🔹 তিনিটা বিত্তীয় সাক্ষৰতা কেন্দ্ৰ মুকলি
নিয়মীয়া বাৰ্তা, ২৮ জুলাই : ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডে গ্ৰাম্য জীৱন ৰূপান্তৰিত কৰাত সফলতা উপলক্ষে উদযাপন কৰে আজাদী কা অমৃত মহোৎসৱ। বিত্তীয় সাক্ষৰতা কেন্দ্ৰ, ঢকুৱাখনাৰ উদ্যোগত আমোলাপত্তিস্থিত কাৰ্যালয়ত অনুষ্ঠিত হোৱা Achievements @ 75 : Transforming Lives আৰু NABARDৰ অৱদান শীৰ্ষক এই কাৰ্যসূচীত ঢকুৱাখনা আৰু ঘিলামৰা ব্লকৰ অৰ্ধশতাধিক বিভিন্ন গোটৰ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে ৷ বিত্তীয় সাক্ষৰতা কেন্দ্ৰ, ঢকুৱাখনা শাখাৰ পৰিচালক দিব্যজ্যোতি কোঁৱৰে আঁত ধৰা অনুষ্ঠানত লখিমপুৰ জিলাৰ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নাবাৰ্ড)ৰ জিলা উন্নয়ন পৰিচালক অম্লান ৰঞ্জন তামুলী, মুখ্য জিলা প্ৰবন্ধক মাধৱ শইকীয়া, পাঞ্জাৱ নেচনেল বেংকৰ ঢকুৱাখনা শাখাৰ পৰিচালক জিতু পেগু, অসম ৰাজ্যিক জীৱিকা মিছনৰ ঢকুৱাখনা ব্লকৰ প্ৰকল্প বিষয়া বিজয় কৃষ্ণ কোচে উপস্থিত থাকি ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ বিভিন্ন আঁচনিৰ লগতে ইয়াৰ সুফলসমূহৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানতে কেইগৰাকীমান মহিলা হিতাধিকাৰীয়ে জিলাখনত নাবাৰ্ডৰ কিছুমান উন্নয়নমূলক ভূমিকা গ্ৰহণ কৰাৰ দিশত নাবাৰ্ডৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰে। ইয়াৰ লগত সংগতি ৰাখি নাবাৰ্ডৰ অর্থসাহায্যত তথা পাঞ্জাৱ নেচনেল বেংকৰ ঢকুৱাখনা শাখাৰ সহযোগত ধেমাজিৰ বৰদলনীত আৰু ঢকুৱাখনাৰ লগতে ঘিলামৰা ব্লকত একোটিকৈ বিত্তীয় সাক্ষৰতা কেন্দ্ৰ মুকলি কৰা হয়।
প্ৰেৰক পুলকজ্যোতি বৰা