মৰিয়নিত অখিল গগৈৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিলে অজাপৰ প্রার্থীয়ে
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্রতা এতিয়া শত্রুতাত পৰিণত হৈছে৷ সমষ্টিয়ে সমষ্টিয়ে দুই দলৰ মাজত দীর্ঘদিন ধৰি চলি অহা শীতল সংঘাতে মুকলি ৰূপ লয়৷ মৰিয়নি সমষ্টিত আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে মনোনয়ন–পত্র দাখিল কৰিছে অজাপৰ প্রার্থী আলোক কুমাৰ ঘোষে৷ উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নির্বাচনত বর্তমানৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ বিৰুদ্ধে সবল প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল এইগৰাকী প্রার্থীয়ে৷ যোৱাটো নির্বাচনত প্রায় ১৭০০ ভোটত পৰাজিত হোৱা অলক কুমাৰ ঘোষ এইবাৰ আছিল বিজেপিৰ প্রার্থিত্বপ্রত্যাশী৷ কিন্তু শাসকীয় দলটোৱে মৰিয়নি সমষ্টিত প্রার্থিত্ব প্রদান কৰে ৰমণী তাঁতীক৷ ক্ষুব্ধ অলক ঘোষে তাৰ পিছতে বিজেপি এৰি অজাপত যোগদান কৰে আৰু লগে লগে প্রার্থিত্বও লাভ কৰে৷ ইয়াৰ পূর্বে মৰিয়নি সমষ্টিৰ প্রার্থী হিচাপে দলটোৱে ৰাজীৱ কুমাৰ হাজৰিকাৰ নাম ঘোষণা কৰিছিল৷ কিন্তু অলক ঘোষে প্রার্থিত্ব নোপোৱাৰ পিছতে অজাপই সিদ্ধান্ত সলনি কৰে আৰু অখিল গগৈৰ বিৰুদ্ধে নিজাববীয়া শক্তিশালী প্রার্থী প্রক্ষেপৰ সিদ্ধান্ত লয়৷
ইফালে, অসম জাতীয় পৰিষদৰ অন্যতম সম্পাদক তথা ধেমাজি সমষ্টিৰ প্রার্থী চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধেও অন্তিম মুহূর্তত প্রার্থী প্রক্ষেপ কৰিছে ৰাইজৰ দলে৷ ধেমাজিত ৰাইজৰ দলৰ প্রার্থী হৈছে নৰেশ পাৱ৷ তেওঁ দীঘলীয়া সময়ৰ বাবে কংগ্রেছ দলৰ নেতা আছিল৷ এইবাৰ প্রার্থিত্বৰ শক্তিশালী দাবীদাৰো আছিল৷ কিন্তু কংগ্রেছ দলে সমষ্টিটোত প্রার্থিত্ব প্রদান কৰে শৈলেন সোণোৱালক৷ কংগ্রেছৰ প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছৰে পৰা তেওঁ ৰাইজৰ দলৰ লগত যোগাযোগত আছিল৷ আজি অখিল গগৈৰ বিৰুদ্ধে অজাপই প্রার্থী দিয়াটো নিশ্চিত হোৱাৰ লগে লগে ৰাইজৰ দলো ধেমাজি সমষ্টিৰ প্রতিদ্বন্দ্বিতাত নামি পৰিল৷ একেদৰে ৰূপহীহাট সমষ্টিক লৈও দল দুটাৰ মাজত তীব্র মতানৈক্যৰ সৃষ্টি হৈছে৷ ৰাইজৰ দলে সংখ্যালঘু অধ্যুষিত এই সমষ্টিটোত প্রার্থী হিচাপে নজৰুল ইছলামৰ নাম ঘোষণা কৰিছিল৷ একে সময়তে এই সমষ্টিটোত অজাপক প্রার্থী নিদিবলৈ অনুৰোধো জনাইছিল৷ কিন্তু অনুৰোধ নৰজিল৷ আজি ৰূপহীহাটতো নিজৰ প্রার্থী প্রক্ষেপ কৰাৰ সিদ্ধান্ত লৈছে অসম জাতীয় পৰিষদে৷
কেৱল সেয়াই নহয়, আন এটা সংখ্যালঘু অধ্যুষিত সমষ্টি চেঙাতো ৰাইজৰ দলৰ অন্যতম সম্পাদক হুছেইন মহম্মদ ছাহজাহানৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাৰ কুচকাৱাজ চলাইছে অজাপই৷ নতুনকৈ গঠিত দুই দলৰ সংঘাতৰ অন্যতম স্পষ্ট ৰূপ দেখা গ’ল মাহমৰাতো৷ আজি সমষ্টিটোত অজাপৰ মাণিক গগৈ আৰু ৰাইজৰ দলৰ লোহিত গগৈয়ে মনোনয়ন–পত্র দাখিল কৰে৷ চাবুৱাত ৰাইজৰ দলে প্রাক্তন অগপ নেতা ভবেন বৰুৱাক প্রার্থিত্ব প্রদান কৰাৰ বিপৰীতে অজাপৰ হৈ প্রতিদ্বন্দ্বিতা কৰাৰ কথা আছিল ৰাফেল কুজুৰে৷ কিন্তু মনোনয়ন–পত্র দাখিলৰ অন্তিম দিনটোত আশ্চর্যজনকভাৱে ৰাফেল কুজুৰে দলৰ পৰা পদত্যাগ কৰে৷ ইয়াৰ কাৰণ হিচাপে পদত্যাগ–পত্রত তেওঁ ঘৰুৱা অসুবিধাৰ কথা উল্লেখ কৰিছে৷ ইয়াৰ বাহিৰে বটদ্রৱা, ধিং, টীয়ক, তেজপুৰ, বৰক্ষেত্রী, পূব গুৱাহাটী আদি অনেক সমষ্টিত মিত্রতাত আবদ্ধ হোৱা বুলি ঘোষণা কৰা দুয়োটা দলেই পৃথকে পৃথকে প্রার্থিত্ব প্রদান কৰিছে৷ কিন্তু কার্যক্ষেত্রত এই মিত্রতা এতিয়া শত্রুতাৰ ৰূপতহে প্রতিফলিত হৈছে৷