নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে দেশভক্তি দিৱস উদযাপন

বিশেষ বাৰ্তা,  ২৮ জুলাই : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা তিনিচুকীয়া জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে দেশভক্তি দিৱস উদযাপন কৰা হয়। তিনিচুকীয়াৰ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই আতঁ ধৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত সকলোৱে পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশভক্তি দিৱস উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত চিন্ময় পাঠক, অতিৰিক্ত উপায়ুক্ত পংকজ নাগবংশী, অতিৰিক্ত উপায়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, অতিৰিক্ত উপায়ুক্ত লীনা কুমাৰী পাৱে, তিনিচুকীয়া সদৰ মহকুমাধিপতি নুজহত নছৰিণ, জিলা নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, সহকাৰী আয়ুক্ত দীপাৱলী কুৰ্মী প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

প্ৰেৰক বিবেক বড়া

You might also like