ডিজিটেল ডেস্ক, ১৯ জুলাই : নিশা মেৰাপানীৰ মজগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত দুজন যুৱক থিতাতে নিহত হয়। নিহত যুৱক দুজন ক্ৰমে প্ৰিন্স মেছ আৰু প্ৰেম কুমাৰ বিশ্বকৰ্মা ওৰফে কুলাই। দুয়োজন যুৱকৰে ঘৰ গোলাঘাটত।
গোলাঘাট অভিমুখে গৈ থকা AS-12 J-6527 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখনে মজগুৰি পেট্ৰল পাম্পৰ সন্মুখৰ এজোপা গছত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰতিবেশীয়ে সন্দেহ কৰা অনুসৰি, নিশা এক মান বজাতেই দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটো ইমানকৈ ভয়ংকৰ আছিল যে গছত খুন্দা মাৰি বাহনখন কাষৰে এটা দ নলাত সোমাই পৰে। পাছত পুৱা বাটৰুৱাই বাহনখন প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে বহু কষ্টৰ অন্তত বাহনখনৰ দুৱাৰ ভাঙি মৃতদেহ দুটা উদ্ধাৰ কৰে। নেৰানেপেৰা বৰষুণৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে।