নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামৰিক চিকিৎসালয় ঘূৰাই অনাৰ দাবীত নলবাৰীত মহামিছিল

বিশেষ বাৰ্তা, ২১ অক্টোবৰঃ দীৰ্ঘদীনধৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিয়াৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলন-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হৈ থকাৰ সময়তে আজি এক বিশাল প্ৰতিবাদী কাৰ্যসূচীয়ে নলবাৰী চহৰৰ ৰাজপথ কঁপাই তোলে। শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতি, নলবাৰীৰ উদ্যোগত আজি সহস্ৰাধিক জনতাই  গণেশ মন্দিৰত সমবেত হৈ মহামিছিলত অংশগ্ৰহণ কৰে। উক্ত ঠাইৰ পৰা মহামিছিলটো থানা চ’ক অভিমুখে ৰাওনা হয়। প্ৰতিবাদী ৰাইজে ‘১১০ খন বিছনাযুক্ত হাস্পতালৰ ব্যৱস্থা কৰাৰ চৰকাৰী প্ৰতিশ্ৰুতি অবিলম্বে পূৰণ কৰক’, ‘নলবাৰীৰ  চিভিল হাস্পতালখনৰ পূৰ্বৰ অসামৰিক মৰ্যাদা কাঢ়ি লোৱা নচলিব’, ‘পূৰ্বৰ ২৩৫খন বিছনাযুক্ত হাস্পতালখনৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিয়ক’, ‘অবিলম্বে চিভিল হাস্পতালখনত ৰোগী ভৰ্তিৰ ব্যৱস্থা কৰক’, ‘দাবী পূৰণ নোহোৱালৈকে তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তোলক’ আদি শ্লোগানেৰে ৰাজপথ উত্তাল হৈ পৰে।প্ৰতিবাদকাৰীসকলৰ উজ্জীৱিত শ্লোগানেৰে উত্তাল সমদলৰ প্ৰতি যাত্ৰাপথত ৰৈ থকা জনসাধাৰণে শলাগ লয় আৰু গভীৰ আন্তৰিক সমৰ্থন ব্যক্ত কৰে। থানা চ’কত আহি প্ৰতিবাদকাৰীসকলে ৰাজপথ অবৰোধ কৰে আৰু গভীৰ আন্দোলনমুখৰ পৰিবেশ গঢ়ি তোলে। উক্ত ঠাইত নলবাৰী জিলা আয়ুক্তৰ হৈ নলবাৰী সদৰ ৰাজহ চক্ৰ বিষয়াই স্মাৰক পত্ৰ গ্ৰহণ কৰে। বিষয়াগৰাকীৰ যোগেদি মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সুৰক্ষা সমিতিৰ সভাপতি ড° নাৰায়ণ শৰ্মা আৰু সাধাৰণ সম্পাদক জিতেন্দ্ৰ কুমাৰ জৈন স্বাক্ষৰিত স্মাৰক পত্ৰত কোৱা হয় যে দীৰ্ঘদিনীয়া ধাৰাবাহিক আন্দোলনৰ হেঁচাত বহিঃবিভাগৰ পৰিসেৱা মুকলি কৰিলেও ৰোগী ভৰ্তিৰ ব্যৱস্থা কৰা নাই আৰু হাস্পতালখনৰ চিভিল মৰ্যাদা কৰ্তন কৰা হৈছে। ১১০খন বিছনাৰ পৰিসেৱাৰ ব্যৱস্থা মুকলি কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি ভংগ কৰা হৈছে। ইয়াৰ ফলত দুখীয়া মানুহে জ্বলাকলা খাইছে আৰু তিলতিলকৈ ৰোগ যন্ত্ৰণাত দগ্ধ হবলগীয়া হৈছে। সেয়েহে অবিলম্বে ৰোগী ভৰ্তিৰ ব্যৱস্থা কৰাৰ লগতে পূৰ্বৰ ২৩৫ খন বিছনাৰ পৰিসেৱা ঘূৰাই দিয়াৰ দাবী জনোৱা হয়। জিলা আয়ুক্তগৰাকীক মুখ্যমন্ত্ৰীৰ লগত সুৰক্ষা সমিতিৰ আলোচনাৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনোৱা হয়। প্ৰতিবাদথলীত সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ কুমাৰ জৈনে কয় যে লক্ষাধিক দুখীয়া ৰাইজে মৰ্মে উপলব্ধি কৰিছে যে নলবাৰী চহৰত ভৰ্তি হৱ পৰাকৈ উন্নতমানৰ চৰকাৰী হাস্পতাল নথকাৰ ফলত দুখীয়া মানুহে চিকিৎসাহীন এটা পৰিস্থিতিত দিন যাপন কৰিবলৈ বাধ্য হৈছে।এই অমানৱীয়, দুখীয়া বিৰোধী সিদ্ধান্ত মানি ল’ব নোৱাৰি। চৰকাৰে হাস্পতালখনৰ পূৰ্ণ মৰ্যাদা ঘূৰাই নিদিয়ালৈকে আমি তীব্ৰৰ পৰা তীব্ৰতৰ গণআন্দোলন গঢ়ি তুলিব লাগিব। তেওঁ সকলো ৰাইজক অহা দিনৰ কঠিন সংগ্ৰামৰ বাবে সাজু হ’বলৈ আহ্বান জনায়। ইপিনে, আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সুৰক্ষা সমিতিৰ উপ সভাপতি জ্ঞানেন চক্ৰৱৰ্তী, প্ৰজ্জ্বল দেৱ, সুৰক্ষা সমিতিৰ সহ সম্পাদক মুনীন্দ্ৰ দলে, দিব্যজ্যোতি হালৈ, কাৰ্যকৰী সদস্য কুশল পেগু, ব্ৰজেন বৰ্মন,মালতী বসুমতাৰী আদি বহু বিশিষ্ট ব্যক্তিসকলে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like