নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত মৃণালিনী দেৱীৰ ওপজা দিন ৰাজহুৱাভাৱে পালন

বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ সদৌ অসম লেখিকা সংস্থাৰ অন্তৰ্গত বৃহত্তৰ কাহিলিপাৰা-গণেশগুৰি লেখিকা সংস্থাৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি, বিশিষ্টা সু-সাহিত্যিক, আদৰ্শ মাতৃ বঁটা প্ৰাপক, আই কনকলতা মহিলা তীৰ্থ, অসমৰ মুখ্য উপদেষ্টা তথা বৃহত্তৰ কাহিলিপাৰা-গনেশগুৰি লেখিকা সংস্থাৰ সভাপতি মৃনালিনী দেৱীৰ কালি ”৮৫ সংখ্যক ওপজা দিন”টো ৰাজহুৱা ভাৱে পালন কৰে। গুৱাহাটীস্থিত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত বৃহত্তৰ কাহিলীপাৰা-গনেশগুৰি লেখিকা সংস্থা, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা যজ্ঞৰাম-ঠান্ডাবালা স্মৃতি পুথিভঁৰালৰ সঞ্চালক ৰমেন ভৰালী, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য বিষ্ণু ডেকা, সদৌ অসম লেখিকা সংস্থাৰ সভাপতি মৃদুলা শৰ্মা, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সচিব প্ৰধান ড: প্ৰণতি তালুকদাৰ (মুদিয়াই), জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰানা বশিষ্ঠ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ আজীৱন সদস্য ভূপেন শৰ্মা , বৃহত্তৰ কাহিলিপাৰা-গনেশগুৰি লেখিকা সংস্থাৰ নৱ-নিৰ্বাচিত সম্পাদিকা গীতিকা দেৱী আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বিপুল ভাবে সম্বৰ্দ্ধনা জনোৱা হয়। ৰাজহুৱা ভাৱে ওপজা দিন পালনৰ আগতে বন্তি প্ৰজ্বলন কৰে ‘আদৰ্শ জননী বঁটা’ প্ৰাপক, বিশিষ্টা লেখিকা মৃণালিনী দেৱীয়ে, বন্তি প্ৰজ্বলনৰ পিছতে ভগদত্ত পুৰ নামতি আৰু কইনাধৰা মহিলা নামতি দলে নাম প্ৰসংগ কৰে। ৰাজহুৱা ওপজা দিনত উপস্থিত থাকি সদৌ অসম লেখিকা সংস্থাৰ সভাপতি মৃদুলা শৰ্মা, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ৰমেন ভৰালী, বিষ্ণু ডেকা , অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সচিব প্ৰধান ড: প্ৰণতি তালুকদাৰ মুদিয়াই আদৰ্শ মাতৃ গৰাকীক শুভেচ্ছা জনোৱাৰ লগতে দীৰ্ঘ জীৱন কামনা কৰে আৰু সু-লেখিকা গৰাকীৰ জীৱন কৃতি সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। নিজৰ ৮৫ সংখ্যক ওপজা দিনত ৰাজহুৱা সম্বৰ্দ্ধনা গ্ৰহণ কৰি সু-সাহিত্যিক মৃনালিনী দেৱীয়ে ৰাইজৰ মৰম পাই অভিভূত হৈ পৰে আৰু ভৱিষ্যতে ৰাইজৰ সেৱা আগবঢ়ায় যাব তাৰ বাবে ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰে। লগতে তেওঁ ভৱিষ্যতে এগৰাকী লেখিকা হিচাপে নিজৰ কৰ্ম কৰি যাব বুলি কয়। সভা আতধৰে বৃহত্তৰ কাহিলীপাৰা-গনেশগুৰি লেখিকা সংস্থাৰ সম্পাদিকা ৰুনুমি লহকৰে।

#বাৰ্তা ডেস্ক

You might also like