোগী দুয়োগৰাকী যুৱতীয়ে এজাহাৰ দাখিল কৰিছে থানাত। কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই দুয়োটা মোবাইল হেণ্ডছেট।