নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয়বাৰলৈ প্রধানমন্ত্রী হোৱাৰ যোগ মোদীৰ

🔹 কালপুৰুষৰ ভৱিষ্যদ্বাণী : কেন্দ্রত পুনৰ শাসনলৈ এনডিএ চৰকাৰ

বিশেষ বাৰ্তা, ৫ মার্চ : আগন্তুক লোকসভা নির্বাচনত বিৰোধী জোঁটে যিমানেই চেষ্টা নকৰক কিয় তৃতীয়বাৰৰ বাবে ভাৰতবর্ষৰ প্রধানমন্ত্রীৰ আসনত উপৱিষ্ট হ’ব নৰেন্দ্র মোদী৷– এই ভৱিষ্যদ্বাণী অসমৰ প্রসিদ্ধ পঞ্জিকা কালপুৰুষ পূর্ণাংগ পঞ্জিকাৰ৷ গুৱাহাটী প্রেছ ক্লাবত কালি পঞ্জিকাখনৰ ৪১ সংখ্যাটো মুকলি অনুষ্ঠানত পঞ্জিকাখনৰ সম্পাদক ভৱেশ কুমাৰ শর্মা বৰুৱাই কয় যে শাসকীয় বিজেপি মিত্রজোঁটে এইবাৰ কেন্দ্রত পৰৱর্তী চৰকাৰ গঠনৰ সম্ভাৱনা অধিক দেখা গৈছে৷ চলিত বর্ষৰ ১৮ জানুৱাৰীৰ পৰা অহা ১৮ আগষ্টলৈকে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ যথেষ্ট শুভ সময়৷ ইয়াৰ প্রভাৱত তেওঁৰ নেতৃত্বতে পুনৰ চৰকাৰ গঠন হ’ব৷ লগ্ণত বৃহস্পতি থকাৰ বাবেই শাসকীয় দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ বিপৰীতে বিৰোধীৰ দিন বেয়া চলি থকাৰ হেতু চেষ্টা যিমানেই নকৰক কিয় কেন্দ্রত চৰকাৰ গঠন কৰিবলৈ এইবাৰ সক্ষম নহয়৷ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ শত্রু ভয় প্রবল হোৱাৰ সম্ভাৱনাৰ কথা প্রকাশ কৰিছে কালপুৰুষে৷ পঞ্জিকাখনৰ সম্পাদক ভৱেশ কুমাৰ শর্মা বৰুৱাৰ মতে ৰাহুল গান্ধীয়ে ঠায়ে ঠায়ে প্রশংসা লাভ কৰিব যদিও ৰবিৰ প্রভাৱত বাধাৰো সন্মুখীন হ’ব৷ একেদৰেই অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰাৰো কর্মস্থানত কেতু বিৰাজমান হোৱা বাবে সকলোতে কর্মনাশৰ যোগ দেখা গৈছে৷ যিফালে হাত দিব ভূপেন বৰাৰ সেইফালেই কর্মনাশ হ’ব৷ ইফালে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰো ভাগ্য গণনা কৰিছে কালপুৰুষ পঞ্জিকাই৷ মুখ্য গণনাকাৰী দীপক শর্মাই সদৰী কৰা মতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সম্প্রতি চাৰিওফালৰ পৰা ভাল যোগ চলি আছে৷ তেওঁ যি কামতেই হাত দিয়ে তাতেই সফল হ’ব পাৰিব৷ মুখ্যমন্ত্রীৰ নেতৃত্বতে শাসকীয় দল বিজেপিয়ে অসমৰ পৰা যথেষ্টসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্রীয়ে যিদৰে কৈছে তেনেদৰেই বিজেপিয়ে আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ বাহিৰেও ভাল যোগৰ বাবে আগন্তুক সময়ত মুখ্যমন্ত্রীয়ে ৰাষ্ট্রীয় পর্যায়ত উজলি উঠাৰ লগতে আন্তঃৰাষ্ট্রীয় পর্যায়তো সন্মানিত হ’ব৷ কর্মস্থানত তুংগী ৰাহুৰ প্রভাৱত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অকল বিৰোধী নেতাকেই নহয় বিৰোধী দলক ধৰাশায়ী কৰিবলৈ সক্ষম হ’ব৷ অহা ২০২৬ চনলৈকে এই প্রভাৱ থকা হেতুকে অসমত হোৱা সকলো নির্বাচনত শাসকীয় দলে সংখ্যাগৰিষ্ঠতাৰে ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ব৷ আনহাতে, অসমত ব’হাগ মাহৰ পৰা আঘোণ মাহ পর্যন্ত প্রবল ধুমুহা–বানে চৌদিশে সমস্যাৰ সৃষ্টি কৰিব৷ একাধিক ভূমিকম্পৰ যোগো আছে যদিও প্রবল ক্ষয়ক্ষতিৰ পৰা কোনোমতে অসম ৰক্ষা পৰিব৷ ৰাষ্ট্রীয় পর্যায়ৰ ক্ষেত্রত অহা ১৭ আগষ্টৰ পাছতেই কেতু, মংগলৰ অশুভ যোগত ভাৰতবর্ষৰ এজন ৰাজনৈতিক ব্যক্তিৰ মৃত্যুৰ যোগ দেখা গৈছে৷ ইপিনে, বিশ্বৰ বর্ষফল সন্দর্ভত আগন্তুক অসমীয়া নৱবর্ষটোত প্রতিভাৱান ব্যক্তিসকলে স্বীকৃতি লাভ কৰাৰ লগতে ব্যৱসায়–বাণিজ্যৰ সম্প্রসাৰণৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশৰ মাজত ভাতৃত্ববোধ বাঢ়িব৷ অৱশ্যে ইয়াৰ মাজতো বিশ্বৰ বিভিন্ন ৰাজ্য–দেশৰ মাজত সীমা সমস্যাই দেখা দিব৷ কিন্তু ইয়াৰ মাজতো ভাৰতবর্ষই বিভিন্ন অৱৰোধক প্রতিহত কৰি সফলতাৰে নিজৰ লক্ষ্যৰ পিনে ধাৱমান হ’বলৈ সক্ষম হ’ব৷ সংবাদ মেলত পঞ্জিকাখনৰ প্রকাশক ৰঞ্জিত শইকীয়াও উপস্থিত থাকে৷

You might also like