নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰে ৰাজ্যত ক’ভিডত ৭৭জনৰ মৃত্যু ৫,৮০৩ পজিটিভ

নিয়মীয়া বাৰ্তা ১১ মেঃ ক’ভিডৰ সংক্রমণে জটিলতকৈও জটিলতৰ ৰূপ লৈছে ৰাজ্যত৷ নিতৌ অভিলেখসংখ্যক হাৰত লোক ক’ভিডত আক্রান্ত হোৱাৰ লগতে বাঢ়িছে মৃত্যুৰ সংখ্যাও৷ আজি ৰাজ্যত ৭৭জন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৩০জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কামৰূপ জিলা আৰু ডিব্রুগড় জিলাৰ ১০জনকৈ লোকৰ মৃত্যু হৈছে ক’ভিডত৷

একেদৰে বঙাইগাঁৱত ৪জন, গোলাঘাট–নগাঁও–নলবাৰী তিনিজনকৈ, হোজাই–তিনিচুকীয়া–ওদা দুজনকৈ আৰু দৰং–ধুবুৰী–যোৰহাট্ এজনকৈ লোকৰ মৃত্যু হৈছে ক’ভিডত৷ ইয়াৰ লগে লগে ৰাজ্যত বর্তমানলৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৭৫৩জনলৈ বৃদ্ধি পালে৷ ইফালে, আজিৰ দিনটোত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৫,৮০৩জন লোক৷ আক্রান্তসকলৰ ভিতৰত ১,৪৮১জন কামৰূপ মহানগৰ জিলাৰ৷ একেদৰে কামৰূপ জিলাৰ ৪৮৬জন, ডিব্রুগড়ৰ ৩৯২জন আৰু নগাঁৱৰ ২৭৫জন লোক পজিটিভ হিচাপে ধৰা পৰিছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ৭২,১৯৭টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ৮.০৪ শতাংশ৷অৱশ্যে সোমবাৰ ৪,২৩১জন লোক সুস্থ হৈছে ক’ৰোনাৰ পৰা৷ সম্প্রতি বিভিন্ন হাস্পতালৰ লগতে হোম আইছ’লেচনত থকা লোকৰ সংখ্যা হৈছে ৩৭,৫০০জন৷

উল্লেখ্য যে ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ইতিমধ্যে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইতিমধ্যে ৰাজ্যজুৰি সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইনৰ ব্যৱস্থা কৰা হৈছে৷ দিনৰ ২ বজালৈহে দোকান–পোহাৰ তথা ব্যৱসায়িক প্রতিষ্ঠান আৰু চৰকাৰী–বেচৰকাৰী কার্যালয় খুলিবলৈ অনুমতি প্রদান কৰা হৈছে৷

ইফালে, সোমবাৰৰ পৰা ক’ভিডৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্রহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ কালি ভাৰপ্রাপ্ত মহাপঞ্জীয়কে এক নির্দেশনাযোগে প্রকাশ কৰা অনুসৰি উচ্চ ন্যায়ালয়ৰ আদালত কক্ষত সোঁশৰীৰে উপস্থিত থাকিব নোৱাৰিব কোনো অধিবক্তা৷ বৰঞ্চ ভার্চুৱেল মাধ্যমৰ জৰিয়তেহে তেওঁলোকে গোচৰসমূহৰ ওকালতি কৰিব পাৰিব৷ সমান্তৰালভাৱে আবেদনসমূহ ডিজিটেলভাৱে দাখিল কৰিবলৈ নিজেই ব্যৱস্থা ল’ব লাগিব অধিবক্তাসকলে৷ বিশেষ পৰিস্থিতিতহে অধিবক্তাসকলে তৎকালীন শুনানিৰ বাবে উচ্চ ন্যায়ালয়ক আহ্বান জনাব পাৰিব৷ আজিৰ পৰা কার্যকৰী হৈছে এই নতুন নির্দেশনা৷

উল্লেখ্য যে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনা৷ সেই অনুসৰি অভিযুক্ত অথবা দোষীৰ আগতীয়া জামিন, হ্রস্বকালীন জামিন অথবা অন্তর্ৱর্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ অহা ৩১ মে’লৈ এই ম্যাদ বৃদ্ধি কৰা হৈছে৷ একেদৰে যিকোনো ধৰণৰ উচ্ছেদৰ বাবে দিয়া নির্দেশনাও এই সময়ত কার্যকৰী নহ’ব৷

ডিব্রুগডৰ ছল্টব্রুক একাডেমীৰ অধ্যক্ষ অজয় চাহুৰ ক’ৰোনাত মৃত্যু
অসমৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ডিব্রুগডৰ ছল্টব্রুক একাডেমীৰ অধ্যক্ষ, শিক্ষাবিদ অজয় চাহু ক’ৰোনাত আক্রান্ত হৈ ডিব্রুগডৰ অসম চিকিৎসা মহাবিদ্যালয়ত আজি মৃত্যু হয়৷ ১৯৬৮ চনত জন্মগ্রহণ কৰা অজয় চাহুৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৩ বছৰ৷ ছল্টব্রুক একাডেমীৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্রহণ কৰি মহাবিদ্যালয়খনক এক গতি প্রদান কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰা অজয় চাহু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, যোৰহাট বিজ্ঞান মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ লগতে ডিব্রুগড বিশ্ববিদ্যালয়ৰ পৰা এম ফিল ডিগ্রী লাভ কৰি এগৰাকী শিক্ষাবিদ হিচাপে ৰাজ্যখনতে পৰিচয় লাভ কৰিছিল৷ ছল্টব্রুক একাডেমীত শিক্ষকতাৰ লগতে অধ্যক্ষ পদ সফলতাৰে পালন কৰা এইগৰাকী শিক্ষাবিদে ছাত্র–ছাত্রীসকলৰ মাজত এগৰাকী সফল শিক্ষক হিচাপে জনাজাত আছিল৷ ডিব্রুগডৰ মলখুবছাৰ আলোক পথ নিৱাসী চাহুৱে মৃত্যুৰ সময়ত পত্নী আৰু একমাত্র পুত্র সন্তানক ইহসংসাৰত এৰি থৈ যায়৷ ছল্টব্রুক একাডেমীৰ অধ্যক্ষ চাহুৰ মৃত্যুত শিক্ষানুষ্ঠানখনৰ সঞ্চালক অশ্বিনী দুৱৰা, অধ্যাপক–ধ্যাপিকা, ছাত্র–ছাত্রীয়ে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ সদৌ অসম ছাত্র সন্থাৰ ডিব্রুগড জিলা সমিতিৰ সভাপতি বুলবুল দত্ত, ডিব্রুগড ছাত্র সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ, সম্পাদক গুঞ্জন মেছকে ধৰি বিভিন্ন দল–সংগঠনে শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ ক’ভিড প্রট’কল ৰক্ষা কৰি অজয় চাহুৰ শেষকৃত্য আজি সম্পন্ন কৰা হয়৷
আজি পুনৰ ডিব্রুগডত আক্রান্ত ৪৩৯, মৃত্যু ৮জনৰ
ডিব্রুগডত আজি ৪৩৯জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত৷ আজি ৩,৬৫৬জন লোকক ৰেপিড এণ্টিজেন টেষ্ট কৰাত ৩২৫জনৰ দেহত ক’ভিড পজিটিভৰ লক্ষণ পোৱা গৈছে আৰু ৮৭৫জনক আৰ টি পি চি আৰ টেষ্ট কৰাত ১১২জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে বুলি চৰকাৰী সূত্রত প্রকাশ৷ ইয়াকে লৈ বর্তমানলৈ ডিব্রুগডত মুঠ ৫,৫৪৮জনলৈ ক’ভিড ৰোগী বৃদ্ধি পাইছে৷আনহাতে, ডিব্রুগডত আজি চিকিৎসাধীন অৱস্থাত ৮জনকৈ ক’ৰোনা ৰোগীৰ মৃত্যু হয়৷ ক’ৰোনাৰ দ্বিতীয় ঢ়ৌত ডিব্রুগডত মৃত্যুৰ সংখ্যা ৫৩জনলৈ বৃদ্ধি পালে৷
বঙাইগাঁৱত ক’ৰোনাত প্রাণ গ’ল শোধনাগাৰৰ জ্যেষ্ঠ বিষয়াৰ
বিশেষ বার্তা, বঙাইগাঁও ঃ ক’ৰোনাই প্রাণ ল’লে বঙাইগাঁও শোধনাগাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ৷ বিষয়াগৰাকী হৈছে বঙাইগাঁও শোধনাগাৰস্থিত চিকিৎসালয়ৰ জ্যেষ্ঠ প্রবন্ধক যোগেন শর্মা৷ উল্লেখ্য যে পূর্বৰে পৰা শাৰীৰিক অসুস্থতাত ভুগি থকা বিষয়াজনৰ আজি শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক প্রথমতে বঙাইগাঁও ল’ৱাৰ আছাম হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰত লৈ অহা হয় চিকিৎসাৰ বাবে৷ তাতে ক’ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ কিন্তু উক্ত চিকিৎসা কেন্দ্রত ৰোগীৰ বাবে বিছনা খালী নথকাত তেওঁক স্বাগত হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰলৈ লৈ যোৱা হৈছিল৷ কিন্তু উক্ত চিকিৎসালয় পোৱাৰ আগতে আদবাটতে মৃত্যু ঘটে বিষয়াগৰাকীৰ৷ উল্লেখ্য তেওঁৰ মৃত্যুত বঙাইগাঁও শোধনাগাৰ উপনগৰীত সৃষ্টি হৈছে গভীৰ শোকৰ ছাঁ৷ ইপিনে বিষয়াগৰাকীৰ পত্নী মৌচুমী ভাগৱতীও ক’ভিড পজিটিভ ৰোগত আক্রান্ত হৈ বঙাইগাঁও স্বাগত হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷
শোণিতপুৰত পুনৰ দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু
বার্তা ব্যুৰ’, তেজপুৰ ঃ মহামাৰী ক’ৰোনাৰ দ্বিতীয় ঢ়ৌত ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে শোণিতপুৰ জিলাতো ক্রমাগতভাৱে আক্রান্তৰ সংখ্যাৰ লগতে ক’ভিড ৰোগীৰ মৃতকৰ সংখ্যাও বাঢ়িছে৷ জিলাখনৰ ৰঙাপৰাৰ নামনি গাঁৱৰ বাবুল চন্দ্র ঘোষ (৭২) আৰু তেজপুৰ পল’ ফিল্ডৰ নিৰুপমা দলৈৰ (৭৪) তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আজি মৃত্যু হয়৷ ডল্লেখ্য যে জিলাখনৰ ভিন্ন প্রান্তত ক’ভিড ৰোগীৰ সংখ্যা নিতৌ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি এই মহামাৰী সংক্রমণ ৰোধ কৰাৰ স্বার্থত শোণিতপুৰৰ ডপায়ুক্ত মানবেন্দ্র প্রতাপ সিঙে জিলাখনৰ সাপ্তাহিক আৰু অর্ধসাপ্তাহিক হাট–বজাৰ আদি ৩১ মে’ পর্যন্ত বন্ধ ঘোষণা কৰিছে৷
ডুমডুমাৰ ক’ভিড আক্রান্ত মহিলাৰ মৃত্যু এ এম চিত
নিয়মীয়া বার্তা, ডুমডুমা ঃ মহামাৰী ক’ৰোনাত আক্রান্ত হৈ ডুমডুমাৰ বাবলি ঘোষ (৩৭) নামৰ মহিলাগৰাকীৰ যোৱা ৯ মে’ৰ সন্ধিয়া ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱাৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে, ডুমডুমা উচামাটি নিৱাসী ভানু ঘোষৰ পত্নী তথা দুই সন্তানৰ মাতৃ বাবলি ঘোষে যোৱা ২ মে’ৰ দিনা ডুমডুমা বিছাকুপি ১২নং ষ্টাফ লাইনত অনুষ্ঠিত এখন বিয়াৰ পৰা অহাৰ পিছদিনাৰ পৰা জ্বৰ–কাহত আক্রান্ত হৈ অসুস্থ হৈ পৰিছিল৷ এনেদৰে হঠাতে মহিলাগৰাকী অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ইয়াৰে এখন ব্যক্তিগত নার্ছিং হোমলৈ চিকিৎসাৰ বাবে নিয়ে যদিও চিকিৎসকে প্রথমে ক’ভিড টেষ্ট কৰাত পজিটিভ ধৰা পৰে৷ ক’ভিড পজিটিভ ধৰা পৰাৰ পাছতে চিকিৎসকে মহিলাগৰাকীক হোম আইছ’লেচনত থকাৰ পৰামর্শ আগবঢ়ায়৷ আনহাতে, মধুমেহৰ লগতে আন কিছু ৰোগত পূর্বৰে পৰা আক্রান্ত হৈ থকা মহিলাগৰাকী সুস্থ হোৱাৰ পৰিৱর্তে ক্রমান্বয়ে অধিক অসুস্থ হৈ উশাহ–নিশাহ লোৱাত কষ্ট অনুভৱ কৰাত যোৱা ৭ মে’ৰ নিশা এম্বুলেঞ্চৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় আৰু তাতে ক’ভিড ৱার্ডত ভর্তি কৰায়৷ ক’ভিডত মৃত্যু হোৱাৰ বাবে বাবলি ঘোষৰ মৃতদেহ প্রশাসনে ডিব্রুগডৰ পৰা আনি পৰিয়ালৰ লোকৰ উপস্থিতিত তিনিচুকীয়াত শেষকৃত্য সম্পন্ন কৰে৷
বইটামাৰী ক’ভিড সংক্রমণৰ হটস্পটত পৰিণত
নিয়মীয়া বার্তা, নর্থ বইটামাৰী ঃ বঙাইগাঁও জিলাৰ বইটামাৰী চক্র ক’ভিড সংক্রমণৰ হটস্পটত পৰিণত হৈছে৷ অঞ্চলটোত পূর্বতে ক’ভিড সংক্রমণ হৈ চাৰিগৰাকী লোকৰ মৃত্যু ঘটাৰ পাছত আজি পুনৰ দুগৰাকী লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে অঞ্চলটোৰ ৰঘুনন্দনপুৰৰ অমেন নাথ (৪৪) আৰু সজনাভিটাৰ অৰুণ বর্মন (৬৫)ৰ নামৰ লোক দুজনৰ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আজি পুৱা মৃত্যু ঘটে৷ দুয়োগৰাকী লোককে কেইদিনমান পূর্বে অসুস্থ অনুভৱ কৰাত পৰিয়ালৰ লোকে চিকিৎসালয়ত ভর্তি কৰায়৷ প্রথম অৱস্থাত দুয়োগৰাকী লোকৰে ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আছিল যদিও পিছলৈহে ক’ভিড পজিটিভ ধৰা পৰে৷ আজি বিয়লি ক’ভিড সম্পর্কীয় স্বাস্থ্য বিধি মানি পৰিয়ালৰ লোক, স্বাস্থ্য বিভাগ আৰু স্থানীয় প্রশাসনৰ লোকৰ উপস্থিতিত অৰুণ বর্মনৰ বইটামাৰী পূর্বাঞ্চলীয় শ্মশান ঘাট আৰু অমেন নাথৰ মলিগাঁও ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷ ইপিনে আজিৰ দিনটোত বইটামাৰী স্বাস্থ্য খণ্ড এলেকাৰ বিভিন্ন ঠাইৰ ১৬গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ৷ ইয়াৰে অধিকাংশ লোক মলিগাঁও, ৰঘুনন্দনপুৰ, শালবাৰী আৰু বেচিমাৰীৰ৷
চেন্নাইত ক’ৰোনাত আক্রান্ত বাক্সাৰ নাৰায়ণ ভট্টৰাইৰ মৃত্যু
বিশেষ বার্তা, মুছলপুৰ ঃ বহিঃৰাজ্যত পুনৰ বাক্সা জিলাৰ এজন লোকে ক’ৰোনাত আক্রান্ত হৈ প্রাণ হেৰুৱায়৷ বাক্সা জিলাৰ দাৰাগাঁৱৰ শিক্ষক বিষ্ণু ভট্টৰাইৰ পুত্র নাৰায়ণ ভট্টৰাইয়ে সুদীর্ঘ বছৰ ধৰি দাৰাগাঁও প্রাথমিক বিদ্যালয়ৰ এজন শিক্ষক হিচাপে কাম কৰিছিল৷ লক্ষণীয়ভাৱে ২০১৩ চনত অসম চৰকাৰে অপ্রাদেশীকৃত বিদ্যালয়সমূহ প্রাদেশিকীকৰণ কৰাৰ পাছতো তেওঁৰ পদটো প্রাদেশিকীকৰণ নহ’ল৷ ইয়াৰ পাছতো নাৰায়ণে শিক্ষাদান অব্যাহত ৰাখে যদিও পৰিয়ালৰ আর্থিক দৈন্যৰ পৰা পৰিত্রাণ পোৱাৰ উদ্দেশ্যে দুমাহ পূর্বে কাম কৰিবলৈ চেন্নাইলৈ যায়৷ এটা ব্যক্তিগত কোম্পানীত কাম কৰি থকা নাৰায়ণ ভট্টৰাইয়ে তাতেই ক’ৰোনাত আক্রান্ত হয়৷ অৱশেষত কালি নিশা চেন্নাইতে নাৰায়ণে মৃত্যুক সাবটি লয়৷
চতিয়াত ক’ভিডত আক্রান্ত হৈ দুজনৰ মৃত্যু
নিময়ীয়া বার্তা, চতিয়া ঃ চতিয়াৰ ক’ভিড আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দ্বিতীয় লহৰত তিনিজন ক’ভিড আক্রান্তৰ মৃত্যু ঘটিছে৷ যোৱা ৫ মে’ত নিশা বালিজুৰিৰ ৰুদ্রমায়া নেৱাৰ নামৰ প্রথমগৰাকী ক’ভিড আক্রান্তৰ মৃত্যু ঘটাৰ পাছত কালি নিশা ১০.৪৫ বজাত চতিয়াৰ জয়সিদ্ধিৰ পূর্ণকান্ত নাথ (৪২) নামৰ ব্যক্তিগৰাকীৰ দেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে৷ পূর্ণকান্ত নাথ নামৰ ব্যক্তিগৰাকীৰ দেহত ৬ মে’ত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ সেই দিনাই ব্যক্তিগৰাকীক বিশ্বনাথ ক’ভিড হাস্পতালত ভর্তি কৰোৱা হয়৷ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যোৱাত ব্যক্তিগৰাকীক তেজপুৰ মেডিকেল কলেজত ভর্তি কৰোৱা হয়৷ উল্লেখ্য যে চিকিৎসকে জনোৱা মতে, কেইবাদিন আগৰ পৰাই ব্যক্তিগৰাকী জ্বৰ–কাহত ভুগি আছিল যদিও ক’ভিড পৰীক্ষা সম্পন্ন কৰা নাছিল৷ অৱস্থা গুৰুতৰ হোৱাতহে ব্যক্তিগৰাকী চিকিৎসকৰ কাষ চাপিছিল বুলি স্বাস্থ্য বিভাগৰ সূত্রই জনাইছে৷ আজি পুনৰ বৰুৱা চুকৰ মহান বৰুৱাই (৫৮) নামৰ এগৰাকী ব্যক্তি ক’ভিড আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ যোৱা ৩ মে’ত নাগশংকৰ প্রাথমিক স্বাস্থ্যকেন্দ্রত কৰা ৰেপিড এণ্টিজেন টেষ্টত মহান বৰুৱাৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ৩ মে’ৰ পৰা হোম আইছ’লেচনত থকা ব্যক্তিগৰাকীৰ শ্বাস–প্রশ্বাসজনিত সমস্যাৰ উদ্ভৱ হোৱাত ৭ মে’ত বালিচাং ক’ভিড হাস্পতালত ভর্তি কৰোৱা হয়৷ ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত ৮ মে’ত তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰা হয়৷ বিশ্বনাথৰ ক’টত কর্মৰত মহান বৰুৱাৰ আজি পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে৷
নগাঁৱত পুনৰ তিনিজনৰ মৃত্যু
বিশেষবার্তা, নগাঁও ঃ সমগ্র নগাঁও জিলাখনত ক’ভিড–১৯ অতি দ্রুত গতিত সংক্রমণ হোৱাৰ পৰিপ্রেক্ষিতত জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু অধিক জটিল অৱস্থালৈ গতি কৰিছে ৷ আজিও জিলাখনত ২৭১জন লোক এই ক’ভিড–১৯ত নতুনকৈ আক্রান্ত হোৱাৰ তথ্য জিলাখনৰ স্বাস্থ্য বিভাগে বিয়লি প্রকাশ কৰিছে৷ আজিৰ দিনটোত আক্রান্তসকলৰ ২৫৪জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পর্যবেক্ষণত ৰখাৰ উপৰি ১৭গৰাকী ব্যক্তিক নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ ইপিনে, আজি নগাঁও চহৰৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ থকা তিনিজন ব্যক্তিৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটে৷ মৃত দুগৰাকীক পাছত নগাঁও চহৰৰ হয়বৰগাঁৱৰ চন্দ্রপ্রভা হাজৰিকা (৬৯) আৰু পদ্মেশ্বৰী দেৱী (৫০) বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজনৰ নাম বাতৰি লিখা সময়লৈকে জানিব পৰা হোৱা নাই৷ আনহাতে, আজিপর্যন্ত জিলাখনত মুঠ ১৫গৰাকী লোকৰ ক’ভিড–১৯ত মৃত্যু হোৱা বুলি জিলাখনৰ স্বাস্থ্য বিভাগৰ সূত্রই প্রকাশ কৰিছে৷
যোৰহাটত পুনৰ ৩জনৰ মৃত্যু, ১৭৭ আক্রান্ত
বিশেষ বার্তা, যোৰহাট ঃ যোৰহাটত ক’ভিড– ১৯ৰ ভয়ংকৰ সংক্রমণত আতংকিত হৈ পৰিছে জনসাধাৰণ৷ আজি জিলাখনত ১৭৭জন লোকৰ দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ বিপৰীতে ৩গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে৷ মৃত লোককেইজন হ’ল যোৰহাট তৰাজনৰ বিলীন কোচ (৫৪), যোৰহাট কুশল নগৰৰ কমল কলিতা (৭৩)আৰু ডি চি বি ৰোডৰ দেৱজিত ভট্টাচার্য (৫৪)৷ ইয়াকে লৈ জিলাখনত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯২জনলৈ বৃদ্ধি পালে৷
কৰোনাই প্রাণ ল’লে মাজবাটৰ বিশিষ্ট সমাজকর্মী কর্ণ উপাধ্যায়ৰ
নিয়মীয়া বার্তা, ওদালগুৰি ঃ ক’ৰোনাত আক্রান্ত হৈ মাজবাট অঞ্চলৰ বিশিষ্ট সমাজকর্মী কর্ণ উপাধ্যায়ৰ মৃত্যুৰ বাতৰিয়ে সমগ্র ওদালগুৰি জিলাত শোকৰ ছাঁ পেলাইছে৷ আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তর্গত খামতোবাৰী গাঁৱৰ বিশিষ্ট সমাজকর্মী তথা মাজবাট সমাবায় সমিতিৰ বিষয়ববীয়া কর্ণ উপাধ্যায়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ৷ আজি তেজপুৰৰ পৰা তেওঁৰ মৃতদেহ মাজবাটৰ খামতোবাৰীলৈ আনি সম্পূর্ণ ক’ভিড প্রটকল অনুসৰি অন্তিম সৎকাৰ সম্পন্ন কৰা হয়৷ কর্ণ উপাধ্যায়ৰ মৃত্যুত ওদালগুৰি জিলা গোর্খা ছাত্র সন্থা, অসম গোর্খা সন্মিলনৰ ওদালগুৰি জিলা সমিতি, অসম নেপালী সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতি, বিটিচিৰ পাঁচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ তথা বিজেপি নেতা দীপক মৌৰ, ৰাজ্যিক বিজেপিৰ নেতা জিতু কিষাণ, অসম গোর্খা সন্মিলনৰ কেন্দ্রীয় সাধাৰণ সম্পাদক লক্ষ্মী চেডাই আদিয়ে লোকে গভীৰ শোক প্রকাশ কৰিছে৷
হোজাইত ক’ৰোনাত আক্রান্ত হৈ আন এজনৰ মৃত্যু
নিয়মীয়া বার্তা, হোজাই ঃ ক’ভিডত আক্রান্ত হৈ আজি হোজাইৰ আন এজন লোকৰ মৃত্যু হয়৷ লোকজন হোজাইৰ গোলাঘটিয়া বস্তিৰ উত্তম মজুমদাৰ৷ ৫৭ বছৰীয়া লোকজনে হোজাইৰ নীলবাগানৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰোৱা হৈছিল যদিও যোৱা আঠ মে’ত মজুমদাৰৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ কিন্তু তাত বিছনা নোহোৱাত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও আজি পুৱা মজুমদাৰে শেষ নিশ্বাস ত্যাগ কৰে৷
ধলপুৰত ক’ভিড আক্রান্ত হৈ মহিলাৰ মৃত্যু
নিয়মীয়া বার্তা, ধলপুৰ ঃ লখিমপুৰ জিলাৰ ধলপুৰ মহকুমা চিকিৎসালয় এলেকাত ব্যাপক ৰূপত সংক্রমণ ঘটিছে ক’ৰোনা ভাইৰাছৰ৷ আজি চিকিৎসালয়খনৰ এলেকাত সর্বমুঠ ২২জন লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে৷ উদ্বেগজনক ঘটনা আজি ধলপুৰ চিকিৎসালয়ৰ অন্তর্গত বৰকাঠনিৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ ক’ভিড আক্রান্ত হৈ মৃত্যু হয়৷ স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে মৃত মহিলাগৰাকীৰ নাম সোমেশ্বৰী বৰা (৮০)৷ মহিলাগৰাকী অসুস্থ হৈ ঘৰতে থকা অৱস্থাত মৃত্যু হয়৷ ক’ভিড প্রট’কল পালন কৰি স্বাস্থ্য বিভাগৰ লোকে পি পি কিট পৰিধান কৰি তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পাদন কৰে৷
গোলাঘাটত ক’ভিডে পুনৰ প্রাণ ল’লে তিনিজনৰ
নিয়মীয়া বার্তা, গোলাঘাট ঃ সম্প্রতি গোলাঘাট জিলাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ সংক্রমণে৷ আজিৰ দিনটোতে পুনৰ ক’ভিডৰ আক্রমণত মৃত্যুৰ মুখত পৰিছে তিনিজন কৈ লোক৷ গোলাঘাট নগৰৰ মিছন ৰোডৰ চন্দন বাচক (৪১), গোলাঘাট নগৰৰ চান্দমাৰীৰ আব্দুল মজিদ (৭০) আৰু সৰুপথাৰ উৰিয়ামঘাটৰ ধর্মপুৰ নিৱাসী ৰবীন নাথ (৫৪)ৰ আজি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে চন্দন বাচক নামৰ লোকজনক ৯ মে’ৰ বিয়লি ৩.৪০ বজাত গোলাঘাট ক’ভিড হাস্পতালত ভর্তি কৰে আৰু আজি পুৱতিনিশা ৩–১৫ বজাত মৃত্যু ঘটে৷ সেইদৰে আব্দুল মজিদ নামৰ লোকজনক ক’ভিড হাস্পতালত ৯ মে’ৰ বিয়লি ৩.২৬ বজাত ভর্তি কৰে আৰু মাজনিশা ১২.৩০ বজাত ক’ভিডৰ সৈতে যুঁজ দি মৃত্যুক সাবটি লয়৷ ইফালে গোলাঘাট জিলাত ক’ভিড বিধি উলংঘা কৰি বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰি বর্তমানলৈকে দুশৰো অধিক লোক ক’ভিডত আক্রান্ত হোৱা বুলি জনাইছে গোলাঘাট জিলা উপায়ুক্তই৷ ইয়াৰে এখন বিবাহ অনুষ্ঠানত উপস্থিত থকা এজন লোকৰ ইতিমধ্যে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে৷ আনহাতে তীব্র গণ সংক্রমণে আতংকৰ সৃষ্টি কৰিছে শাওতলী চাহ বাগিচাত৷ বাগিচাখনত আজি ২০জন শ্রমিক ক’ভিডত আক্রান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ সেই অনুসৰি গোলাঘাট জিলা প্রশাসনে এক নির্দেশযোগে শাওতলী চাহ বাগিচা আৰু বাসতি এলেকাত কনটেইণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰি উক্ত অঞ্চলত অহা–যোৱা সকলো বন্ধ কৰি দিয়া হৈছে৷
শিৱসাগৰৰ জনপ্রিয় শিক্ষক পৰিমল সিংহৰ ক’ভিডত মৃত্যু
নিয়মীয়া বার্তা, শিৱসাগৰ ঃ শিৱসাগৰ নগৰৰ বাবুপট্টী চুকৰ গাঁও নিৱাসী তথা নগৰৰ গধূলা ব্রাউন স্কুলৰ জনপ্রিয় শিক্ষক পৰিমল সিংহৰ ক’ভিড–১৯ত আক্রান্ত হৈ দেওবাৰে ডিব্রুগডৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ আজি কিছুদিনৰ আগত কভিড–১৯ ৰোগত আক্রান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি হোৱা পৰিমল সিংহই ক’ভিড ৰোগৰ সৈতে যুঁজ দি অৱশেষত দেওবাৰে সন্ধিয়া ৭ বজাত মৃত্যুক আঁকোৱালি লয়৷ সততে সকলো কামৰ বাবে উৎসাহী, ক্রীডানুৰাগী সিংহ বিদ্যালয়ৰ ছাত্র আৰু শিক্ষক সমাজৰ মাজত সমানে জনপ্রিয় আছিল৷ অসমৰ প্রথমটো গির্জা কেন্দ্রীয় বেপ্ঢিষ্ট মণ্ডলী শিৱসাগৰৰ এজন সক্রিয় সদস্য তথা নেতা পৰিমল সিংহই মণ্ডলীৰ যুৱ বিভাগৰ নেতৃত্ব দিয়াৰ লগতে মণ্ডলীৰ সম্পাদক, কোষাধ্যক্ষ আদি বিভিন্ন পদত সেৱা আগবঢ়াই গৈছিল৷ মৃত্যুৰ সময়ত তেওঁ মণ্ডলীৰ কোষাধ্যক্ষ পদত আছিল৷
বঙাইগাঁৱত দুই ক’ৰোনা আক্রান্তৰ মৃত্যু
বিশেষ বার্তা, বঙাইগাঁও ঃ বঙাইগাঁৱত দুজনকৈ ক’ভিড–১৯ আক্রান্ত লোকৰ মৃত্যু হয়৷ মৃত লোক দুজন বইটামাৰী অঞ্চলৰ ৰঘুনন্দনপুৰৰ অমেন নাথ (৪৪) আৰু সজনাভিটাৰ অৰুণ নাথ (৬২)বুলি জানিব পৰা গৈছে৷ শাৰীৰিক অসুস্থতাৰ বাবে দুয়োজনকে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰা হৈছিল যদিও অমেন নাথৰ কালি আৰু অৰুণ বর্মনৰ আজি মৃত্যু হয়৷ উল্লেখ্য যে জিলাখনত দিনকদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাই গৈ আছে৷ আজিৰ দিনটোত জিলাখনৰ ৭৪জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আনহাতে বর্তমানলৈ জিলাখনত ৮৭৭জনকৈ লোক আক্রান্ত হৈ আছে ৷
কমলপুৰত ক’ৰোনাক্রান্ত হৈ সৰবৰাহী মহিলাৰ মৃত্যু
নিয়মীয়া বার্তা, কমলপুৰ ঃ কমলপুৰ ৰাজহ চক্রৰ অন্তর্গত কমলপুৰৰ দ চুবুৰিৰ এগৰাকী ক’ৰোনা আক্রান্ত ৰোগীৰ মৃত্যু হয়৷ বিগত কিছুদিন ধৰি ৰক্তহীনতা ৰোগত আক্রান্ত নুৰজাহান বেগম (৫৬) নামৰ সৰবৰাহী মহিলাগৰাকী কালি নিশা চিকিৎসালয়ত নি থকা অৱস্থাত ইহলীলা সম্বৰণ কৰে৷ পৰিয়ালৰ সূত্রই সদৰী কৰা অনুসৰি ৰক্তহীনতাৰ বাবে অসুস্থ হৈ থকা নুৰজাহান বেগমক চিকিৎসকৰ সৈতে পৰামর্শ কৰি চিকিৎসালয়ত ভর্তিৰ যো–জা কৰে৷ সেইমর্মে উত্তৰ গুৱাহাটী জি এন আৰ চি চিকিৎসালয়ত মহিলাগৰাকীক ভর্তি কৰাৰ পূর্বে কালি কমলপুৰত ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত ক’ভিড পজিটিভ আছিল৷
ডিব্রুগডৰ প্রয়াত চাহ শ্রমিক নেতা দীপক কর্মকাৰৰ পত্নীৰ ক’ভিড আক্রান্ত হৈ মৃত্যু কৃষক মুক্তি সংগ্রাম সমিতিৰ শোক প্রকাশ
গুৱাহাটী ঃ ডিব্রুগড় জিলাৰ জকাইৰ বিশিষ্ট সমাজসেৱিকা, চাহ জনগোষ্ঠীৰ এগৰাকী সৰবৰহী মহিলা তথা চৰাইহাবি প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী ধর্মেশ্বৰী কর্মকাৰ নায়কে (৪৮) ক’ভিডত আক্রান্ত হৈ ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয়ত কৰুণ মৃত্যুক সাবটি লয়৷ যোৱা তিনি দিন ধৰি কাহ–জ্বৰত ভুগি ঘৰতে চিকিৎসা চলাই থকা শিক্ষয়িত্রীগৰাকীৰ আজি দিনৰ ভাগত স্বাস্থ্যৰ অৱনতি হোৱাত পৰিয়ালৰ লোকে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰায়৷ চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰে৷ লগে লগে চিকিৎসালয়ত তেওঁক ভর্তি কৰায় যদিও স্বাস্থ্যৰ অৱস্থা জটিল হোৱাৰ ফলত চিকিৎসাধীন অৱস্থাত আবেলি ৪.১০ বজাত তেওঁৰ মৃত্যু ঘটে৷ উল্লেখ্য যে মৃত ধর্মেশ্বৰী কর্মকাৰ চাহ শ্রমিক মুক্তি সংগ্রাম সমিতি, অসমৰ প্রয়াত কার্যকৰী দীপক কর্মকাৰৰ সহধর্মিণী আছিল৷ তেওঁৰ মৃত্যুৰ কৃষক মুক্তি সংগ্রাম সমিতি আৰু ভাতৃ–ভগ্ণী আটাইকেইটা গণ সংগঠনে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ যোৱা ২০২০ চনৰ ১০ মার্চত আকস্মিকভাৱে চাহ শ্রমিক নেতা দীপক কর্মকাৰে মৃত্যুক সাবটি লোৱাৰ পাছত আজি তেওঁৰ পত্নীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত তেওঁ দুই পুত্রক এৰি থৈ যায়৷
২৪ ঘণ্টাত দেশত আক্রান্ত ৩.৬৬
লাখ কর্ণাটক–ৰাজস্থানত্ ১৪ দিনীয়া লকডাউন
নিউজ ডেস্ক ঃ একেৰাহে চাৰি দিন ধৰি ক’ভিড মহামাৰীত প্রতিদিনে চাৰি লক্ষাধিককৈ লোক দেশত আক্রান্ত হোৱাৰ পিছত বিগত ২৪ ঘণ্টাত সংক্রমণৰ হাৰ সামান্য হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ কেন্দ্রীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৩,৬৬,১৬১গৰাকী লোক ক’ভিড মহামাৰীত আক্রান্ত হৈছে৷ ইফালে, এই সময়ছোৱাত ক’ভিডত প্রাণ হেৰুৱাইছে ৩,৭৫৪গৰাকী লোকে৷ দেশত এতিয়ালৈকে ক’ভিড মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ২,৪৪,১১৬জনলৈ৷ লক্ষণীয়ভাৱে ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰে ভাৰতত সংহাৰ সৃষ্টি কৰি থকাৰ সময়তে বিশ্বৰ বিভিন্ন দেশে অক্সিজেন, চিকিৎসা সঁজুলি তথা ক’ভিড প্রতিৰোধী বিভিন্ন দৰব ভাৰতক প্রদান কৰি সাহায্য আগবঢ়াইছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে ক’ভিড পৰিস্থিতি সন্দর্ভত আলোচনা কৰাৰ পিছৰে পৰা ভাৰতে মার্কিন প্রশাসনৰ বিভিন্ন সহায় লাভ কৰিবলৈ সক্ষম হৈছে৷ প্রায় এটা পষেকত আমেৰিকাই ভাৰতলৈ ক’ভিড যুঁজৰ বাবে সাহায্য হিচাপে প্রেৰণ কৰিছে ৫০ কোটি ডলাৰ মূল্যৰ বিভিন্ন চিকিৎসা সঁজুলি, জীৱনদায়িনী অক্সিজেন আৰু ক’ভিড প্রতিৰোধী দৰব৷ ইয়াৰ উপৰি দেশখনে ক’ভিড ভেকচিন প্রস্তুতৰ বাবে বিভিন্ন কেঁচামালো ভাৰতলৈ প্রেৰণ কৰি আছে৷ বাইডেন প্রশাসনৰ পৰা ভাৰতে প্রত্যক্ষ সাহায্য লাভ কৰাৰ উপৰি ফাইজাৰ কোম্পানীৰ পৰা ৭০ নিযুত ডলাৰৰ বিভিন্ন চিকিৎসা সঁজুলি লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি ৪,৫০,০০০ ৰেমডিছিভিৰ ড’জো ভাৰতলৈ প্রেৰণ কৰিছে আমেৰিকাই৷
ৰাজস্থান–কর্ণাটকত্ ১৪ দিনীয়া লকডাউন
ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ সংহাৰে ভয়াৱহ ৰূপ ধাৰণ কৰা কর্ণাটকত আজিৰে পৰা ১৪ দিনীয়া সম্পূর্ণ লকডাউন জাৰি কৰা হৈছে৷ আগন্তুক ২৪ মে’লৈকে এই লকডাউন বলৱৎ হৈ থাকিব ৰাজ্যখনত৷ বিজেপিশাসিত ৰাজ্যখনত বিগত ২৭ এপ্রিলৰ পৰা ক’ৰোনা কার্ফিউ অব্যাহত আছে৷ ইফালে, ৰাজস্থানতো ক’ভিড প্রতিৰোধী লকডাউন আজিৰে পৰা জাৰি কৰিছে চৰকাৰে৷ ৰাজস্থানত শেহতীয়াকৈ এটা দিনত ক’ভিড মহামাৰীত আক্রান্ত হৈছে ১৭,৯২১গৰাকী লোক৷ সেইদৰে কর্ণাটকতো ক’ভিডে সংক্রমণৰ অভাৱনীয় সংহাৰ সৃষ্টি কৰিছে৷ লক্ষণীয়ভাৱে মহাৰাষ্ট্রৰ নাছিকতো প্রয়োগ কৰা হৈছে ক’ভিড প্রতিৰোধী লকডাউন৷ চহৰখনত ১০ দিনীয়া সম্পূর্ণ লকডাউন প্রয়োগ কৰিছে চৰকাৰে৷ স্মর্তব্য যে কালিৰ দিনটোত নাছিক চহৰত ক’ভিডত ৩,০০২গৰাকী লোক আক্রান্ত হোৱাৰ উপৰি ৪৮জনৰ মৃত্যু হয়৷
পশ্চিমবংগত ধর্মীয়–সাংস্কৃতিক উৎসৱ অনুষ্ঠিত কৰাত অনুমতি
পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে আগন্তুক ঈদ উৎসৱৰ প্রতি লক্ষ্য ৰাখি ধর্মীয় তথা সাংস্কৃতিক কার্যসূচী আয়োজন কৰাৰ ক্ষেত্রত অনুমতি প্রদান কৰিছে৷ অৱশ্যে এই অনুষ্ঠানবোৰত ৫০গৰাকীতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব৷ লক্ষণীয়ভাৱে ক’ৰোনা মহামাৰীৰ বাবে এইবাৰ কলকাতাৰ ৰেড ৰোডত ঈদৰ সমূহীয়া নামাজ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে সাংবাদিকৰ মুখামুখি হৈ উল্লেখ কৰে যে মুছলমান নেতাসকলে ঈদৰ সমূহীয়া নামাজ ৰেড ৰোডত অনুষ্ঠিত কৰিব নালাগে বুলি পৰামর্শ আগবঢ়োৱাৰ পিছতেই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ লক্ষণীয়ভাৱে ক’ভিড মহামাৰী প্রতিৰোধৰ ক্ষেত্রত ৰাজ্য চৰকাৰে সর্বশক্তি উজাৰি ব্যৱস্থা গ্রহণ কৰিব বুলি মমতা বেনার্জীয়ে উল্লেখ কৰিছে যদিও ৰাজ্যখনত লকডাউনৰ সম্ভাৱনা নাই বুলিও ঘোষণা কৰিছে নেত্রীগৰাকীয়ে৷
ক’ভিডকালত দৰবৰ ক’লা ব্যৱসায় বন্ধ
কৰিবলৈ ৰাজ্যসমূহক কঠোৰ হোৱাৰ নির্দেশ কেন্দ্রৰ
ক’ভিড–১৯ মহামাৰীৰ সময়ত ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহে যাতে দৰবৰ ক’লা ব্যৱসায় চলোৱা অপৰাধী চক্রৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰে, সেই সন্দর্ভত ইতিমধ্যে কেন্দ্রীয় চৰকাৰে নির্দেশ দিছে৷ আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন বিচাৰপীঠে কেন্দ্রীয় চৰকাৰে দাখিল কৰা শপতনামাৰ শুনানি গ্রহণ কৰে৷ উল্লেখনীয় যে কেন্দ্রীয় চৰকাৰে দাখিল কৰা শপতনামা অনুসৰি, মহামাৰীৰ সময়ত ‘মানুহৰ যন্ত্রণাৰ বাণিজ্য’ কোনো কাৰণতে সহজভাৱে মানি লোৱা নহ’ব বুলি সদৰী কৰিছে৷ গতিকে ৰাজ্যসমূহক বিভিন্ন পর্যায়ত বিশেষ বিষয়াৰ দল গঠন কৰি দৰবৰ ক’লা ব্যৱসায়ীৰ বিৰুদ্ধে নজিৰবিহীন ব্যৱস্থা গ্রহণ কৰিবলৈ কেন্দ্রীয় চৰকাৰে নির্দেশ দিয়া বুলি শপতনামাত ঘোষণা কৰা হৈছে৷ ইতিমধ্যে ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)ৰ তৰফৰ পৰা ৰাজ্যসমূহৰ ড্রাগ্ছ কণ্ড্র’লাৰৰ সৈতে এই সন্দর্ভত সম্পর্ক ৰক্ষা কৰি দৰবৰ ক’লা ব্যৱসায়ীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰাৰ সিদ্ধান্ত লোৱা বুলিও শপতনামাত উল্লেখ কৰা হৈছে৷

You might also like