নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন নির্যাতনৰ ঘটনাই কঁপাইছে ডিব্রুগড় বিশ্ববিদ্যালযঃ ছাত্রীক শাৰীৰিক নির্যাতন জ্যেষ্ঠ অধ্যাপকৰ

৫ বছৰে অশালীন প্রস্তাৱেৰে শিক্ষার্থীক হাৰাশাস্তি অসমীয়া বিভাগৰ অধ্যাপকৰ

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ  আকৌ লজ্জানত হ’ল ডিব্রুগড় বিশ্ববিদ্যালয়৷ উপাচার্য–পঞ্জীয়কৰ সীমাহীন দুর্নীতিয়ে কলংকিত কৰি তোলা বিশ্ববিদ্যালয়খনক এইবাৰ লজ্জানত কৰিছে এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ কু–কীর্তিয়ে৷ অধ্যাপকগৰাকীয়ে বিগত পাঁচ বছৰ ধৰি ছাত্রী আৰু মহিলা কর্মচাৰীৰ ওপৰত চলাই অহা যৌন আতিশয্যৰ ক’লা অধ্যায় শেহতীয়াকৈ পোহৰলৈ আহিছে৷ যি ঘটনাই জোকাৰি গৈছে অসমৰ উচ্চ শিক্ষা জগতখন৷ ইতিমধ্যে ভুক্তভোগী ছাত্রী আৰু কর্মচাৰীয়ে বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ কমিটীত অভিযোগ দাখিল কৰিছে যদিও ৰহস্যজনকভাৱে নির্বিকাৰ হৈ ৰৈছে ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষ৷ ইয়াৰ পূর্বেও বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ অধ্যাপক ডম্বৰুধৰ নাথৰ বিৰুদ্ধে ছাত্রীয়ে যৌন নির্যাতনৰ গোচৰ তৰিছিল৷ কিন্তু অভিযুক্ত অধ্যাপকগৰাকীক শাস্তি প্রদানৰ বিপৰীতে চৰকাৰে তেওঁক মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে নিযুক্তি দি পুৰস্কৃতহে কৰিলে৷

এইবাৰো ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্রতিষ্ঠানখনত অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ উপক্রম হৈছে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ত নতুনকৈ কলংকৰ মচিব নোৱাৰা দাগ লগোৱা ব্যক্তিগৰাকী হৈছে অসমীয়া বিভাগৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰ৷ শৈক্ষিক জগতত সততে নিজৰ নিকা ভাবমূর্তিৰ বিজ্ঞাপন দি অহা এইগৰাকী অধ্যাপকে পাঁচ বছৰ আগৰে পৰা ৰচি আহিছিল কু–কীর্তিৰ নিত্য নতুন ইতিহাস৷ কিন্তু প্রলোভন আৰু ভাবুকিৰ ভয়ত বহুতেই তেওঁৰ বিৰুদ্ধে মুখ খোলাৰ পৰা বিৰত আছিল৷ অৱশেষত ড০ সত্যকাম বৰঠাকুৰৰ নির্লজ্জ কার্যকলাপে সকলো সীমা অতিক্রম কৰাৰ পাছত তিনিগৰাকীকৈ ছাত্রী আৰু মহিলা কর্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে৷

প্রাপ্ত অভিযোগ অনুসৰি, ২০১৬ চনৰ পৰাই এইগৰাকী অধ্যাপকে তেওঁৰ অধীনত গৱেষণা কৰা এগৰাকী ছাত্রীক দি আহিছিল অশালীন প্রস্তাৱ৷ ঘটনাৰ আৰম্ভণি ঘটিছিল ২০১৬ চনৰ গুৱাহাটী গ্রন্থমেলাৰ সময়ত৷ সেই সময়ত অধ্যাপক ড০ বৰঠাকুৰ আছিল গুৱাহাটীৰ এখন হোটেলত৷ একে সময়ত গৱেষিকা ছাত্রীগৰাকীও নিজৰ গৱেষণা সংক্রান্তত গুৱাহাটীৰ এটা আর্কাইভলৈ আহিছিল৷ এই কথা জানিব পাৰি ড০ বৰঠাকুৰে ছাত্রীগৰাকীক হোটেলৰ কোঠালৈ বাৰম্বাৰ আমন্ত্রণ জনায়৷ কিন্তু তেওঁৰ কু–ভিপ্রায়ৰ কথা জানিব পাৰি ছাত্রীগৰাকীয়ে সেই আমন্ত্রণ প্রত্যাখ্যান কৰে৷ ইয়াৰ পাছত ডিব্রুগড়লৈ উভতি যোৱাৰ পাছত অধ্যাপকগৰাকীয়ে ঘনে ঘনে অশালীন প্রস্তাৱ দিবলৈ আৰম্ভ কৰে৷ গৱেষিকা ছাত্রীগৰাকীক নিজৰ বিভাগত সাক্ষাৎ কৰাৰ সলনি সন্ধিয়া সময়ত গণ সংযোগ বিভাগত থকা নিজৰ কোঠালৈহে মাতি পঠিয়াবলৈ লয়৷ উপায়বিহীন হৈ ছাত্রীগৰাকী নিজৰ গৱেষণাৰ অগ্রগতিৰ বিষয়ে জনাবলৈ গণ সংযোগ বিভাগলৈ যাবলগীয়া হয়৷ ড০ সত্যকাম বৰঠাকুৰ অসমীয়া বিভাগৰ অধ্যাপক হোৱাৰ লগতে গণ সংযোগ বিভাগৰ সঞ্চালকৰ দায়িত্বতো আছে৷

সন্ধিয়া জনশূন্য অৱস্থাত গণ সংযোগ বিভাগৰ নিজৰ কোঠালৈ গৱেষিকা ছাত্রীগৰাকীক মাতি নি তেওঁ দুৱাৰ–খিৰিকী বন্ধ কৰি কেইবাবাৰো নির্যাতনৰ চেষ্টা চলায়৷ নিজৰ ‘গাইড’ৰ এই স্বৰূপ দেখি ছাত্রীগৰাকীয়ে পৰাপক্ষত তেওঁৰ পৰা আঁতৰি থাকিবলৈ লয়৷ ইয়াৰ পাছতো ড০ বৰঠাকুৰৰ সুমতি উদয় নহ’ল৷ বৰং বাৰম্বাৰ নিজৰ বাসগৃহ, হোটেলৰ কোঠালৈ নিমন্ত্রণ জনাই অকথ্য মানসিক নির্যাতন চলাই যায়৷ যেতিয়া গৱেষিকা ছাত্রীগৰাকীয়ে তেওঁৰ সকলো প্রস্তাৱ প্রত্যাখ্যান কৰিলে, তেতিয়া তেওঁ গৱেষণাৰ কামত বাধা দিবলৈ লয়৷ ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰাই ড০ সত্যকাম বৰঠাকুৰে তেওঁৰ জালত ভৰি নিদিয়া ছাত্রীগৰাকীৰ গৱেষণা সংক্রান্তীয় সকলো কাম বন্ধ কৰি দিয়ে৷ অসমীয়া বিভাগৰ এইগৰাকী অধ্যাপকৰ সকলো নির্যাতন নীৰৱে সহ্য কৰি যোৱাৰ পাছত যোৱা ১৯ মার্চত ভুক্তভোগী গৱেষিকা ছাত্রীগৰাকীয়ে আভ্যন্তৰীণ কমিটীত অভিযোগ দাখিল কৰিবলৈ আগবাঢ়ি আহে৷ এই খবৰ পোৱাৰ পাছতে আন এগৰাকী ছাত্রী আৰু মহিলা কর্মচাৰীয়েও ড০ সত্যকাম বৰঠাকুৰৰ কু–কীর্তিৰ বর্ণনা কমিটীৰ ওচৰত দাখিল কৰে৷ বিপদ চমু চাপি অহা দেখি প্রথমতে অধ্যাপকগৰাকীয়ে ধন–সম্পত্তি আৰু সংস্থাপনৰ প্রলোভনেৰে অভিযোগ উঠাই ল’বলৈ কয়৷ কিন্তু ভুক্তভোগী ছাত্রী দুগৰাকী নিজৰ স্থিতিত অটল হৈ ৰ’ল৷ এইবাৰ ড০ বৰঠাকুৰে তেওঁলোকৰ কেৰিয়াৰ শেষ কৰি দিয়া আৰু বদনামী কৰি পেলোৱাৰ ভাবুকি দি ছাত্রীগৰাকীৰ বিৰুদ্ধে নানা কুৎসা ৰটনা আৰম্ভ কৰে৷ নিজ ছাত্রীৰ বিষয়ে নানা মনেসজা কাহিনী ৰচি সেইবোৰ প্রচাৰত নামি পৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ‘স্বনামধন্য’ শিক্ষকগৰাকী৷

আনহাতে, অভিযোগ দাখিল কৰা মহিলা কর্মচাৰীগৰাকীক তেওঁ প্রথমতে দিছিল চাকৰি নিয়মীয়া কৰাৰ প্রস্তাৱ৷ কিন্তু তাত তেওঁ মান্তি নোহোৱাত ঘৰলৈ ছালফা, গুণ্ডা প্রেৰণ কৰিও অভিযোগ প্রত্যাহাৰৰ বাবে ভাবুকি দিয়ে৷ ড০ সত্যকাম বৰঠাকুৰৰ এনে কার্যকলাপে এতিয়া নির্যাতিতাসকলৰ জীৱনলৈ শংকা নমাই আনিছে৷ অথচ ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষই এতিয়াও তিনিগৰাকীকৈ ছাত্রী–মহিলা কর্মচাৰীৰ অভিযোগ সন্দর্ভত যথোচিত ব্যৱস্থা গ্রহণ কৰা নাই৷ উপাচার্য–পঞ্জীয়কৰ বিত্তীয় কেলেংকাৰিয়ে ডিব্রুগড় বিশ্ববিদ্যালয়ক কলংকিত কৰি তোলাৰ পাছত এইবাৰ জ্যেষ্ঠ অধ্যাপকৰ যৌন কেলেংকাৰিয়ে ‘নাহৰৰ দেশ’ হিচাপে পৰিচিত শিক্ষানুষ্ঠানখনত জোকাৰণি তুলিছে৷ এটাৰ পাছত আন এটা গুৰুতৰ বিতর্কত সাঙোৰ খাই পৰা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনক কলংকমুক্ত কৰিবলৈ বিশ্ববিদ্যালয় প্রশাসনে কি পদক্ষেপ লয়, তাৰ প্রতি সচেতন মহলে চোকা দৃষ্টি ৰাখিছে৷

You might also like