নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত নেপালী ভাষা মান্যতা দিৱস পালন

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৩১সংখ্যক নেপালী ভাষা মান্যতা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত, অসম নেপালী সাহিত্য সভা আৰু অসম খোৰ্খা সন্মিলনৰ লখিমপুৰ সমিতিৰ সহযোগত যোৱা কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈ উক্ত দিৱসৰ আজি সফল সামৰণি পৰে। নাৰায়ণপুৰ শাখা গোৰ্খা ছাত্ৰ সন্থাৰ আতিথ্যত মেৰমুখ অঞ্চলৰ চামগুৰিৰ বিজয়া নাট্য সমাজৰ প্ৰেক্ষাগৃহত আজি মুকলি সভাখনি অনুষ্ঠিত হয়। মুকলি সভাখনত পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মোহন গৌতমে উদ্বোধনী ভাষণ, বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই মুখ্য অতিথিৰ ভাষণ, অসম গোৰ্খা সন্মিলনৰ উপ-সভাপতি পদ্ম শৰ্মা, লুইতপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি উপেন কুমাৰ বৰুৱা, নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সভাপতি জগত গগৈয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সদৌ অসম গোৰ্খা সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি দীপক নেৱাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয়। আৰম্ভণিতে সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাখনত কেইবাটাও নেপালী লোকনৃত্য প্ৰদৰ্শন কৰে।

প্ৰেৰক জগত গগৈ

You might also like