বাৰ্তা বুৰো, মৰিগাঁও, ১৮ ডিচেম্বৰ : সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম জয়ন্তীত তেওঁক সশ্ৰদ্ধ স্মৰণ কৰি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। মৰিগাঁও সদৰ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰ্মনে আঁত ধৰা উক্ত অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিকে প্ৰমুখ্য কৰি জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি চৌধুৰী, মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সভাপতি ঘনেন্দ্ৰ বৰা আৰু অৰ্ধশতাধিক ছাত্ৰ সন্থাৰ সদস্য উপস্থিত থাকে। মননশীল আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভনিতে ৰায়চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে জন্মদিৱসত অসমকেশৰীলৈ সশ্ৰদ্ধ প্ৰণাম জনায়। তেওঁ নিজৰ বক্তব্য ৰাখি কয় যে তেওঁৰ কৰ্মৰাজিত চিৰবিৰাজমান হৈ আছিল প্ৰকৃত জাতীয়তাবাদ। যি জাতীয়তাবাদক আধাৰ হিচাপে লৈ তেওঁ পথাৰ আৰু বজাৰ দুয়োটাই খিলঞ্জীয়া অসমীয়াই দখল কৰাৰ প্ৰয়োজন আছে বুলি তাহানিৰ সেই দিনতেই অভিহিত কৰি গৈছিল। লগতে বৰ্তমান সময়ত নৱ প্ৰজন্মই তেওঁৰ জাতীয়তাবাদী আদৰ্শক সাৰোগত কৰি বৃহত্তৰ অসমীয়া জাতিটোক অধিক টনকীয়াল আৰু আত্মনিৰ্ভৰশীল কৰিবৰ বাবে এক পৰিকল্পিত সামাজিক,শৈক্ষিক, সাংস্কৃতিক ও অৰ্থনৈতিক আন্দোলনত ব্ৰতী হোৱাৰ প্ৰয়োজন আছে বুলি নিজৰ বক্তব্যত দাঙি ধৰে।
প্ৰেৰক প্ৰাঞ্জল দাস