🔹 ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ম, অসম আৰু ভাৰতবৰ্ষত ইয়াৰ প্ৰভাৱ’ শীৰ্ষক বক্তৃতা প্ৰদান
🔹 সংস্কাৰেই সংস্কৃতিৰ মূল : মৃণালিনী দেৱী
বিশেষ বাৰ্তা, ৭ অক্টোবৰ : আজি সদৌ অসম সত্ৰ মহাসভাৰ অন্তৰ্গত সদৌ শোণিতপুৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত সদৌ শোণিতপুৰ জিলা সত্ৰ মহাসভাৰ সভাপতি তুলসী বৰঠাকুৰৰ সভাপতিত্বত এখন ৰাজহুৱা সভা আৰু ‘মাজুলী গড়মূৰ সৰু সত্ৰ’ৰ সত্ৰাধিকাৰ তথা সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি হৰিদেৱ গোস্বামীৰ সঞ্চালনাত “শংকৰদেৱৰ তাত্ত্বিক দৰ্শন”ৰ ওপৰত বিশেষ আলোচনা-চক্ৰ অনুষ্ঠিত হয়। জামুগুৰিহাটৰ পাতলাচুক নামঘৰত বিশেষ আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী, আদৰ্শ মাতৃ বঁটাপ্ৰাপক তথা সদৌ অসম সত্ৰ মহাসভাৰ আই কনকলতা মহিলা তীৰ্থ, অসমৰ মুখ্য উপদেষ্টা মৃণালিনী দেৱীয়ে ”মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ম, অসম আৰু ভাৰতবৰ্ষত ইয়াৰ প্ৰভাৱ” শীৰ্ষক বক্তৃতা প্ৰদান কৰি কয় যে সংস্কাৰেই সংস্কৃতিৰ মূল। ভাৰতবৰ্ষৰ ঋষি-মনীষীসকলে এই সংস্কাৰৰ জৰিয়তেই ভাৰতীয় সনাতন ধৰ্মৰ উন্নতি সাধন কৰিছিল । মনত ধৰ্মীয় ভাব, ভাবনা ,অনাবিল আনন্দ, সুখ-শান্তিৰ অনুভূতি জগাবলৈয়ে আধ্যাত্মিক গীত-মাত, ভজন, স্তৱ-স্তুতি আদিৰে দেৱ-দেৱীসকলৰ পূজা-অৰ্চনা আদিৰ দ্বাৰা তেওঁলোকে আধ্যাত্মিক আদৰ্শসমূহ ৰক্ষা কৰি আহিছিল। আজি সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে নিজৰ দেশ তথা জাতিৰ সংস্কৃতিৰ বিকাশ সাধন তথা জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে এই আদৰ্শসমূহ পালন কৰিবলৈ যত্ন বা চেষ্টাৰ ত্ৰুটি কৰা নাই বুলি কয়। ভাষণ প্ৰসংগত তেওঁ ভাৰতৰ জাতীয় সংস্কৃতিক অপসংস্কৃতিয়ে কেতিয়াও গ্ৰাস কৰিব নোৱাৰে বুলিও কয়। তেওঁ ভাষণ প্ৰসংগত কয়- সত্য যুগৰ একমাত্ৰ শুদ্ধ ধৰ্ম আছিল কেৱল হৰিনাম। এই হৰিনাম দেৱতাসকলে নিজ নিজ দেৱ-দেৱীৰ মূৰ্তি পূজা-সেৱা প্ৰচলন কৰাৰ মানসেৰে এই ধৰ্মটিক বেকত কৰি দিয়া নাছিল বুলি এক তাত্ত্বিক ভাষণ দিয়ে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কিদৰে বৰ অসম গঢ়ি গৈছে, সেই বিষয়ে তত্ত্বগধুৰ ভাষণেৰে সকলোৰে মন জয় কৰি আপ্লুত কৰে। আলোচনা-চক্ৰত মুখ্য অতিথি হিচাপে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই গুৰুজনাই কেনেকৈ পাহাৰ-ভৈয়াম, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি একত্ৰিত কৰি সমন্বয় গঢ়ি তুলিছিল, সেই বিষয়ে ভাষণ প্ৰসংগত কয়। আলোচনা-চক্ৰৰ আগতে ৰাজহুৱা সভাত সদৌ অসম সত্ৰ মহাসভাৰ ন-দুৱাৰ আঞ্চলিক সমিতি আৰু সদৌ অসম আই কনকলতা মহিলা তীৰ্থ, অসমৰ ন-দুৱাৰ আঞ্চলিক মহিলা সমিতি নতুনকৈ গঠন কৰা হয়। আলোচনা-চক্ৰত সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা নগাঁও গজলাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামী, চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, নগাঁও খৌৰামুচৰ সত্ৰৰ সত্ৰাধিকাৰ দুগ্ধ দেৱ গোস্বামী, শ্ৰীশ্ৰী তামোলবাৰী সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য গোস্বামী, শোণিতপুৰ জিলা সত্ৰ মহাসভাৰ সম্পাদক তথা সাউদকুচী সত্ৰৰ সত্ৰীয়া কমলজ্যোতি গোস্বামী, সদৌ অসম আই কনকলতা মহিলা তীৰ্থ, অসমৰ উপ-সভাপতি স্বপ্না কলিতা, সদৌ অসম আই কনকলতা মহিলা তীৰ্থ, অসমৰ প্ৰধান সম্পাদিকা ড০ অমিয় পাটৰ, শোণিতপুৰ জিলা সত্ৰ মহাসভাৰ উপ-সভাপতি ড: গ্ৰহণ মহন্ত, শোণিতপুৰ জিলা সত্ৰ মহাসভাৰ উপ-সভাপতি প্ৰফুল্ল দাস আদি উপস্থিত আছিল।