🔹 আজি অসমলৈ প্রধানমন্ত্রী মোদী
🔹 ১১,৫৯৯ কোটিৰ আধাৰশিলা–শিলান্যাস কৰিব প্রধানমন্ত্রীয়ে
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ফেব্রুৱাৰী : ৰাজ্যত উন্নয়নৰ যাত্রাক নতুন গতি প্রদানৰ লক্ষ্যৰে আজি দুদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ লোকসভা নির্বাচনৰ প্রাক্ক্ষণত আহিবলগীয়া প্রধানমন্ত্রীগৰাকীক কেন্দ্র কৰি আৰম্ভ হৈছে ব্যাপক উৎকণ্ঠা৷ উল্লেখ্য যে আজি সন্ধিয়া তেওঁ গুৱাহাটীত উপস্থিত হ’ব৷ প্রধানমন্ত্রী মোদীয়ে ৪ ফেব্রুৱাৰী দেওবাৰে এখন বিশাল ৰাজহুৱা সভাত অংশ ল’ব৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ১১.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া এই ৰাজহুৱা সভাতেই প্রধানমন্ত্রীগৰাকীয়ে আধাৰশিলা–শিলান্যাস কৰিব ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্পৰ৷ কালি দিছপুৰত এখন সংবাদ মেল সম্বোধন কৰি প্রধানমন্ত্রীৰ ভ্রমণ কার্যসূচীৰ সবিশেষ দাঙি ধৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য– প্রধানমন্ত্রীগৰাকীৰ এই যাত্রাই অসমত সূচনা কৰিব এটা নতুন যুগৰ৷ ৪ ফেব্রুৱাৰীত প্রধানমন্ত্রী মোদীয়ে মুঠ ১০টা প্রকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰিব৷ এই সন্দর্ভত সবিশেষ দাঙি ধৰি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে যে প্রধানমন্ত্রীয়ে অসমজুৰি চমকপ্রদ আন্তঃগাঁথনিৰ শুভাৰম্ভ কৰিব৷ সমগ্র ৰাজ্যতে মুঠ ৪২টা নতুন পথৰ শুভাৰম্ভৰ লগতে গুৱাহাটীত পূব ভাৰতৰ সর্ববৃহৎ ক্রীড়া প্রকল্পৰো আধাৰশিলা স্থাপন কৰিব৷ কার্যতঃ এই আধাৰশিলা স্থাপনে অসমক উত্তৰ–পূব ভাৰতৰ এক আকর্ষণীয় তথা উন্নত ৰাজ্যৰূপে পৰিগণিত কৰিব৷ সলনি হৈ পৰিব অসমৰ আন্তঃগাঁথনি৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া প্রকল্পসমূহৰ ভিতৰত আছে ৪৯৮ কোটি টকা ব্যয়সাপেক্ষে মা কামাখ্যা দিব্যলোক পৰিযোজনা, ৩৫৮ কোটি টকা ব্যয়সাপেক্ষে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ সংযোগী পথৰ বহলীকৰণ, ৩৪৪৪ কোটি টকাৰে অসমমালা ২.০ৰ অধীনত ৩৮খন দলং নির্মাণৰ লগতে ৪৩টা পথৰ উন্নীতকৰণ, ৮৩১ কোটি টকা ব্যয়সাপেক্ষে নেহৰু ষ্টেডিয়ামক ফিফা মানৰ ফুটবল ষ্টেডিয়ামলৈ উন্নীতকৰণ, ৩০০ কোটি টকা ব্যয়সাপেক্ষে চন্দ্রপুৰ ষ্টেডিয়াম, ৩২৫০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আন্তঃগাঁথনি উন্নয়ন, ৫৮৭ কোটি টকা ব্যয়সাপেক্ষে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু ২৯৭ কোটি টকা ব্যয়সাপেক্ষে ইউনিটী মল৷ আনহাতে, প্রধানমন্ত্রীগৰাকীয়ে দেশবাসীক উছর্গা কৰিবলগীয়া প্রকল্পৰ ভিতৰত আছে ১৪৫১ কোটি টকা ব্যয়সাপেক্ষে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ সংযোগী পথৰ ফ’ৰলেনযুক্তকৰণ আৰু দলবাৰীৰ পৰা জামুগুৰি সংযোগী পথৰ ফ’ৰলেনযুক্তকৰণ৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীৰ এই কার্যসূচী সন্দর্ভত কয় যে প্রধানমন্ত্রীগৰাকীয়ে ৩,৪৪৪ কোটি টকা ব্যয়সাপেক্ষে অসমমালা আঁচনিৰ অধীনত ৪৩টা পথ আৰু ৩৮খন দলং নির্মাণ প্রকল্পৰ আধাৰশিলা স্থাপনেৰে ৰাজ্যখনৰ যোগাযোগৰ ক্ষেত্রত এক বৈপ্লৱিক পৰিৱর্তন আনিব৷ মুখ্যতঃ এই প্রকল্পৰ জৰিয়তে দক্ষিণ এছিয়া উপ–আঞ্চলিক অর্থনৈতিক সহযোগিতা (ছাছেক) কৰিড’ৰ সংযোগ হ’ব৷ আনহাতে, প্রধানমন্ত্রীগৰাকীয়ে দুটা ফ’ৰলেনযুক্ত পথ ক্রমে দোলাবাৰীৰ পৰা জামুগুৰি আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ এই অংশ উদ্বোধন কৰিব৷ প্রকল্পটোৱে ইটানগৰৰ সৈতে সংযোগ উন্নত কৰাৰ লগতে অঞ্চলটোৰ সামগ্রিক অর্থনৈতিক উন্নয়নত সহায় কৰিব৷ তদুপৰি গুৱাহাটী বিমানবন্দৰক লক্ষ্য কৰি ধাৰাপুৰ–গড়ল হৈ নির্মাণ হ’ব ছিক্সলেনযুক্ত পথ৷ এই পথেৰে গুৱাহাটীৰ পৰা বিমানবন্দৰলৈ যাবলগীয়া যাত্রীয়ে কোনোধৰণৰ যান–জঁট বা আন সমস্যাৰ সন্মুখীন নোহোৱাকৈ বিমানবন্দৰত উপস্থিত হ’ব পাৰিব৷ ইতিমধ্যে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ আন এটা নতুন টার্মিনেল সম্পূর্ণৰূপে সাজু হৈ উঠিছে৷ কপৌফুল আর্হিৰ বিশ্বমানৰ এই টার্মিনেলটোক লক্ষ্য কৰিয়েই ছিক্সলেনযুক্ত পথ নির্মাণৰ কাম হাতত লৈছে ৰাজ্য চৰকাৰে৷ একেদৰে প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ অপৰিসীম ক্রীড়া সম্ভাৱনাক উলিয়াই অনাৰ লক্ষ্যৰে ৰাজ্যখনৰ ক্রীড়া আন্তঃগাঁথনি উন্নীতকৰণ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ এই প্রকল্পসমূহৰ ভিতৰত চন্দ্রপুৰত আন্তঃৰাষ্ট্রীয় মানৰ ক্রীড়া ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামক ফিফা মানসম্পন্ন ফুটবল ষ্টেডিয়াম হিচাপে উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে৷ নেহৰু ষ্টেডিয়ামখনত ফুটবল খেলৰ বাবে এখন ফিল্ড থকাৰ লগতে অনুশীলনৰ বাবে আন এখন ফিল্ড থাকিব৷ তদুপৰি এই ষ্টেডিয়ামতে ৰাজ্যৰ সকলো ক্রীড়া সংগঠনৰ কার্যালয় একেলগে স্থাপন কৰা হ’ব আৰু ৩০০ খেলুৱৈৰ বাবে নির্মাণ হ’ব আৱাস৷ চন্দ্রপুৰতো এখন উচ্চ মানৰ ষ্টেডিয়াম নির্মাণ হ’ব৷ মুখ্যতঃ এই ষ্টেডিয়ামত দিব্যাংগসকলৰ বাবে থাকিব সকলো সুবিধা৷ ইফালে, প্রধানমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া আন প্রকল্পৰ ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ৰ নতুন ভৱন৷ ৩,২৫০ কোটি টকা ব্যয়সাপেক্ষে বর্তমান জিএমচিএইচৰ মূল ভৱনটোৰ চৌদিশৰ পৰা নতুন ভৱন নির্মাণ কৰা হ’ব৷ পূব ভাৰতৰ লগতে সমগ্র দেশৰ বাবে জিএমচিএইচ হ’ব এক উন্নতমানৰ চিকিৎসালয়৷ একেদৰে প্রধানমন্ত্রীগৰাকীয়ে ৪৯৮ কোটি টকা ব্যয় কৰি নির্মাণ হ’বলগীয়া মা কামাখ্যা দিব্যলোক পৰিযোজনাৰো আধাৰশিলা স্থাপন কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি, উত্তৰ–পূবৰ বাবে প্রধানমন্ত্রীৰ উন্নয়ন পদক্ষেপ (পিএম ডিভাইন) আঁচনিৰ অধীনত অনূদিত কামাখ্যা কৰিড’ৰৰ প্রকল্পই অসমলৈ পর্যটন বৃদ্ধি কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ কামাখ্যা মন্দিৰলৈ আহিবলগীয়া তীর্থযাত্রীসকলক এই প্রকল্পৰ জৰিয়তে প্রদান কৰা হ’ব বিশ্বমানৰ সা–সুবিধা৷ দিব্যাংগসকলৰ কামাখ্যা মন্দিৰ দর্শনৰ ক্ষেত্রতো এই প্রকল্পত কিছু বিশেষ সুবিধা সংযোগ কৰা হৈছে৷ ইতিমধ্যে প্রকল্পৰ কাম পূর্ণগতিত আগবাঢ়িছে৷ আনহাতে, প্রধানমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া ইউনিটী হলত দেশৰ ৩৬খন ৰাজ্যৰ বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ এম্প’ৰিয়ামসমূহো সংযোগ কৰা হ’ব৷ ২৭৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এই ইউনিটী হল স্থাপন হ’ব মণিৰাম দেৱান ট্রেড চেণ্টাৰৰ লগতে৷ প্রধানমন্ত্রীগৰাকীয়ে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়খনৰো আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ ফলত বৰাক উপত্যকাত চিকিৎসা মহাবিদ্যালয়ৰ আসনৰ অসুবিধাসমূহো দূৰ হ’ব৷ উল্লেখ্য যে লোকসভা নির্বাচনৰ প্রাক্ক্ষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই আগমনতে ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ সাহায্যপ্রাপ্ত আঁচনিসমূহ ৰূপায়ণ কৰাৰ লক্ষ্য বান্ধি লৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কালি সংবাদ মেলত স্পষ্ট কৰে যে প্রধানমন্ত্রীৰ আগমনে ৰাজ্যৰ চমকপ্রদ আন্তঃগাঁথনিৰ শুভাৰম্ভ হোৱাই নহয়, ইয়াৰ জৰিয়তে অসম সমগ্র উত্তৰ–পূব ভাৰতৰ এখন আকর্ষণীয় ৰাজ্যত পৰিণত হ’ব৷