নৱগ্ৰহ স্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পূৰ্ণ হ’ল প্ৰয়াত বৰঠাকুৰৰ শেষকৃত্য
বিশিষ্ট সমাজ সংগঠক, উদ্যোগপতি তথা প্ৰশাসক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ যোৱা ১৬ ফেব্ৰুৱাৰীত মৃত্যু হোৱা বিশিষ্ট সমাজ সংগঠক, উদ্যোগপতি তথা প্ৰশাসক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য আজি নৱগ্ৰহ স্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়৷ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ নশ্বৰ দেহত মাল্যাৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে৷ শেষকৃত্য অনুষ্ঠানত কেইবাগৰাকীও মন্ত্ৰী, বিষয়া তথা অসংখ্য গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷
প্ৰয়াত দীপক কুমাৰ বৰঠাকুৰলৈ শেষ শ্ৰদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এইগৰাকী বিশিষ্ট সমাজ সংগঠক তথা প্ৰশাসকৰ বিয়োগ ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয় যে প্ৰয়াত বৰঠাকুৰে ৰাজ্যখনৰ উদ্যমিতা আৰু ঔদ্যোগিক বিকাশৰ দিশলৈ যথেষ্ট বৰঙনি যোগাই গৈছে৷ মানৱীয় দৃষ্টিভংগী সম্পন্ন এইগৰাকী সমাজ সংগঠকে সমাজৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰাৰ উপৰি বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ সৱলীকৰণৰ দিশতো অৰিহণা আগবঢ়াই গৈছে৷ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ হিচাপে তেখেতে আগবঢ়াই যোৱা ভূমিকা জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব৷ মুখ্যমন্ত্ৰীয়ে প্ৰয়াত বৰঠাকুৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
Contributions of Late Dipok Kumar Barthakur in social & industrial development & entrepreneurship will be always remembered by the posterity.
Paid my last respects to him today as his mortal remains were consigned to the flames. May his soul rest in peace! Om Shanti. pic.twitter.com/u7jyCPTdcS
— Himanta Biswa Sarma (@himantabiswa) February 19, 2022