নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেলী শংকৰদেৱ বিদ্যা নিকেতনত মাতৃ সন্মিলন

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত নগাঁও বিভাগৰ জাগীৰোড সংকুলৰ অন্তৰ্গত ১০খন নিকেতনৰ মাতৃ সন্মিলন নেলী শংকৰদেৱ বিদ্যা নিকেতনত আজি অনুষ্ঠিত হয় । পুৱা কৈলাস কুমাৰ বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ৷ নেলীৰ মাতৃ ভাৰতীৰ সভানেত্ৰী মঞ্জু বৰদলৈয়ে সঞ্চালনা কৰা উদ্বোধনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিভাগ নিৰীক্ষক পৰাণ বৰাই ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি “শিশুৰ ব্যক্তিত্ব বিকাশত বা ভৱিষ্যত গঠনত মাতৃৰ ভূমিকা” সম্পৰ্কত বক্তব্য প্ৰদান কৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈয়ে । অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি “সমাজ গঠনত মাতৃৰ ভূমিকা” সন্দৰ্ভত বক্তব্য ৰাখে ননৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° কবিতা কুশ্ৰে। লগতে প্ৰতিখন নিকেতনৰ মাতৃয়ে গীত-নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে জাগীৰোড নিকেতনৰ মাতৃসকলে তৃষ্ণা গগৈৰ ৰচিত আৰু পৰিচালিত “মৰম” নামৰ এখন চুটি নাট মঞ্চস্থ কৰে । অনুষ্ঠানটোত সংকুল প্ৰমুখ ৰুবুল শ‌ইকীয়া, প্ৰধানাচাৰ্য ক্ৰমে ধনঞ্জয় বৰদলৈ, জোন ডেকা, দীপ ভূঞা, পদ্মেশ্বৰ ডেকা, ঊষা ৰাণী দাস প্ৰমুখ্যে কেইবাগৰাকী গণ্যমান্য ব্যক্তিৰ লগতে বিভিন্ন নিকেতনৰ পাঁচ শতাধিক মাতৃ উপস্থিত থাকে । আনহাতে, অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত নেলীৰ নিকেতনৰ পৰিচালনা সমিতি, আচাৰ্য-আচাৰ্যা আৰু ছাত্ৰ-ছাত্ৰীসকলে বিশেষ ভূমিকা পালন কৰে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like