নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ নৃপেন গোস্বামীয়ে প্ৰকাশ কৰিলে দ্বিতীয়খন গদ্য-পদ্য সংকলন

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত এজন খহনীয়া গ্ৰস্ত বাঙালী সম্প্ৰদায়ৰ লোকৰ অসমীয়া সাহিত্য প্ৰেম অঞ্চলটোৰ লোকৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। ব্ৰহ্মপুত্ৰৰ ভয়ানক খহনীয়াত সৰ্বস্বান্ত লোকজনৰ নাম নৃপেন গোস্বামী। ৬০ৰ ঊৰ্ধৰ নৃপেন গোস্বামী এজন বাঙালী সম্প্ৰদায়ৰ লোক যদিও দীৰ্ঘদিনে তেওঁ নিজকে অসমীয়া বুলি পৰিচয় দি গৌৰৱবোধ কৰে। নৃপেন গোস্বামীয়ে বৰ্তমানলৈ কেইবাখনো অসমীয়া কাব্য গ্ৰন্হ প্ৰকাশ কৰিছে। আজি কিছু দিনৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লৈ “ধ্ৰুৱতৰা” নামেৰে এখনি গ্ৰন্হ প্ৰকাশ কৰি চৰ্চিত হোৱা নৃপেন গোস্বামীয়ে পুনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব আৰু কামকাজক সমল হিচাপে লৈ “অসম ৰত্ন হিমন্ত” নামেৰে আন এখন গদ্য আৰু পদ্যৰ সংকলন প্ৰকাশ কৰি উলিয়াইছে। আজি নৃপেন গোস্বামীয়ে তাপতলা চাৰিআলিৰ এটা বাটচ’ৰাতে সীমিতসংখ্যক সাহিত্যানুৰাগীক লৈ ব্যতিক্ৰম গ্ৰন্হখনৰ উন্মোচনী সভা অনুষ্ঠিত কৰে। সভাখন সঞ্চালনা কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক ৰাম চন্দ্ৰ ডেকাই। মৰিগাঁও জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তথা উদীয়মান কবি দিলীপ দাসে আঁত ধৰা উন্মোচনী সভাখনত উপস্হিত থাকি মৰিগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিবাহক সদস্য তথা জ্যেষ্ঠ কবি পৰেশ চৌধুৰীয়ে উন্মোচন কৰে “অসম ৰত্ন হিমন্ত” নামৰ সংকলনটি। উন্মোচনী সভাত উপস্হিত থাকি অসম সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতিৰ আকাশ উপ সমিতিৰ আহ্বায়িকা স্বপ্না কলিতাই ভাষণ প্ৰসঙ্গত কয় যে অসমীয়া ভাষা আৰু একাংশ বাঙালী সম্প্ৰদায়ৰ প্ৰতি থকা মানুহৰ বদ্ধমুল ধাৰণাৰ বিপৰীতে নৃপেন গোস্বামী এক ব্যতিক্ৰম। গদ্য পদ্য সংকলনটিৰ সঁচা অনুভৱ নামৰ কবিতাটিত নৃপেন গোস্বামীয়ে আন্তৰিক শ্ৰদ্ধা সহকাৰে স্পষ্ট ভাষাৰে লিখিছে- “কিয় লাগে মোক বঙালী ভাষা, কিয় লাগে মোক বঙালী নাম। অসমৰ বায়ু অসমৰ ভাষা, অসম বৈকুণ্ঠ ধাম।” তেওঁ কয়- এয়া নৃপেন গোস্বামীৰ অসমৰ বায়ু পানীত জাহ গৈ আজন্ম অসমীয়া হোৱাৰ নিদৰ্শন। ইফালে সভাখনত জ্যেষ্ঠ কবি তোষেশ্বৰ ডেকাকে প্ৰমোখ্য কৰি বহুকেইজন শিক্ষক বিশিষ্ট ব্যক্তি উপস্হিত থাকি নৃপেন গোস্বামীৰ অসমীয়া সাহিত্য প্ৰেমক প্ৰশংসা কৰে। তদুপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী যুৱ চামৰ মাজতে যে সীমাবদ্ধ থকা নাই তাকো প্ৰমাণ কৰিলে লেখক নৃপেন গোস্বামীয়ে। যুৱপ্ৰজন্মই মামা বুলি দাবী কৰাৰ বিপৰীতে বয়োজ্যেষ্ঠ সাহিত্যিক নৃপেন গোস্বামীয়ে ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ কাব্যৰ মাজেৰে ভাগিন বুলি উল্লেখ কৰিছে।এজন খহনীয়া বিধ্বস্ত লোক হৈয়ো মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ অনুৰাগী নৃপেন গোস্বামীয়ে গাঁঁঠিৰ ধন ভাঙি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা অনুৰাগৰ বাবেই দুখনকৈ অসমীয়া ভাষাৰ গ্ৰন্হ প্ৰকাশ কৰি চৰ্চিত হৈ পৰিছে। অৱশ্যে আৰ্থিক দৈন্যতাৰ বাবেই ব্যয় বহুলতাক ত্যাগ কৰি তাপতলাৰ এটি বাটচ’ৰাতে গোস্বামীয়ে কেইজনমান গ্ৰন্হনুৰাগীক লৈ আজি গ্ৰন্হ উন্মোচনী সভাখন পাতিব লগা হয়। নৃপেন গোস্বামীৰ হিমন্তপ্ৰীতি তেওঁৰ ব্যক্তিগত হলেও এজন বাঙালী সম্প্ৰদায় লোকৰ এনে অসমীয়া সাহিত্য প্ৰেম অসমীয়া সাহিত্যলৈ নিশ্চিত ভাৱে এক আশাব্যঞ্জক খবৰ।

প্ৰেৰক আবুল কালাম

You might also like