নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনত ৪০খন আসনো নাপায় কংগ্রেছে

🔹 ক্ষুৰধাৰ মমতা বেনার্জীৰ আক্রমণ

বিশেষ বাৰ্তা, ৩ ফেব্রুৱাৰী : কংগ্রেছৰ সৈতে প্রত্যক্ষ সংঘাতত লিপ্ত হোৱা পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছৰ মুৰব্বী মমতা বেনার্জীয়ে কালি পুনৰ কংগ্রেছৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰে৷ বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্যমঞ্চ ইণ্ডিয়াৰ অন্যতম দল কংগ্রেছৰ সৈতে পশ্চিমবংগত আসন ভাগ–বাটোৱাৰা নকৰোঁ বুলি ইতিমধ্যে ঘোষণা কৰা পশ্চিমবংগৰ মুখ্যমন্ত্রী বেনার্জীয়ে কালি আগন্তুক লোকসভা নির্বাচনত কংগ্রেছে ৪০খন আসন পায় নে নাপায় তাত সন্দেহ থকা বুলি মন্তব্য কৰিছে৷ পশ্চিমবংগত লোকসভা নির্বাচনত তৃণমূল কংগ্রেছে অকলে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত ঘোষণা কৰি কংগ্রেছৰ সৈতে প্রত্যক্ষ সংঘাতত লিপ্ত হোৱা মমতা বেনার্জীয়ে কালি ৰাজ্যখনৰ মুর্ছিদাবাদত বিশাল সমাৱেশ সম্বোধন কৰি কয়– কংগ্রেছ মই নাজানো, ৩০০ আসনত প্রতিদ্বন্দ্বিতা কৰি ৪০খন আসনত আপোনালোকে জয়ী হ’ব পাৰিব নে নোৱাৰিব৷ এনেক্ষেত্রত কিয় এই গর্ব? আপোনালোকে বংগলৈ আহিছিল, আমি ইণ্ডিয়া গোট৷ যদি আপোনালোকৰ সাহস আছে বাৰাণসীত বিজেপিক পৰাভূত কৰক৷ আগতে বিজয়ী হোৱা আসনসমূহতো আপোনালোকে পৰাজিত হৈছে৷ আপোনালোকে উত্তৰ প্রদেশত জয়লাভ কৰা নাই৷ ৰাজস্থানত জয়লাভ কৰা নাই৷ যোৱা আৰু তাত বিজয়ী হোৱা৷ মই দেখিম আপোনালোকৰ কিমান সাহস আছে৷ আহমেদাবাদলৈ যোৱা আৰু তাত জয়ী হোৱা৷ বাৰাণসীত জয়ী হোৱা৷ তেতিয়াহে দেখিম আপোনালোকৰ দলৰ কিমান সাহস আছে৷ আনহাতে, ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্রা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি পশ্চিমবংগৰ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে কংগ্রেছ নেতাগৰাকীয়ে বিড়ি প্রস্তুত কৰা শ্রমিকৰ সৈতে আলাপ কৰিছে৷ এতিয়া এয়া নতুন ষ্টাইল চলিছে৷ অর্থাৎ এক ফটো শ্বুট৷ যিসকলে কেতিয়াও চাহ বিপণীলৈ যোৱা নাছিল, এতিয়া তেওঁলোকে বিড়ি শ্রমিকৰ সৈতে বহি বার্তালাপ কৰে৷ সেইবোৰ সকলো পৰিভ্রমী চৰাই৷ মন কৰিবলগীয়া যে লোকসভা নির্বাচনত বিৰোধী ঐক্যমঞ্চ ইণ্ডিয়াই সমগ্র দেশজুৰি লোকসভাৰ আসন ভাগ–বাটোৱাৰা কৰি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছিল যদিও কংগ্রেছৰ বাবেই এতিয়া ইণ্ডিয়াত ভাঙোন আৰম্ভ হৈছে৷ পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্রেছক কংগ্রেছ দলে বিচৰা ধৰণে আসন দিবলৈ অস্বীকাৰ কৰাৰ লগতে কংগ্রেছ নেতাই তৃণমূল কংগ্রেছক আক্রমণ কৰা ঘটনাই ৰাজ্যখনত কংগ্রেছ আৰু তৃণমূল কংগ্রেছৰ মাজত সংঘাত অব্যাহত ৰাখিছে৷ মমতা বেনার্জীয়ে ৰাজ্যখনত কংগ্রেছ দলক দুখন আসন এৰি দিয়াৰ কথা কৈছিল যদিও কংগ্রেছে তেওঁৰ এই সিদ্ধান্তক নাকচ কৰাৰ বাবেই লোকসভা নির্বাচনত অকলে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু ইয়েই ইণ্ডিয়াত ভাঙোন আৰম্ভ কৰিছে৷ উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নির্বাচন আৰু ২০২১ চনৰ পশ্চিমবংগৰ বিধানসভা নির্বাচনত দলে লাভ কৰা ভোটৰ শতাংশৰে আসন ভাগ–বাটোৱাৰাৰ পৰিকল্পনা কৰা হৈছিল৷ কংগ্রেছ দলে ৫ শতাংশতকৈ কম ভোট লাভ কৰাৰ পিছতো তৃণমূল কংগ্রেছৰ পৰা অধিক আসন দাবী কৰাৰ পিছতেই কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে তৃণমূল কংগ্রেছ৷

You might also like