🔹 বাংলাদেশী শক্তিৰ প্ৰৰোচনাত দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ
নিয়মীয়া বাৰ্তা, ১৫ জুন : ধুবুৰী চহৰত বিগত ৬ জুনৰ নিশা প্ৰত্যক্ষ কৰা ৰহস্যজনক দেৱাল লিখনৰ ৰহস্য মাৰ নেযাওঁতেই যোৱানিশা চহৰখনত পুনৰ কোনো অজ্ঞাত শক্তিয়ে লিখা দুটাকৈ দেৱাল লিখনে সমগ্ৰ বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে। উল্লেখ্য যে যোৱানিশা ধুবুৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ একাষত থকা প্ৰৱেশদ্বাৰৰ বিপৰীতে তথা “ডাক বাংলো”ৰ গাত লাগি থকা এখন চাহ-পৰঠা-ভাতৰ বন্ধ দোকানৰ টিনৰ বেৰত চক পেঞ্চিলেৰে লিখা দুটাকৈ লিখন প্ৰত্যক্ষ কৰে একাংশ পথচাৰীয়ে। ঘটনাটো অৱগত হৈ সেই স্থানত উপস্থিত হয় ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথকে ধৰি ধুবুৰী আৰক্ষীৰ উচ্চপদস্থ বিষয়াবৰ্গও।
উল্লেখ্য যে বিগত ৬ জুনত ধুবুৰী চহৰৰ বৰলুইতৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী পাৰঘাটৰ সমীপৰ পৌৰসভাৰ উদ্যানৰ পকী বেৰত প্ৰত্যক্ষ হোৱা সেই তিনিটা দেৱাল লিখনৰ অনুৰূপে পূৰ্বৰ সেই স্থানৰ পৰা সামান্য আঁতৰৰ দোকান এখনৰ টিনৰ বেৰত যোৱানিশা প্ৰত্যক্ষ কৰা হয় চক পেঞ্চিলেৰে লিখা দুটা লিখনি। অৱশ্যে পূৰ্বৰ দেৱাল লিখনি তিনিটাত অসমীয়া, বাঙালী, ইংৰাজী আৰু হিন্দী আখৰ ব্যৱহাৰ কৰা দেখা গৈছিল যদিও যোৱানিশাৰ লিখনি দুটাত বাঙালী আখৰ ব্যৱহাৰ কৰা হোৱা নাই। সেই লিখনি দুটাৰ এটাত “হিন্দুৱানা”, ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুৰ্গম ঘিউমাৰী আদি শব্দ থকা দেখা গেছে। আনহাতে, দ্বিতীয়টো লিখনিত আগগুৰি নোহোৱা কিছু ইংৰাজী শব্দ ব্যৱহাৰ কৰা পোৱা গৈছে। অৱশ্যে নিশ্চিত নহ’লেও পূৰ্বৰ দৰেই যোৱা নিশাৰ সেই দুটা লিখনিৰ যোগসূত্ৰ থকা বুলি সন্দেহ কৰিছে সচেতন মহলে। এই ঘটনা সন্দৰ্ভত যোৱানিশা এজনক আটক কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰকৃত সত্য কি, সেয়া আৰক্ষীৰ তদন্ততহে উন্মোচিত হ’ব।
উল্লেখ্য যে ঈদৰ আগদিনা অৰ্থাৎ ৬ জুনৰ সেই দেৱাল লিখন বিষয়টোক লৈ প্ৰথমাৱস্থাত গুৰুত্ব প্ৰদান কৰা নাছিল ধুবুৰীৰ অৰক্ষী-প্ৰশাসনে। কিন্তু সেই দেৱাল লিখনিৰ পিছদিনা অৰ্থাৎ ঈদৰ নিশা ৭ জুনত ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ নালিয়াৰ এটি হৰি মন্দিৰৰ সমীপত গো-মাংস উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। তাৰ এদিন পিছত অৰ্থাৎ ৮ জুনৰ দিনা ধুবুৰীৰ ৩নং ৱাৰ্ডৰ এটা হনুমান মন্দিৰৰ সমীপত গো-মুণ্ড উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰী চহৰতে সৃষ্টি হৈছিল উত্তেজনাৰ। এই লৈ ১৩ জুনত ধুবুৰীৰ পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সাংবাদিকৰ সন্মুখত বিগত ৬ জুনৰ সেই বিশেষ দেৱাল লিখনিৰ বিষয়টো উল্লেখ কৰে। উল্লেখ্য যে এই দেৱান লিখনৰ সমগ্ৰ ঘটনাত বাংলাদেশী শক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী