নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘড়ীৰ নামতো ক’লা বেহা : মহানগৰীত ক্ৰাইম বাঞ্চৰ অভিযান

বিশেষ বাৰ্তা, ১ আগষ্টঃ পুনৰ ক্ৰাইম বাঞ্চৰ অভিযান চলিছে। মহানগৰীত ব্ৰেণ্ডেড ঘড়ীৰ বৃহৎ কলা বজাৰ সন্দৰ্ভত এই অভিযান ক্ৰাইম বাঞ্চৰ। আন্তৰ্জাতিক ঘড়ীৰ ব্ৰেণ্ড টাইটানৰ নামত ক’লা বেহা চলাৰ অভিযোগ। ফাষ্টট্ৰেক, চ’নাটাৰো বৃহৎ কলা বজাৰ চলিছে মহানগৰীৰ পাণবজাৰ অঞ্চলত। এই সন্দৰ্ভত অধিবক্তা গৌৰৱ তিৱাৰীৰ এজাহাৰৰ ভিত্তিত এই অভিযান চলিছে ক্ৰাইম ব্ৰাঞ্চৰ। এছ এছ ৰোডত থকা বৰ্ধন টাইম আৰু লখটকীয়াৰ টিপ টপ গালীৰ চৌধুৰী ৱাচ ঘড়ীৰ বিপণীত এই অভিযান চলায় দলটোৱে। অভিযানৰ পিছত গ্ৰেপ্তাৰ চৌধুৰী ৱাচৰ স্বত্বাধিকাৰী কিশোৰ চৌধুৰী ৰঞ্জিত পল ,ৰঞ্জিত সূত্ৰধৰ, প্ৰীতম ,সুজিত দাস, ৰূপক বৈদ্য। অৱশ্যে অভিযানৰ সময়ত বৰ্ধন টাইমৰ স্বত্বাধিকাৰী বিপ্লৱ বৰ্ধনক বিচাৰি পোৱা নাছিল আৰক্ষীয়ে। কিন্তু স্বত্বাধিকাৰীক বিচাৰি অভিযান চলি আছে ক্ৰাইম বাঞ্চৰ। বৰ্ধন টাইমছৰ পৰা ১২৮৭টা ডুপ্লিকেট ঘড়ী জব্দ কৰিছে ক্ৰাইম বাঞ্চে। চৌধুৰী ঘড়ীৰ পৰা ২০৪৩টা ডুপ্লিকেট ঘড়ী জব্দ কৰিছে।

You might also like