নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলমান ছাত্রীয়ে বোর্খা নিপিন্ধিলেও হিজাব পিন্ধক

🔹 কলগাছিয়াত বিতর্কিত মন্তব্য বদৰুদ্দিনৰ
🔹 দোপাট্টা নোলোৱা যুৱতীক বিয়া নাপাতিবলৈ মুছলমান যুৱকক আহ্বান এইউডিএফৰ সভাপতিৰ

বিশেষ বাৰ্তা, ৮ জানুৱাৰী : সততে উগ্র সাম্প্রদায়িক আৰু বিতর্কিত মন্তব্য কৰি অহা এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে এইবাৰ মুছলমান ছাত্রীক লৈ চূড়ান্ত অশোভনীয়-বিতর্কিত মন্তব্য কৰিছে৷ কালি বৰপেটা জিলাৰ কলগাছিয়াত ‘আজমল ছুপাৰ ৪০’ৰ এটা শাখা মুকলি কৰিবলৈ আহি মুছলমান ছাত্রীৰ ওঁঠত লিপষ্টিক আৰু মেকআপক লৈ আজব মন্তব্য কৰে৷ অনুষ্ঠানত উপস্থিত মুছলমান ছাত্রীৰ ওঁঠত লিপষ্টিক আৰু মুখত মেকআপ দেখি খঙত ফাটি পৰে আজমল৷ ছাত্রীসকলে কিয় চিনেমাৰ অভিনেত্রীৰ দৰে ওঁঠত লিপষ্টিক আৰু মেকআপ কৰি আহিছে তাক লৈ প্রশ্ণ উত্থাপন কৰি আজমলে কয় যে এইখন ফিল্ম ফেয়াৰ এৱার্ডৰ সভা নহয়৷ শিক্ষানুষ্ঠানৰ সভা৷ এয়া দুলহন বিচাৰি অহা সভা নহয়৷ ছাত্রীসকলে দুলহা বিচাৰি আহিছে নেকি, হিৰ’ বিচাৰি আহিছে নেকি বুলি প্রশ্ণ কৰি ছাত্রীসকলক তেনেদৰে মেকআপ কৰি অহাৰ বাবে তীব্র সমালোচনা কৰে৷ এইক্ষেত্রত তেওঁ কয় যে মেকআপ কৰা আৰু লিপষ্টিক লগোৱা ছোৱালীবোৰৰ চালচলন বেয়া হৈছে৷ এতিয়া ম’বাইলৰ যুগত ল’ৰা–ছোৱালীৰ চালচলন সলনি হৈছে৷ পিতৃ–মাতৃসকলক এইক্ষেত্রত সন্তানৰ প্রতি চকু ৰাখিবলৈ তেওঁ অভিভাৱকসকলক উপদেশ দিয়ে৷ ভাষণত আজমলে লগতে মুছলমান ছোৱালীসকলে বোর্খা নিপিন্ধিলেও হিজাব পিন্ধক বুলি আহ্বান জনায়৷ আনকি সেই সভাত উপস্থিত থকা ছাত্রসকলকো দোপাট্টা নোলোৱা কোনো ছোৱালীকে বিয়া নাপাতিবলৈও তেওঁ আহ্বান জনায়৷ তেওঁ কয় যে আজমলৰ ছুপাৰ–৪০ত ক’চিং লৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি চিকিৎসক হোৱা মুছলমান ছাত্রসকলক হিজাব নিপিন্ধা, দোপাট্টা নোলোৱা, লিপষ্টিক লগোৱা মুছলমান ছোৱালীক বিয়া নাপাতিবলৈ আহ্বান জনায়৷ ছাত্র–ছাত্রী আৰু অভিভাৱকৰ উপস্থিতিত হোৱা অনুষ্ঠানটোত আজমলৰ তেনে বিতর্কিত মন্তব্যই ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ইপিনে, সেই অনুষ্ঠানৰ পাছত সাংবাদিকৰে হোৱা বার্তালাপত আজমলে কয় যে কংগ্রেছ হ’ল ডাঙৰ চোৰ আৰু বিজেপি হ’ল সৰু চোৰ৷ শেহতীয়াকৈ নিজ সমষ্টিতে এআইইউডিএফত হোৱা খহনীয়া সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত আজমলে কয় যে ৰাজনীতিত আয়াৰাম গয়াৰাম থাকেই৷ কোন আহিছে কোন গৈছে ডাঙৰ কথা নহয়৷ কালিৰ অনুষ্ঠানত জনিয়াৰ বিধায়ক ৰফিকুল ইছলাম, চেঙাৰ বিধায়ক আশ্রাফুল হুছেইন, নিলম্বিত কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদো উপস্থিত থাকে৷

You might also like