নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰ ইণ্ডিয়াৰ অসম মণ্ডলত নিযুক্তিৰ সুযোগ

এয়াৰ ইণ্ডিয়াৰ অসম মণ্ডল(Air India Assam Zone)ত খালী হৈছেMedical Officerৰ ১টা পদ৷ পদটো এয়াৰ ইণ্ডিয়াৰ ডিব্রুগড় জিলাৰ শাখা কার্যালয়ত পূৰণ কৰা হ’ব৷ আবেদনকাৰী এমবিবিএছৰ ডিগ্রীধাৰী অথবা এমচিআইৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত চিকিৎসা মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ পৰা ইয়াৰ সমপর্যায়ৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷

অসম চিকিৎসা পৰিষদত নাম পঞ্জীয়নভুক্ত হোৱাটো বাঞ্ছনীয়৷ বয়স ১৫ ফেব্রুৱাৰী, ২০২১লৈ সর্বোচ্চ ৬৩ বছৰ৷ প্রার্থী নিযুক্তি ঠিকাভিত্তিক চুক্তিত কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৩২,৫০০ টকা৷ পদপ্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটwww.airindia.org লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনAlliance Air Personal Department, Alliance Bhawan, Domestic Terminal-1, I.G.I. Airport, New Delhi-110037 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৪ মার্চ, ২০২১৷

You might also like