নৱ শৰণীয়াৰ ইউ টার্নঃ নিশাটোৰ ভিতৰতে মিত্র হ’ল বিজেপি-ইউপিপিএলৰ
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ সদ্যসমাপ্ত বিটিচি নির্বাচনত কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াৰ ভূমিকাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ ৰাজনীতিত কোনো স্থায়ী বন্ধু, কোনো স্থায়ী শত্রু নাই বুলি যি প্রবাদ চলি আহিছে, সেয়া এই নির্বাচনত আখৰে আখৰে প্রতিপন্ন কৰি দেখুৱালে সাংসদ শৰণীয়াই৷
উল্লেখ্য যে সাংসদ শৰণীয়াই তেওঁৰ নেতৃত্বত গঠিত গণ সুৰক্ষা পার্টীয়ে যোৱা বছৰৰ পৰাই এইবাৰৰ বিটিচি নির্বাচনত পৰিষদখনৰ শাসনভাৰ দখল কৰিব বুলি দাবী কৰি অহাৰ লগতে তেওঁ নিজেই নতুন বিটিচিত মুখ্য কার্যবাহী সদস্য হ’ব বুলি ৰাজহুৱাভাৱে ব্যক্ত কৰি আহিছিল৷ আনকি বিটিচি নির্বাচনৰ প্রচাৰতো তেওঁ একেই কথা উল্লেখ কৰে৷ নির্বাচনী প্রচাৰৰ সময়ত তেওঁ বিজেপি আৰু ইউ পি পি এলৰ দুর্ঘোৰ বিৰোধী আছিল৷ বিজেপি আৰু ইউ পি পি এলৰ মাজত গোপন মিত্রতা থকা বুলি বাৰম্বাৰ উল্লেখ কৰি তেওঁ দল দুটাৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনাত লিপ্ত হোৱাই নহয়, বি টি আৰ চুক্তি বিটিচি চুক্তিতকৈ অধিক ভয়াৱহ বুলি গুৰুতৰ অভিযোগ কৰে৷
পিছে কালি নির্বাচনী ফলাফলত বিটিচিৰ শাসনভাৰ দখলত বিভোৰ হৈ থকা শৰণীয়াৰ গণ সুৰক্ষা পার্টী মাত্র এখন আসনতহে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ ৩৬টাকৈ পৰিষদীয় সমষ্টিত দলীয় প্রার্থিত্ব থিয় কৰাই এখন আসনত জয়লাভ কৰাটো দলটোৰ বাবে নিশ্চিতভাৱে শোচনীয় প্রদর্শন৷ কিন্তু নির্বাচনত পৰাজয়ৰ পাছতেই সম্পূর্ণ ইউ টার্ন ল’লে শৰণীয়াই৷
নিশাটোৰ ভিতৰতে দুই শত্রু বিজেপি আৰু ইউ পি পি এলৰ তেওঁ মিত্র হৈ পৰে৷ কালি মাজনিশাই শৰণীয়াই তেওঁৰ দলৰ একমাত্র নির্বাচিত প্রতিনিধিজনক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কাষ চাপে৷ পুৱতিনিশা মন্ত্রী ড০ শর্মাৰ চৰকাৰী বাসভৱনত ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ সৈতেও একেলগে আলোচনাত মিলিত হয়৷ নিশাটোৰ সেই কার্যক্রমণিকাৰ পাছতেই আজি পুৱাৰ ভাগত ইউ পি পি এল–বিজেপিৰ সৈতে মিত্রতাপাশত গণ সুৰক্ষা পার্টী আবদ্ধ হয়৷ তাৰ ফলতেই এতিয়া প্রমোদ বড়ো নেতৃত্বাধীন নতুন বিটিচি চৰকাৰৰ অংশীদাৰ হৈ পৰিল সাংসদ নৱ শৰণীয়া