নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কলকাতাৰে যুঁজিব মুম্বাই ইণ্ডিয়ানছে

নিয়মীয়া বাৰ্তা, ১৩ এপ্রিলঃ উদ্বোধনী মেচত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হাতত যুঁজ দি পৰাজয়ৰ সন্মুখীন হোৱা ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে আজি শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ৰোহিত শর্মা নেতৃত্বাধীন তাৰকাসমৃদ্ধ দলটোৱে কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে যুঁজ দিব৷ যোৱানিশা ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে চমকপ্রদ জয়েৰে আত্মবিশ্বাসী হৈ থকা ইয়ন মৰগান বাহিনীক পৰাস্ত কৰিবলৈ মুম্বাই ইণ্ডিয়ানছে যে আজি উৎকৃষ্ট প্রদর্শন দাঙি ধৰিব লাগিব, সেয়া নিশ্চিত৷ বিশেষকৈ কলকাতা নাইট ৰাইডার্ছৰ অ’পেনিং যুটি নীতিশ ৰাণা আৰু শুভমন গিলক নিয়ন্ত্রণত ৰখাটো ৰোহিত শর্মা বাহিনীৰ বাবে প্রত্যাহ্বানজনক হ’ব৷

ছানৰাইজার্ছৰ বিৰুদ্ধে দেওবাৰে নিশা ৰাণা–গিলৰ যুটিয়ে ইনিংছৰ প্রথমটো বলৰ পৰাই আক্রমণ আৰম্ভ কৰিছিল৷ মিডল অর্ডাৰত বেটিং বিস্ফোৰণৰ বাবে সাজু হৈ আছে আন্দ্রে ৰাছেল, দীনেশ কার্তিক আৰু ইয়ন মৰগান৷ যশপ্রীত বুমৰাহ, ট্রেণ্ট ব’ল্ট আদিৰ দৰে বিশ্বমানৰ বলাৰে কলকাতাৰ বিধ্বংসী বেটিং আক্রমণক কিদৰে প্রতিহত কৰে সেয়া লক্ষণীয় হ’ব৷

আনহাতে, প্রথম মেচত বৃহৎ স্ক’ৰ সংগ্রহত ব্যর্থ হোৱা মুম্বাই ইণ্ডিয়ানছে আজি বেটিঙে–বলিঙে উজলি উঠাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ অধিনায়ক ৰোহিতৰ লগতে সূর্যকুমাৰ যাদৱ, হার্দিক পাণ্ডিয়া, কিৰণ পোলার্ড আৰু ঈশান কিশনৰ পৰা দলে কাইলৈ বৃহৎ স্ক’ৰ আশা কৰিব৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like