নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি কালৰূপ ধাৰণ কৰিছে ভদীয়া বানেঃ ১৫ জিলাৰ ৫ শতাধিক গাঁও জলমগ্ন, ২.২৫ লাখ বন্যার্তৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  ৰাজ্যত ক্রমশঃ কালৰূপ ধাৰণ কৰিছে ভদীয়া বানে৷ ব্রহ্মপুত্র আৰু ইয়াৰ একাংশ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰাত নিতৌ ন ন অঞ্চল প্লাৱিত হৈছে৷ অসম ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য অনুসৰি শনিবাৰৰ দিনটোত বানৰ কবলত পৰিছে ১৫খন জিলা৷ এই জিলাকেইখন হ’ল– বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, ধেমাজি, ডিব্রুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া৷ সাম্প্রতিক বানত উক্ত ১৫ জিলাৰ ৫১২খন গাঁও জলমগ্ন হোৱাৰ বিপৰীতে ২,২৫,৫০১জন লোক ক্ষতিগ্রস্ত হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে কেইদিনমান আগলৈকে বৰষুণৰ অভাৱত কৃষিকর্ম কৰাৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা কৃষক ৰাইজৰ সপোন কার্যতঃ ভদীয়া বানে চূৰমাৰ কৰিছে৷

কিয়নো বৰষুণৰ অভাৱত ধাৰ–ঋণ লৈ খেতিপথাৰত কৃষক ৰাইজে মেচিনেৰে জলসিঞ্চনৰ ব্যৱস্থা কৰি শালি ধানৰ খেতি কৰিছিল যদিও বানত বুৰ গৈছে ১৬,৩৩৮.৪৬ হেক্টৰ কৃষিভূমি৷ বানত ঘৰ–দুৱাৰ বুৰ যোৱাৰ ফলত নিৰাপদ আশ্রয়ৰ বাবে বানপীড়িত জনতাই মথাউৰি বা ওখ স্থানত থিতাপি ল’বলগীয়া হৈছে৷

অৱশ্যে চৰকাৰীভাৱে বানপীড়িত বাক্সা, বঙাইগাঁও, চিৰাং, ধেমাজি, ডিব্রুগড়, যোৰহাট আৰু মাজুলীত ৬২টা সাহায্য শিবিৰ–কেন্দ্র স্থাপন কৰা হৈছে৷ এই সাহায্য শিবিৰ–কেন্দ্রসমূহত্ আশ্রয় লৈ আছে মুঠ ৬,৮৯৮জন বানপীড়িত৷ বানৰ ফলত ক্ষতিগ্রস্ত হৈছে ১৩,৩,৯০৭টা পশুধন৷

সাম্প্রতিক বানে ৰাজ্যৰ ঠায়ে ঠায়ে পথ–দলং–কালভার্ট ছিঙি নিয়াৰ ফলত সংশ্লিষ্ট অঞ্চলসমূহত যাতায়াত ব্যৱস্থা বিঘ্ণিত হৈ পৰিছে৷ তদুপৰি বানে আন্তঃগাঁথনিৰ ক্ষতি কৰাৰ সমান্তৰালভাৱে বিভিন্ন স্থানত খহনীয়ায়ো গুৰুতৰ ৰূপ ধাৰণ কৰাৰ বাতৰি পোৱা গৈছে৷

You might also like