নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : মৰিগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত বন্ধ হ’ল পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান বেদখল । দুৰ্গাপূজাৰ উৎসাহ-উদ্দীপনা চলি থকাৰ মাজতে ২২ অক্টোবৰত পূৰ্বেও উচ্ছেদিত একাংশ লোকে পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দখলৰ যো-জা চলায়। যোৱা ২১ অক্টোবৰত একাংশ লোক ওৰাং ৰাষ্ট্ৰীয় উদ্যান বেদখল কৰিবলৈ গৈ উভতি আহিব লগা হয়। পুনৰ ২২ অক্টোবৰত এচাম দুষ্টচক্ৰৰ উচটনিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অঞ্চল বেদখল কৰিবলৈ ১০- ১২টা ইঞ্জিনচালিত নাৱেৰে আহি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ জটিয়াবড়ী চৰত কেইবাশ লোক সমৱেত হয়। এই খবৰ জিলা প্ৰশাসনে লাভ কৰাৰ লগে লগে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়াসহ আৰক্ষীৰ এটা বৃহৎ দল লৈ জটিয়াবড়ী চৰত উপস্থিত হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান পুনৰ বেদখল কৰিবলৈ বিচৰা লোকসকলক লৈ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে আলোচনা কৰে। সকলো লোকক ওৰাং ৰাষ্ট্ৰীয় উদ্যান বেদখল নকৰিবলৈ সকীয়াই দিয়ে আৰু সকলোকে অপ্ৰীতিকৰ পৰিস্হিতি সৃষ্টি নকৰিবলৈ আহ্বান জনায়। বেদখল কৰিবলৈ চেষ্টা চলোৱা লোকসকলে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কথাত সন্মতি প্ৰদান কৰে। জিলা আয়ুক্তই উচ্ছেদিত লোকসকলক পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান বেদখল কৰিবলৈ উচটনি দিয়া দুষ্ট চক্ৰটোক চিনাক্ত কৰা হ’ব বুলি উল্লেখ কৰে। উল্লেখ্য যে পূৰ্বে এই লোকসকল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উচ্ছেদিত হৈছিল। উচ্ছেদ হোৱাৰ পিছত এই লোকসকলে বিভিন্ন চৰ-চাপৰিত আশ্ৰয় লৈ আছিল।
প্ৰেৰক আবুল কালাম