নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিৰ স্বপ্নদ্রষ্টা

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ পঞ্চদশ অসম বিধানসভা নির্বাচনত অসমবাসীয়ে জনাদেশ দিয়াৰ পাছত দিছপুৰৰ ক্ষমতাত দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত হৈছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত একেৰাহে অকংগ্রেছী চৰকাৰ গঠনৰ নজিৰ নাই৷ ২০১১ৰ বিধানসভা নির্বাচনত কংগ্রেছ দলে ৭৮খন আসন লাভ কৰি ধাৰাবাহিক তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈছিল যদিও ২০১৬ৰ বিধানসভা নির্বাচনত শতিকা পুৰণি দলটোৱে মাথোঁ ২৬খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল৷ কংগ্রেছৰ এনে দুর্যোগৰ অন্তৰালত থকা নেতাজনেই আছিল ড০ হিমন্ত বিশ্ব শর্মা৷ স্বদেশ আৰু স্বজাতিৰ সামূহিক কল্যাণৰ বাবে আমাৰ নেতাসকলৰ মাজত সপোন আৰু বাস্তৱৰ এক বৃহৎ পার্থক্য দেখা যায়৷ ড০ শর্মা অসমৰ এগৰাকী স্বপ্ণদ্রষ্টা নেতা৷ তেওঁ সপোন দেখিবও পাৰে আৰু সেয়া দিঠকত পৰিণত কৰিবও পাৰে৷ বিগত দুটা দশকৰ ৰাজনীতিত ড০ শর্মাৰ ভূমিকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ এই সময়ছোৱাত ড০ শর্মাই লাভ কৰা মন্ত্রিত্বৰ জৰিয়তে তেওঁৰ বিভাগসমূহৰ কাম–কাজৰ জৰিয়তে নিজকে এগৰাকী কর্মপটু ৰাজনৈতিক নেতাৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছৰ জৰিয়তে ৰাজনৈতিক অভিষেক আৰম্ভ কৰি ড০ শর্মাই বিগত সময়ছোৱাত বিজেপিৰ ৰাষ্ট্রীয় পর্যায়ৰ নেতাৰূপে প্রতিপন্ন কৰিব পাৰিছে৷ ড০ শর্মাৰ এনে সাফল্যৰ অন্তৰালত আছে তেওঁৰ নির্ধাৰিত সপোন৷ এই সপোনৰ জৰিয়তেই তেওঁৰ কার্যকালত অসাধ্য সাধন হৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত অসমত প্রতিষ্ঠা হৈছিল তিনিখন চিকিৎসা মহাবিদ্যালয়৷ নতুনকৈ এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটো সহজসাধ্য নহয়৷ কিন্তু ড০ শর্মাই স্বাস্থ্য বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত বিগত প্রায় ডেৰ দশকত ৰাজ্যখনত সাতখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ একেদৰে অভিযান্ত্রিক মহাবিদ্যালয় আৰু মহাবিদ্যালয় স্থাপনৰ জৰিয়তেও তেওঁ বিকাশৰ নতুন দিগন্ত অসমবাসীক দেখুৱাব পাৰিছে৷ ৰাজ্যখনত ছাত্র–ছাত্রীসকলৰ বিনামূলীয়া নামভর্তি আৰু পাঠ্যপুথি যোগানৰ জৰিয়তেও শিক্ষার্থীসকলক আশাৰ বার্তা দেখুৱাবলৈ সক্ষম হৈছে৷
ৰাজনীতি তথা ৰাজনৈতিক নেতাৰ প্রতি সর্বসাধাৰণ ৰাইজৰ মনোভাব সামগ্রিকভাৱে ইতিবাচক বুলি ক’ব নোৱাৰি৷ বিশেষকৈ শিক্ষিত ছাত্র–ছাত্রী তথা যুৱ প্রজন্মৰ মাজত ৰাজনীতিৰ প্রতি বিৰাগ স্পষ্ট৷ এনে এক প্রত্যাহ্বানমূলক পৰিস্থিতিৰ মাজতো বিগত সময়ছোৱাত ৰাজ্যৰ ৰাজনীতিত নৱপ্রজন্মক আকর্ষিত কৰিবলৈ ড০ শর্মা বিশেষভাৱে সফল হৈছে৷ নৱপ্রজন্মৰ মানসিকতা ভালদৰে উপলব্ধি কৰি ৰাজনীতিৰ পথাৰত অগ্রসৰ হোৱাৰ বাবেই ড০ শর্মাই এনে সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ ২০১৬ৰ বিধানসভা নির্বাচনত কংগ্রেছৰ বিপর্যয় আৰু বিজেপিৰ অভূতপূর্ব উত্থানৰ মূলতেই আছিল ড০ শর্মাৰ সুনিপুণ ৰাজনৈতিক কৌশল৷ ১৫ বছৰীয়া কংগ্রেছী ৰাজনীতিত ড০ শর্মা নির্ণায়ক আছিল৷ বিগত ৬ বছৰে বিজেপিৰ ৰাজনীতিতো ড০ শর্মাই তেওঁৰ কর্মদক্ষতাৰ জৰিয়তে দলটোৰ ৰাষ্ট্রীয় পর্যায়ৰ নেতাৰূপে প্রতিষ্ঠা কৰিব পাৰিছে৷ বিশেষকৈ নির্বাচনী ৰাজনৈতিক কৌশল নিৰূপণৰ ক্ষেত্রত ড০ শর্মা যে অনন্য সেয়া বিগত ডেৰ দশকৰ নির্বাচনসমূহত স্পষ্টভাৱে প্রতিফলিত হৈছে৷ নির্বাচনী ৰাজনীতিক এক উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰ কৰি ড০ শর্মাই দেশৰ গণতন্ত্রক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিব পাৰিছে৷ ড০ শর্মাই মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ লগে লগে স্বাভাৱিকতে ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজে বিকাশত নতুন দিগন্তৰ সপোন দেখিছে৷ দেশৰ উন্নত ৫খন ৰাজ্যৰ ভিতৰত অসমক অন্তর্ভুক্ত কৰাৰ এক সপোন পুহি ৰখা বুলি ড০ শর্মাই ইতিমধ্যে সভা–সমিতিয়ে মুকলিকৈ কৈছে৷ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত ৰাজ্যখনৰ বিকাশ আৰু সামূহিক কল্যাণৰ প্রতি কিদৰে অগ্রসৰ হ’ব, সেয়া অসমবাসীয়ে অধীৰ অপেক্ষা কৰিব৷ ক’ভিডৰ জটিল পৰিস্থিতিয়ে অসমকো বাৰুকৈ আক্রান্ত কৰিছে৷ দৈনিক হাজাৰ হাজাৰ লোক অতিমাৰী ক’ভিডত আক্রান্ত হৈছে, মৃত্যু হৈছে অর্ধশতাধিক৷ ৰাজ্যখনৰ স্বাভাৱিক জীৱন–যাত্রাও ব্যাহত হৈছে৷ এনে জটিল পৰিস্থিতিৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰি বিকাশৰ গতিত ড০ শর্মা নেতৃত্বাধীন চৰকাৰখন সফল হ’ব বুলি অসমবাসীয়ে গভীৰ প্রত্যাশাৰে ৰৈ আছে৷

You might also like