নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’বাইল কিনিবলৈ পইচা নিদিয়াৰ বাবে মাকক হত্যা : লাহোৱালত কুলাংগাৰৰ জঘন্য কাণ্ড

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ কালি সন্ধিয়া লাহোৱাল থানাৰ অৰ্ন্তগত ডিব্ৰুৱাল চাংমাই গাঁৱৰ সমীপৰ মটক চাহ বাগিচাৰ লাইনত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বাসিন্দা ৰিংকু দাসৰ পত্নী মমতা দাস (৩৬)ক নিজ পাষণ্ড পুত্ৰ জিন্টু দাসে মোবাইলত গেম খেলিবৰ বাবে এটা নতুন মোবাইল কিনিব বিচাৰি  দীৰ্ঘদিনৰ পৰা মাকক  টকা দাবী কৰি কাজিয়া পেচালত লিপ্ত হৈ আছিল যদিও মাকে মোবাইল কিনিবৰ বাবে জিন্টু দাসক টকা দিবলৈ অমান্তি হৈছিল ৷ মমতা দাসৰ স্বামী অৰ্থাৎ জিন্টু দাসৰ পিতৃ ৰিংকু দাসে  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটা গৃহ লাভ কৰিছিল । সেই গৃহটি নিৰ্মাণৰ বাবে ৰখা সাঁচতীয়া টকাখিনিৰ লগতে পিতৃয়ে দিন হাজিৰা কৰি মাতৃক ৰাখিবলৈ দিয়া টকাকেইটা বিচাৰি পাষণ্ড জিন্টুৱে নিতৌ মাতৃৰ লগত কাজিয়াত লিপ্ত হৈছিল ৷ কালি সন্ধিয়াও একেই ধৰণে মাতৃৰ পৰা টকা বিচাৰি জিন্টুৱে দুৰ্বাদল কাজিয়াত লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে। কিন্তু কাজিয়াই চৰম সীমা অতিক্ৰম কৰাত নিজ মাতৃক জিন্টুৱে মুখমণ্ডল আৰু মূৰত এডাল ৰ’ডেৰে উপৰ্যপুৰি প্ৰহাৰ কৰি ঘৰৰ ভিতৰতে হত্যা কৰি  মাকৰ সাঁচতীয়া ধনসমূহ লৈ পলায়ন কৰে। মাকক ইমানেই জঘন্যভাবে প্ৰহাৰ কৰিছিল যে মাকৰ কেইবাটাও দাঁত ভগাৰ লগতে চকু পৰ্যন্তও ওলাই আহে। ঘটনাৰ খৱৰ পোৱাৰ পিছতে লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্বল গগৈৰ সহিতে যোৱা এটা আৰক্ষী দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ কোঠাৰ ভিতৰতে চিটিকি পৰা তেজৰ  নমুনা সংগ্ৰহ কৰি হত্যাকাণ্ডত ব্যৱহৃত এডাল ৰডো উদ্ধাৰ কৰে। ইফালে আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে মাতৃক হত্যা কৰি পলায়ন কৰা জিন্টু দাসে ডিব্ৰুগড়ত এটা মোবাইল ক্ৰয় কৰি থকা অৱস্থাতে ৰাইজে কৰায়ত্ত কৰি লাহোৱাল আৰক্ষীক গতাই দিয়ে ৷ লাহোৱাল  আৰক্ষীয়ে জিন্টু দাসক ঘটনাস্থলীলৈ নি সোধপোছ কৰাত  জিন্টু দাসৰ পকেটৰ পৰা এটা মোবাইল ফোন আৰু ৪ হাজাৰ টকা উদ্ধাৰ কৰে। প্ৰথমে হত্যাকাণ্ডত জড়িতৰ কথা অস্বীকাৰ কৰিছিল যদিও আৰক্ষীয়ে চলোৱা জেৰাত নিজমুখে স্বীকাৰ কৰিবলৈ বাধ্য হয়। অপৰাধী মনৰ জিন্টুৱে জেৰাৰ পাকত নিজক বচাবলৈ কৌশলৰে নিজ মাতৃৰ হত্যাকাণ্ডত আন দুজন বন্ধুৱে সহযোগ কৰা বুলি অভিযোগ আনিছিল যদিও নিশাই দুয়োজনকে থানালৈ আনি ওৰেনিশা  জেৰা চলোৱাৰ পিচতো আৰক্ষীয়ে কোনোধৰণৰ প্ৰমাণ লাভ কৰিবলৈ সক্ষম নোহোৱাত পূৰ্ণ জেৰাৰ অন্তত জিন্টু দাসে  মাতৃক অকলেই হত্যা কৰা বুলি নিজ মুখে স্বীকাৰ কৰে। ইফালে নিশাই মমতা দাসৰ  মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ আনে আজি পুৱা দণ্ডাধীশৰ  উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে আজি পুৱা জিন্টু দাসৰ পিতৃয়ে প্ৰদান কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৭৫/৩০২ ধাৰাৰ অধীনত একোটাকৈ গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

প্ৰেৰক কাঞ্চন জ্যোতি গোহাঁই

You might also like