নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীৰ মানসিক বিকাৰগ্ৰস্ত মোজাফ্ফৰ গুৱাহাটীৰ লতাশিলৰ পৰা নিৰুদ্দেশ

নিয়মীয়া বাৰ্তা, ১৩ মে’ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সোণাপুৰ বেকাৰডুবা গাঁৱৰ আব্দুল বাতেন সেখৰ পুত্ৰ মোজাফ্ফৰ হুছেইন (৩৮) এজন মানসিক বিকাৰগ্ৰস্ত লোক । মোজাফ্ফৰ হুছেইনক চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে গুৱাহাটীৰ লতাশিলৰ মনোৰোগ বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ যোৱা শুকুৰবাৰ লৈ গৈছিল । কিন্তু হঠাত সেইদিনাই লতাশিলৰ পৰা মোজাফ্ফৰ নামৰ লোকজন নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। মোজাফ্ফৰ লগত যোৱা পৰিয়ালৰ লোকে লতাশিল অঞ্চলত বিচাৰ-খোঁচাৰ কৰাৰ পিছতো কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত ঘটনা সন্দৰ্ভত গুৱাহাটীৰ লতাশিল থানা আৰু মানকাচৰ থানাত ইতিমধ্যে সন্ধানহীনৰ এজাহাৰ দাখিল কৰিছে । উক্ত বিকাৰগ্ৰস্ত লোকজনক যদি কোনো সদাশয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰে, তেন্তে গুৱাহাটীৰ লতাশিল থানা তথা মানকাচৰ থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে। তদুপৰি 8011737040/8473947406 নম্বৰতো যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

 

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like