নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ মছনদত তৃতীয়বাৰলৈ মোদী

🔹 ৰাষ্ট্ৰীয় সংবাদ সংস্থা–প্রতিষ্ঠানৰ এগজিট প’ল

🔹 তামিলনাডু–কেৰালা–অন্ধ্রপ্রদেশ-তেলেংগানাত উজ্জীৱিত এনডিএ

বিশেষ বাৰ্তা, ১ জুন : ঘোষণা হ’ল বহু প্রতীক্ষিত লোকসভা নির্বাচনৰ এগজিট প’ল৷ দেশৰ ইতিহাসত দ্বিতীয় সর্বাধিক দীঘলীয়া লোকসভা নির্বাচনৰ আজি অন্তিম পর্যায়ৰ ভোটগ্রহণৰ কিছু সময় পাছতেই ৰাষ্ট্রীয় সংবাদ মাধ্যম আৰু প্রতিষ্ঠানসমূহে চলোৱা প্রাক-নির্বাচনী ফলাফলৰ সমীক্ষা প্রকাশ কৰে৷ প’ল অৱ এগজিট প’ল মতে বিজেপি নেতৃত্বাধীন এনডিএই দিল্লীত তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হ’ব৷ দিল্লীত হেটট্ৰিক এনডিএৰ৷ দিল্লী পুনৰ মোদীৰেই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ মুৰব্বীৰ আসনত অধিষ্ঠিত হ’ব৷ যোৱা ১৯ এপ্রিলৰ পৰা ৭টা পর্যায়ত অনুষ্ঠিত লোকসভা নির্বাচনৰ আজি অন্তিম পর্যায়ৰ ভোটগ্রহণৰ সামৰণি পৰাৰ পাছত দেশৰ বহুকেইটা সংবাদ মাধ্যম আৰু প্রতিষ্ঠানে এগজিট প’ল প্ৰকাশ কৰে৷ ৫৪৩খন আসনৰ ভিতৰত এগজিট প’ল তথা প’ল অৱ প’লছ অনুসৰি বিজেপি নেতৃত্বাধীন এনডিএই ৩৫০তকৈ অধিক আসন লাভ কৰিব৷ একাংশ সংবাদ মাধ্যমৰ মতে, বিজেপি নেতৃত্বাধীন এনডিএৰ লক্ষ্য ৪০০ অতিক্রম কৰাৰ সম্ভাৱনাও আছে৷ বিজেপিয়ে ৪০০ পাৰ লক্ষ্যত উপনীত হ’বলৈ দুই-এখন আসন কম থাকিলেও এগজিট প’ল অনুসৰি ৪০০ অতিক্রম কৰাটোকো নুই কৰিব নোৱাৰি৷ বিজেপিয়ে তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখল কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্য ইণ্ডি জোঁটে এইবাৰো শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ব৷ এগজিট প’ল অনুসৰি ইণ্ডি জোঁটে ১১৮ৰ পৰা ২০১খনৰ ভিতৰত আসন লাভ কৰিব৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ৪০০ আসন অতিক্রমৰ লক্ষ্যৰে নির্বাচনী প্রচাৰ চলোৱা বিজেপি নেতৃত্বাধীন এনডিএই এইবাৰ নির্বাচনী ফলাফলৰ পূর্বানুমান অনুসৰি তামিলনাডু, কেৰালাত প্রদর্শন উজ্জীৱিত কৰিবলৈ সক্ষম হৈছে৷ একাংশ সংবাদ সংস্থা–প্রতিষ্ঠানৰ মতে, তামিলনাডু আৰু কেৰালাত বিজেপিয়ে এখনতকৈ অধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ চর্চা অনুসৰি বিজেপিয়ে দক্ষিণৰ ৰাজ্যত ভাল ফল দেখুৱাব নোৱাৰে বুলি ধাৰণা কৰা হৈছিল যদিও এগজিট প’ল অনুসৰি বিজেপি নেতৃত্বাধীন এনডিএই আশানুৰূপ ফলাফলৰ সম্ভাৱনা উজ্জীৱিত কৰি তুলিছে৷ ওড়িশা, অন্ধ্রপ্রদেশ, তেলেংগানা আদি ৰাজ্যত বিজেপি আৰু তেওঁলোকৰ সন্মিলিত দলসমূহে অভাৱনীয় সফলতা লাভ কৰাৰ পূর্বানুমান কৰা হৈছে৷ অন্ধ্রপ্রদেশত বিজেপি নেতৃত্বাধীন এনডিএই অভাৱনীয় সফলতা লাভ কৰাৰ বিপৰীতে ওড়িশাতো অনুৰূপ স্থিতি প্রকট হৈছে৷ তেলেংগানা, ঝাৰখণ্ড, ছত্তিশগড়, হিমাচল প্রদেশ, উত্তৰাখণ্ড আদি ৰাজ্যত বিজেপি শক্তিশালী স্থিতিত আছে৷ ইপিনে, মধ্যপ্রদেশ, কর্ণাটক, ৰাজস্থান আদি ৰাজ্যত এনডিএই প্রত্যাহ্বানৰ সন্মুখীন হৈছে ইণ্ডি জোঁটৰ সৈতে৷ প্রধানমন্ত্রীৰ গৃহৰাজ্য গুজৰাটত ক্লীন ছুইপ কৰাৰ বিপৰীতে উত্তৰ প্রদেশতো বিজেপিয়ে ভাল ফল দেখুৱাব৷ এগজিট প’ল অনুসৰি দেশৰ ৰাজধানী দিল্লীত বিজেপিয়ে এখন আসন হেৰুৱাই ৬খন আসনত জয়লাভ কৰাৰো পূর্ণ সম্ভাৱনা আছে৷ পঞ্জাবত বিজেপিৰ স্থিতি কিছু দুর্বল বুলি এগজিট প’লত প্রকাশ পাইছে৷ আনহাতে, পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্রেছক তীব্র প্রত্যাহ্বান জনাই বিজেপিয়ে এইবাৰ পূর্বতকৈ অধিক আসন লাভ কৰাৰ সম্ভাৱনা এগজিট প’লত প্রকাশ পাইছে৷ পূর্বানুমান অনুসৰি পশ্চিমবংগৰ ৪২খন আসনৰ ভিতৰত মমতা বেনার্জীক প্রত্যাহ্বান জনাই বিজেপিয়ে ২২খনতকৈ অধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ গোৱাৰ দুখন আসন বিজেপিয়ে লাভ কৰিব বুলি পূর্বানুমান কৰা হৈছে৷ লক্ষণীয় যে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা মহাৰাষ্ট্র আৰু বিহাৰতো বিজেপিৰ স্থিতি শক্তিশালী হৈ আছে৷ দুয়োখন ৰাজ্যতেই বিজেপিয়ে বিগত লোকসভা নির্বাচনৰ দৰেই নিজৰ স্থিতি বাহাল ৰাখিব৷ জম্মু–কাশ্মীৰত বিজেপি নেতৃত্বাধীন এনডিএই আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি পূর্বানুমান কৰা হৈছে৷ ইপিনে, উত্তৰ-পূর্বাঞ্চলতো বিজেপি নেতৃত্বাধীন এনডিএৰ স্থিতি অতি শক্তিশালী৷ অসমত এনডিএ ১২খন, কংগ্রেছ ১খন, অন্যান্যই ১খন লাভ কৰাৰ বিপৰীতে উত্তৰ–পূবৰ ২৫খন আসনৰ এনডিএই পাব ১৬–২১খন৷ এগজিট প’লৰ তথ্য অনুসৰি দৈনিক ভাস্কৰে এনডিএক ২৮১–৩৫০, ইণ্ডি জোঁটক ১৪৫–২০১ আৰু অন্যানক ৩৩–৪৯ খন আসন দিছে৷ ইণ্ডিয়া নিউজ–ডি ডায়নেমিক্স অনুসৰি এনডিএই ৩৭১, ইণ্ডি জোঁটে ১২৫ আৰু অন্যানই ৪৭, জন কী বাতৰ মতে এনডিএই ৩৬২–৩৯২, ইণ্ডি জোঁটে ১৪১–১৬১, নিউজ নেচন অনুসৰি এনডিএই ৩৪২–৩৭৮, ইণ্ডি জোঁট ১৫৩–১৬৯, ৰিপাব্লিক ভাৰত মেট্রিজৰ মতে এনডিএই ৩৫৩–৩৬৮, ইণ্ডি জোঁটে ১১৮–১৩৩ আৰু অন্যানই ৪৩–৪৮খন আসন পাব৷ তেনেদৰে ৰিপাব্লিক টিভি– পি মার্কৰ এগজিট প’ল অনুসৰি এনডিএই ৩৫৯, ইণ্ডি জোঁটে ১৫৪ আৰু অন্যানই ৩০খন আসন লাভ কৰিব৷

You might also like