নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত বাইডনৰে মোদীৰ দ্বিপাক্ষিক বৈঠক

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ শুকুৰবাৰে সন্ধিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দুয়োখন দেশৰ মাজত হোৱা “ঘনিষ্ঠ আৰু চিৰস্থায়ী” অংশীদাৰিত্বৰ শলাগ লয়। এই বৈঠকত জুন মাহত ৱাশ্বিংটনলৈ মোদীৰ ভ্ৰমণৰ সময়ত লাভ কৰা “অভূতপূৰ্ব সাফল্য” কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ প্ৰশংসাও কৰে। বৈঠকত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা আৰু মহাকাশ গৱেষণালৈকে বহু চুক্তি স্বাক্ষৰিত হয়। এই সময়ত বাইডেনে জি-২০ত ভাৰতৰ নেতৃত্বৰ প্ৰশংসা কৰে। দ্বিপাক্ষিক বৈঠকৰ পিছত জাৰি কৰা এক যৌথ বিবৃতিত কোৱা হৈছে যে দুয়োপক্ষই সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, বাইডেন আৰু মোদীয়েও বিশ্ব বাণিজ্য সংস্থা (WTO)ত দুয়োখন দেশৰ মাজত বাকী থকা বাণিজ্যিক বিবাদ সমাধানৰ বাবেও সন্মতি প্ৰকাশ কৰে। বৈঠকত দুয়োজনে প্ৰতিৰক্ষা সম্পৰ্কও সুদৃঢ় কৰে। জি ই জেট ইঞ্জিন চুক্তিক লৈ আমেৰিকাৰ কংগ্ৰেছে কোনো আপত্তি নকৰিলে আৰু ভাৰতে এম কিউ-৯বি প্ৰিডেটৰ ড্ৰ’নৰ বাবে অনুৰোধ পত্ৰ প্ৰকাশ কৰে। ইয়াৰ উপৰিও বৈঠকত দুয়োজনে ইনিচিয়েটিভ অন ক্ৰিটিকেল এণ্ড ইমাৰ্জিং টেকন’লজিছ (আইচিইটি)ৰ অধীনত বিভিন্ন ক্ষেত্ৰত সহযোগিতা তীব্ৰতৰ কৰি তুলিছিল, বিশেষকৈ টেলিকমিউনিকেচন নেটৱৰ্ক, অৰ্ধপৰিবাহী আৰু মহাকাশ। দুয়োখন দেশেই স্বাস্থ্য আৰু শিক্ষাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰতো নিৰ্দিষ্ট নতুন পদক্ষেপৰ কথা ঘোষণা কৰে। নৰেন্দ্ৰ মোদীয়ে কয়, “অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনৰ বাবে বাইডেনক আদৰণি জনোৱাৰ বাবে তেওঁ আগ্ৰহী।” মোদীৰ এই বক্তব্যই বাইডেন গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ মুখ্য অতিথি হ’ব পাৰে বুলি আলোচনাক শক্তি প্ৰদান কৰিছে। শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসগৃহত দুয়োগৰাকী নেতাৰ মাজত এক ঘন্টা দহ মিনিটৰ বৈঠকৰ অন্তত মোদীয়ে এক্সত লিখিছে- আমাৰ বৈঠকখন অতি অৰ্থপূৰ্ণ আছিল। ভাৰত আৰু আমেৰিকাৰ মাজত অৰ্থনৈতিক আৰু জনসাধাৰণৰ সম্পৰ্কক আগুৱাই নিব পৰা কেইবাটাও বিষয়ৰ ওপৰত আমি আলোচনা কৰিবলৈ সক্ষম হৈছিলো। আমাৰ দেশসমূহৰ মাজত থকা বন্ধুত্বই বিশ্বৰ মংগলৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰি যাব। একে সময়তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “সভাৰ সময়ত মোদীয়ে ভাৰতৰ জি-২০ ৰাষ্ট্ৰপতিত্বৰ প্ৰতি বাইডেনৰ অবিৰত সমৰ্থনৰ লগতে ভাৰত-আমেৰিকাৰ ব্যাপক বিশ্ব কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগী আৰু প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।” বাইডেনৰ সৈতে বৈঠকত বিদেশ সচিব এণ্টনি জে ব্লিংকেন, কোষাগাৰ সচিব জেনেট য়েলেন, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভান, ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জ্যেষ্ঠ বিষয়া কাৰ্ট কেম্পবেল আৰু আইলিন লাউবাচাৰৰ লগতে নৰেন্দ্ৰ মোদীৰ প্ৰতিনিধি দল মন্ত্ৰী এছ জয়শংকৰ, এন এছ এ অজিত ডোভাল, প্ৰধান সচিব পি কে মিশ্ৰ, বৈদেশিক সচিব বিনয় কোৱাট্ৰা আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব দীপক মিট্টল আৰু হীৰেন যোশীক অন্তৰ্ভুক্ত কৰা হয়।

You might also like