নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ মমিনা খাতুন

🔹 কৰ্তব্যৰত বনকৰ্মীক প্ৰহাৰ কৰা হোছেইন আলীৰ পলায়ন

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰ : কৰ্তব্যৰত অৱস্থাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীক প্ৰহাৰ কৰি বিশেষ সম্প্ৰদায়ৰ এগৰাকী মহিলা গ্ৰেপ্তাৰ হোৱাৰ লগতে বনৰক্ষীক প্ৰহাৰ কৰা আন এটা অপৰাধীয়ে পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ঢেকীয়াজুলিত৷ ঘটনাৰ বিৱৰণী অনুসৰি, ঢেকীয়াজুলি সমষ্টিৰ বৰছলা আৰক্ষী চকী এলেকাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি মাছ মাৰিবলৈ গৈছিল মমিনা খাতুন আৰু হোছেইন আলী নামৰ লোক দুগৰাকীৰ লগতে কেইবাজনো লোকে । ৫ ছেপ্টেম্বৰৰ দিনা বিয়লি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰি মাছ মাৰি থকা প্ৰত্যক্ষ কৰি টহলদাৰী বনৰক্ষী বাহিনীৰ এটা দলে লোককেইজনক মাছ মৰা কাৰ্যত বাধা প্ৰদান কৰা বাবে উন্মত্ত মাছমৰীয়াকেইটাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত হোমগাৰ্ড ৰহমত আলী, বনকৰ্মী তথা শিবিৰ পৰিচালক আব্বাছ আলী আৰু ফৰেষ্ট গাৰ্ড জিতু বড়োক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰে। আঘাতপ্ৰাপ্ত দেহাৰেই বনৰক্ষীকেইগৰাকীয়ে মাছমৰীয়াকেইটাৰ ফালে চোঁচা লোৱাত পলায়ন কৰে হোছেইন আলী নামৰ বনকৰ্মীক প্ৰহাৰ কৰা দুৰ্বৃত্তটোৰ লগতে আন মাছমৰীয়াকেইটাই । ইতিমধ্যে বৰছলা আৰক্ষীয়ে বনকৰ্মীক প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা মমিনা খাতুন নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি বৰছলা আৰক্ষী চকীত সোধা-পোছা অব্যাহত ৰাখিছে । বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁয়ে সংবাদ মাধ্যমত জনায় যে বনৰক্ষীক প্ৰহাৰ কৰা মমিনা খাতুন নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তেজপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে, কৰ্তব্যৰত অৱস্থাত থকা বনকৰ্মীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰা হোছেইন আলী নামৰ দুৰ্বৃত্তটোৰ লগতে আন মাছমৰীয়াকেইটাৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ শীঘ্ৰেই বনৰক্ষী বাহিনীক প্ৰহাৰ কৰা অপৰাধীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰা হ’ব বুলি সংবাদ মাধ্যমত জনায় আৰক্ষী বিষয়াগৰাকীয়ে। সমগ্ৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত ৷ আঘাতপ্ৰাপ্ত বনকৰ্মীকেইগৰাকী সংকটমুক্ত বুলি জনাইছে আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁয়ে ৷ স্থানীয় ৰাইজে এই সন্দৰ্ভত জনায় যে আৰক্ষীক প্ৰহাৰ কৰা অপৰাধীৰ ৰম্যভূমি ফটাশিমলু গাঁৱৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী স্থানত বসবাস কৰা সন্দেহযুক্ত লোকসকলে চৰকাৰী ভূমিত বেআইনীভাৱে বাস কৰি আছে ৷ স্পৰ্শকাতৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰি অপৰাধীৰ ৰম্যভূমিত পৰিণত উক্ত চৰকাৰী ভূমি বেদখলমুক্ত কৰি সুস্থ সামাজিক পৰিৱেশ সৃষ্টি কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনায় নিজ বৰছলা গাঁৱৰ ৰাইজৰ লগতে স্থানীয় সচেতন ৰাইজে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like